ETV Bharat / entertainment

Mithun Chakraborty Birthday: বহু বিলাসী হোটেলৰ লগতে ১১৪ টা কুকুৰৰ মালিক মিথুন, মুঠ সম্পত্তিৰ মূল্য কিমান মিথুনৰ?

author img

By

Published : Jun 16, 2023, 10:47 AM IST

আজি বলীউডৰ ডিস্কো ডান্সাৰ মিথুন চক্ৰৱৰ্তীৰ জন্মদিন ৷ অভিনেতাগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ মুঠ ধন-সম্পত্তিৰ মূল্য কিমান ৷

Happy Birthday Mithun Chakraborty: Know About Mithun Chakraborty Net Worth 2023
মিথুন চক্ৰৱৰ্তীৰ জন্মদিন

চিটাৰা ডেস্ক, 16 জুন: বলীউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী কেৱল এজন ভাল অভিনেতাই নহয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদো আছিল । মিথুন চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত ‘মৃগয়া’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে ৷ প্ৰথমখন ছবিৰ বাবেই শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল মিথুনে । হিন্দীৰ বাহিৰেও তেওঁ বাংলা, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া আৰু পাঞ্জাবী ভাষাত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে ৷ সম্প্ৰতি মিথুন চক্ৰৱৰ্তীয়ে ৰাজনীতিৰ লগতে পৰিয়ালৰ লগতো নিজৰ সময় অতিবাহিত কৰি আছে ৷ আজি মিথুন চক্ৰৱৰ্তীৰ ৭৩ সংখ্যক জন্মদিন । জন্মদিনৰ এই বিশেষ ক্ষণত তেওঁৰ মুঠ সম্পত্তি আৰু উপাৰ্জনৰ বিষয়ে জানো আহক ।

৩২৭ কোটি টকাৰ সম্পত্তিৰ মালিক মিথুন চক্ৰৱৰ্তী

মিথুন চক্ৰৱৰ্তীৰ মুম্বাই, উটি, কলকাতাৰ দৰে চহৰত বহু সম্পত্তি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মিথুন চক্ৰৱৰ্তীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪ কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩২৭ কোটি।

১১৪ টা কুকুৰ আছে মিথুন চক্ৰৱৰ্তীৰ

ডিস্কোৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী কুকুৰ পালনৰ প্ৰতি অতি আকৰ্ষি ত। মুম্বাই আৰু উটিৰ বাংলোত তেওঁৰ প্ৰায় ১১৪ টা কুকুৰ আছে। মুম্বাইৰ মাড আইলেণ্ডত থকা তেওঁৰ বাংলোটোত ৭৬টা কুকুৰ থকাৰ বিপৰীতে উটিত থকা তেওঁৰ বাংলোটোত ৩৮ টা কুকুৰ আছে। উল্লেখ্য যে তেওঁ মুম্বাইত থকা নিজৰ বাংলোটোত কুকুৰৰ বাবেও বিশেষ ঘৰ সাজিছে, য’ত আছে বিলাসী সা-সুবিধা ।

বহু বিলাসী হোটেলৰ মালিক

অভিনয়ৰ উপৰিও মিথুন চক্ৰৱৰ্তীক বহু ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপেও দেখা যায় । উল্লেখ্য যে মিথুন চক্ৰৱৰ্তী ছবিৰ লগতে ব্যৱসায়ৰ ক্ষেত্ৰতো যথেষ্ট সফল । অভিনেতা হোৱাৰ উপৰিও মিথুন চক্ৰৱৰ্তী ‘মনাৰ্ক গ্ৰুপ অৱ হোটেলছ’ৰ স্বত্বাধিকাৰী । অভিনেতাগৰাকীৰ উটিত, তামিলনাডুৰ মাছিনাগুডি আৰু কৰ্ণাটকৰ মহীশূৰত বহু বিলাসী হোটেল আছে । এই হোটেলবোৰৰ পৰা মিথুনে বহুত ধন উপাৰ্জন কৰে।

৪৬ কোটি টকাৰ ঘৰত বসবাস কৰে মিথুন চক্ৰৱৰ্তীয়ে

পৰিয়াল আৰু কুকুৰৰ সৈতে মুম্বাইৰ মাড আইলেণ্ড অঞ্চলৰ এটা বিলাসী বাংলোত বসবাস কৰে মিথুনে । মাড আইলেণ্ডৰ এই ঘৰটোৰ ব্যয় প্ৰায় ৪৬ কোটি টকা । ইয়াৰ উপৰিও মুম্বাইৰ বান্দ্ৰা অঞ্চলত আন এটা বিলাসী ঘৰ আছে মিথুনৰ । ইয়াৰ উপৰিও উটিত এটা ফাৰ্ম হাউচ আছে যাৰ মূল্য প্ৰায় বহু কোটি টকা।

মিথুন চক্ৰৱৰ্তীৰ বিলাসী বাহন

উল্লেখ্য যে কোটি কোটি টকাৰ ধন-সম্পত্তি থকাৰ পিচতো মিথুন চক্ৰৱৰ্তীয়ে অতি সহজ-সৰল জীৱন যাপন কৰি ভাল পায় । যদিও বিলাসী বাহনৰ প্ৰতি অতি আকৰ্ষিত অভিনেতাগৰাকী । মাৰ্চিডিজ বেঞ্জ, ফৰ্ড এণ্ডেভাৰ, টয়োটা ফৰ্চুনাৰ আদি বহু বাহন আছে অভিনেতাগৰাকীৰ ।

লগতে পঢ়ক: Anupam Kher: পত্নীৰ জন্মদিনত বিশেষভাৱে শুভেচ্ছা জ্ঞাপন অনুপম খেৰৰ, শ্বেয়াৰ কৰিলে বহু পুৰণি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.