ETV Bharat / entertainment

Sherika De Armas: এক মাৰাত্মক ৰোগে প্ৰাণ কাঢ়িলে মিছ ৱৰ্ল্ডৰ প্ৰাক্তন প্ৰতিযোগী শ্বেৰিকা ডি আৰ্মাছৰ

মিছ ৱৰ্ল্ডৰ প্ৰাক্তন প্ৰতিযোগী শ্বেৰিকা ডি আৰ্মাছৰ দেহাৱসান ৷ ছাৰ্ভাইকেল কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ 26 বছৰ বয়সতে মৃত্যু হয় শ্বেৰিকাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:32 AM IST

Former Miss World contestant Sherika De Armas dies at 26 after two-year-long battle with cancer
শ্বেৰিকা ডি আৰ্মাছৰ দেহাৱসান

চিটাৰা ডেস্ক, 16 অক্টোবৰ: প্ৰাক্তন মিছ ৱৰ্ল্ড প্ৰতিযোগী শ্বেৰিকা ডি আৰ্মাছ আৰু নাই ৷ মাত্ৰ ২৬ বছৰ বয়সতে এই পৃথিৱীৰ পৰা বিদায় ল’লে শ্বেৰিকা ডি আৰ্মাছে । ২০১৫ চনত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত উৰুগুৱেক প্ৰতিনিধিত্ব কৰিছিল শ্বেৰিকাই । সংবাদ মাধ্যমৰ অনুসৰি শ্বেৰিকা দুবছৰ ধৰি ছাৰ্ভাইকেল কেন্সাৰৰ সৈতে যুঁজি আছিল । শ্বেৰিকা ডি আৰ্মাছৰ ভাতৃ মায়াক ডি আৰ্মাছে তেওঁৰ ভগ্নীক শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ য’ত তেওঁ লিখিছে, “ফ্লাই হাই ফৰ এভাৰ এণ্ড এভাৰ লিটল চিষ্টাৰ ।”

বর্তমানৰ মিছ উৰুগুৱেৰ শোক প্ৰকাশ

মিছ ৱৰ্ল্ডৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীৰ মৃত্যুত বর্তমানৰ মিছ উৰুগুৱে কাৰ্লা ৰোমেৰোৱে শোক প্ৰকাশ কৰিছে । ছ’চিয়েল মিডিয়াত কাৰ্লাই লিখিছে, "তেওঁ এই পৃথিৱীখনক ভালদৰে বুজি পাইছিল । মোৰ জীৱনত লগ পোৱা আটাইতকৈ ধুনীয়া মহিলাসকলৰ ভিতৰত তেওঁ আছিল অন্যতম ।"

উল্লেখ্য যে, ২০১৫ চনত চীনৰ ছানয়াত মিছ ৱৰ্ল্ডৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । এই প্ৰতিযোগিতাত শ্বেৰিকা ডি আৰ্মাছে শীৰ্ষ ৩০ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে । কিন্তু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১৮ বছৰীয়া ছয়গৰাকীৰ ভিতৰত অন্যতম আছিল শ্বেৰিকা । সেই সময়ৰ এটা আউটলেটে তেওঁৰ সৌন্দৰ্য, উচ্চতা আৰু তেওঁৰ ব্যক্তিত্বৰ প্ৰশংসা কৰিছিল ৷ লগতে তেওঁক উৰুগুৱেৰ অন্যতম আশাব্যঞ্জক প্ৰতিভা বুলি অভিহিত কৰিছিল ।

মডেল হ’ব বিচাৰিছিল শ্বেৰিকা

মিছ ৱৰ্ল্ডৰ প্ৰাক্তন প্ৰতিযোগী শ্বেৰিকা ডি আৰ্মাছে এক সাক্ষাৎকাৰত কৈছিল যে, "মই সদায় মডেল হ’ব বিচাৰিছিলো । সেয়া সৌন্দৰ্য মডেল হওক, বিজ্ঞাপন মডেল হওক বা কেটৱক মডেল হওক । মই ফেশ্বনৰ সৈতে জড়িত সকলো কথা ভাল পাওঁ । মই ভাবো সৌন্দৰ্য প্ৰতিযোগিতাত যিকোনো ছোৱালীৰ সপোন হ’ল মিছ ইউনিভাৰ্ছ (পেজেণ্ট)ত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱা ।’’

লগতে পঢ়ক: Milan Fernandez Dies: জনপ্ৰিয় কলা নিৰ্দেশক মিলান ফাৰ্নাণ্ডেজৰ দেহাৱসান; কৰ্মস্থলীতে মৃত্যুক সাৱটিলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.