ETV Bharat / entertainment

Emergency Release Date OUT: টিজাৰৰ সৈতে ইমাৰ্জেন্সিৰ মুক্তিৰ তাৰিখ ঘোষণা, মোক কোনেও বাধা দিব নোৱাৰে- কংগনা ৰানাৱট

author img

By

Published : Jun 24, 2023, 7:37 PM IST

Emergency ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে কংগনা ৰানাৱটে । ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ আন এক টিজাৰো অনুৰাগীৰ বাবে মুকলি কৰিছে ৷ জানো কেতিয়া মুক্তি পাব ছবিখন ৷

Emergency to release worldwide on 24th November, Watch Teaser
ইমাৰ্জেন্সিৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 24 জুন: অতি সোনকালেই অপেক্ষাৰ অন্ত পৰিব ! বলীউডৰ ‘কুইন’ কংগনা ৰানাৱটৰ বহু প্ৰত্যাশিত ৰাজনৈতিক প্ৰেক্ষাপটৰ ছবি ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ তাৰিখ ঘোষণা । শনিবাৰে অভিনেত্ৰীগৰাকীৰ বহু প্ৰত্যাশিত ছবি ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে ৷ ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ পিচতে অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই ছবিখনত কংগনা ৰানাৱটক দেশৰ প্ৰয়াত তথা প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা যাব । ছবিখনৰ মুক্তিৰ তাৰিখৰ লগতে ছবিখনৰ এটা টিজাৰো মুকলি কৰিছে কংগনাই। এই টিজাৰত অনুপম খেৰৰ বলিষ্ঠ অভিনয় আৰু কংগনাৰ আত্মপ্ৰকাশ দেখা গৈছে । কেতিয়া পাব কুইনৰ অভিনীত ছবি 'ইমাৰ্জেন্সি' মুক্তিৰ তাৰিখ ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

টিজাৰ মুকলি

১.১২ মিনিটৰ টিজাৰটোত জয় প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অনুপম খেৰে কোৱা দেখা গৈছে যে, ‘ভাৰতৰ ইতিহাসৰ আটাইতকৈ ক’লা সময় আহিল, চৰকাৰৰ শাসন নহয়, অহংকাৰৰ ৰাজত্ব এয়া ৷ এয়া আমাৰ নহয়, এই দেশৰ মৰণ, এই একনায়কত্ববাদ বন্ধ কৰিব লাগিব ।’ পিছ মুহূৰ্তত কংগনা ৰানাৱটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত কয়, ‘মোক এই দেশক ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে, কাৰণ ইন্দিৰা হৈছে ভাৰত আৰু ভাৰত হৈছে ইন্দিৰা’।

এই পোষ্টটোৰ কেপচনত কংগনা ৰানাৱটে লিখিছে, ‘এজন ৰক্ষক নে একনায়কত্ববাদী ? আমাৰ ইতিহাসৰ আটাইতকৈ ক’লা সময়ৰ সাক্ষী হওক, যেতিয়া আমাৰ জাতিৰ নেতাই নিজৰ মানুহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ।

কেতিয়া মুক্তি পাব ছবিখন ?

আজিৰ পৰা (২৪ জুন) ঠিক ৫ মাহৰ পিচত অৰ্থাৎ ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব কংগনা ৰানাৱটৰ ছবি ইমাৰ্জেন্সি । উল্লেখ্য যে, ১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । এই ছবিখন এই জৰুৰীকালীন অৱস্থাৰ ওপৰতে আধাৰিত । এই ছবিখনত কংগনা ৰানাৱট, অনুপম খেৰ, প্ৰয়াত অভিনেতা সতীশ কৌশিক, মহিমা চৌধুৰীকে ধৰি বহু অভিনেতাক ৰাজনৈতিক চৰিত্ৰত দেখা পোৱা যাব ৷

লগতে পঢ়ক: Animal Pre Teaser Video: ৰক্তপিপাসু এনিমেল হৈ পৰিল ৰণবীৰ কাপুৰ, টিজাৰত ৰণবীৰৰ ভয়ানক ৰূপ দেখি গাৰ নোম শিয়ৰি যাব আপোনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.