ETV Bharat / entertainment

জেকলিন ফাৰ্ণাণ্ডেজৰ 7.27 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে

author img

By

Published : Apr 30, 2022, 5:50 PM IST

ইডিয়ে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে ধন দাবীৰ গোচৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে (Jacqueline fernandez latest updates)। অভিনেত্ৰী গৰাকীৰ পৰা ৭.২৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে ।

ED
জেকলিন ফাৰ্ণাণ্ডেজৰ 7.27 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে

চিটাৰা ডেস্ক, 30 এপ্ৰিল: সুকেশ চন্দ্ৰশেখৰ জালিয়াতি গোচৰত বাৰে বাৰে চৰ্চালৈ অহা বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এক গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । ইডিয়ে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে ধন দাবীৰ গোচৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে (Jacqueline fernandez latest updates) ।

ইডিয়ে অভিনেত্ৰীগৰাকীৰ ৭.২৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে । জব্দ কৰা সম্পত্তিৰ ভিতৰত 7.12 কোটি টকাৰ ফিক্সড ডিপজিটও অন্তৰ্ভুক্ত আছে (ED seizes Jacqueline fernandez) । ইডিয়ে জানিব দিছে যে, ২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰা সুকেশ চন্দ্ৰশেখৰে অভিনেত্ৰীগৰাকীক ৫.৭১ কোটি টকাৰ উপহাৰ দিছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সুকেশে জেকলিনৰ পৰিয়ালৰ সদস্যসকলক প্ৰায় ১,৭৩,০০০ আমেৰিকান ডলাৰ আৰু প্ৰায় ২৭,০০০ ডলাৰ অষ্ট্ৰেলিয়ান ডলাৰ প্ৰদান কৰিছিল (Sukesh Chandrasekhar Jacqueline Fernandez news)।

সুকেশ বৰ্তমান ৰাজনীতিবিদ টিটিভি দিনাকৰণৰ সৈতে জড়িত পাঁচ বছৰ পুৰণি প্ৰৱঞ্চনাৰ গোচৰত জড়িত হৈ আছে । ইডিয়ে তেওঁক গোচৰটোৰ সন্দৰ্ভত ৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল ।

দিল্লীৰ এজন ব্যৱসায়ীৰ পত্নীৰ পৰা গৃহ মন্ত্রণালয় আৰু আইন মন্ত্রণালয়ৰ বিষয়া হিচাপে আত্মপ্ৰকাশ কৰি 215 কোটি টকা দাবী কৰাৰ অভিযোগত যোৱা বছৰ সুকেশক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ।

ইডিৰ অভিযোগপত্ৰ অনুসৰি

1.সুকেশ চন্দ্ৰশেখৰে জেকলিন ফাৰ্ণাণ্ডেজক ৫২ লাখ টকাৰ এটা ঘোঁৰা উপহাৰ দিছিল ।

2.সুকেশে জেকলিনক ১৫ যোৰ কাণফুলি, ব্ৰেচলেট আৰু চুড়ি আৰু সোণৰ চেইন উপহাৰ দিছিল ।

3.সুকেশ চন্দ্ৰশেখৰে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বাবে চাৰ্টাৰ্ড প্লেন বুক কৰিছিল ।

4.সুকেশ পিএৰ জৰিয়তে অভিনেত্ৰী জেকলিনৰ ওচৰলৈ চাপিছিল আৰু তাৰ পিছত অভিনেত্ৰীগৰাকীক চাৰ্টাৰ্ড প্লেনেৰে লগ কৰিবলৈ মাতিছিল ।

5.সুকেশে জামিনত থাকোতে জেকলিনৰ বাবে এখন চাৰ্টাৰ্ড বিমানৰ নামত ৮ কোটি টকা খৰচ কৰিছিল ।

6.ইয়াৰ উপৰিও, সুকেশে জেকলিনক এখন মিনি কুপাৰ গাড়ী উপহাৰ দিছিল আৰু 10 কোটি টকাৰ আন এটা উপহাৰ দিছিল ।

লগতে পঢ়ক: ঋষি কাপুৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী: উভতি চাওঁ আহক অভিনেতাজনৰ বিশেষ কেইখনমান ছবিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.