ETV Bharat / entertainment

Kartik Aaryans Shehzada: বুৰ্জ খালিফাত লোকসমাগমৰ আগত জিলিকি উঠিল শ্বেহজাদা ওৰফে কাৰ্তিক আৰ্য়ান

author img

By

Published : Feb 16, 2023, 5:12 PM IST

17 ফেব্ৰুৱাৰীত মুক্তি পাবলৈ সাজু হৈছে কাৰ্তিক আৰ্য়ানৰ ‘শ্বেহজাদা’ (Shehzada release date)। ছবিখনৰ মুক্তিৰ আগতে ছবিখনৰ কিছু অংশ বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত প্ৰদৰ্শিত কৰা হৈছে ৷ এইয়া দেখি কাৰ্তিক আৰ্য়ানৰ সুখৰ সীমা নোহোৱা হৈ পৰিছে (Shehzada on Burj Khalifa) ৷

Kartik Aaryan
জিলিকি উঠিল শ্বেহজাদা ওৰফে কাৰ্তিক আৰ্য়ান

চিটাৰা ডেস্ক, 16 ফেব্ৰুৱাৰী : বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা কাৰ্তিক আৰ্য়ান দিনে নিশাই ব্যস্ত হৈ আছে তেওঁৰ আগন্তুক ছবি ‘শ্বেহজাদা’ৰ প্ৰচাৰ অভিযানত । দেশৰ বহু কেইখন চহৰত ইতিমধ্যেই ছবিখনৰ প্ৰচাৰ কৰিছে তেওঁ ৷ শেহতীয়াকৈ কাৰ্তিক আৰ্য়ান বিশ্বৰ সৰ্বোচ্চ অট্টালিকা ডুবাইৰ বুৰ্জ খালিফাত উপস্থিত হৈছে । তাৰ পৰা কাৰ্তিকে নিজৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । বুৰ্জ খালিফাত কাৰ্তিকৰ অনুৰাগীসকলৰ মাজত ‘শ্বেহজাদা’ ছবিখনৰ কিছু অংশ প্ৰদৰ্শিত কৰা হৈছে (Kartik Aaryan Shehzada trailer)।

বুৰ্জ খালিফাত উপস্থিত হোৱাৰ পিচত কাৰ্তিকক নিৰাপত্তাৰে সৈতে আগবঢ়াই লৈ যোৱা হয় ৷ কাৰ্তিকৰ বহু অনুৰাগী উপস্থিত হৈছিল বুৰ্জ খালিফাৰ কাষত । অভিনেতা কাৰ্তিক অভিভূত হৈ পৰে এই সমাগম দেখি । তেওঁৱো খুব সুন্দৰকৈ সম্ভাষণ জনাই উপস্থিত অনুৰাগী সকলক ৷ বুৰ্জ খালিফাত নিজৰ ছবিৰ কিয়দাংশ চলি থকা দেখি বৰ আনন্দিত হৈছিল অভিনেতাজন । ইয়াৰ পূৰ্বে কাৰ্তিক আৰ্য়ানে তাজমহল আৰু ইণ্ডিয়া গেটত অনুৰাগীৰ মাজত ছবিখনৰ প্ৰচাৰ কৰিছিল । কাইলৈ ​​অৰ্থাৎ 17 ফেব্ৰুৱাৰীত দেশৰ লগতে বিশ্বৰ চিনেমাগৃহত মুক্তি পাব ‘শ্বেহজাদা’ ছবিখন (Shehzada release date) ।

কাৰ্তিক আৰ্য়ান 15 ফেব্ৰুৱাৰী নিশা ডুবাইত উপস্থিত হয়গৈ । বুৰ্জ খালিফাত বলীউড আৰু হলীউডৰ বহু ছবিৰ প্ৰচাৰ কৰা হয়, যাৰ বাবে প্ৰযোজক সকলে বহু টকা খৰচ কৰিবলগীয়া হয় । অনুমান কৰিব পাৰি যে কাঁচেৰে নিৰ্মিত বুৰ্জ খালিফাৰ অট্টালিকাত কাৰ্তিকৰ ছবি ‘শ্বেহজাদা’ৰ প্ৰদৰ্শনৰ বাবেও যথেষ্ট খৰচ কৰা হৈছিল ।

কাৰ্তিক সম্পূৰ্ণ ক’লা ৰঙৰ সাজত ইয়াত উপস্থিত হৈছিল ৷ অনুৰাগী সকল তেওঁক দেখি মতলীয়া হৈ পৰে । কাৰ্তিক আৰ্য়ানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত বুৰ্জ খালিফাৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে (Kartik Aaryan video) । এই ভিডিঅ’টো শ্বেয়াৰ কৰি কাৰ্তিক আৰ্য়ানে লিখিছে, ‘শ্বেহজাদা ৱালি ফিলিংছ আহি আছে আৰু সঁচাকৈয়ে তেওঁ পৃথিৱীৰ শীৰ্ষত যেন অনুমান হৈছে’। কাৰ্তিকে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত 60 হাজাৰৰো অধিক লাইক আহিছে (Kartik Aaryan instagram) ।

কাৰ্তিক আৰ্য়ান আৰু কৃতি সেনন অভিনীত ছবি ‘শ্বেহজাদা’ পৰিচালনা কৰিছে অভিনেতা বৰুণ ধৱনৰ জ্যেষ্ঠ ভাতৃ তথা পৰিচালক ৰোহিত ধৱনে (Kartik Aaryan kriti sanon movie) । শ্বেহজাদা হৈছে চাউথ ফিল্ম ইণ্ডাষ্ট্ৰীৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু পূজা হেগড়ে অভিনীত ছবি ‘আলা বৈকুণ্ঠপুৰমলো’ৰ অফিচিয়েল হিন্দী ৰিমেক । 2020 চনত মুক্তি পোৱা আল্লু অৰ্জুনৰ এই ছবিখনে বক্স অফিচত 250 কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিছিল ।

লগতে পঢ়ক : Complaint against Akshay Kumar:দেশৰ মানচিত্ৰক অপমান কৰাৰ অভিযোগ অভিনেতা অক্ষয় কুমাৰৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.