ETV Bharat / entertainment

Watch: জয় শ্ৰীৰাম শ্লোগানেৰে লালকিল্লাত ৰাৱণ দহন কৰিলে কংগনাই, কিন্তু ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল অঘটন - লালকিল্লাত ৰাৱণ দহন কৰিলে কংগনাই

কংগনা ৰানাৱটে ৰচিলে ইতিহাস ৷ ৰাৱণৰ দহন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হ’ল কংগনা । দশেৰাৰ দিনা দিল্লীৰ ৰাম লীলা ময়দানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে ধনু-কাঁড়েৰে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে ।

Dussehra 2023
ৰাৱণৰ দহন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হ’ল কংগনা
author img

By ANI

Published : Oct 25, 2023, 10:32 AM IST

Updated : Oct 25, 2023, 11:50 AM IST

চিটাৰা ডেস্ক, 25 অক্টোবৰ: মঙলবাৰে সমগ্ৰ দেশজুৰি অতি ধুম-ধামেৰে উদযাপন কৰা হয় দশেৰা । ইফালে কংগনা ৰানাৱটেও দশেৰা উপলক্ষে নতুন দিল্লীৰ বিখ্যাত লব-কুশ ৰামলীলাত ৰাৱণ দাহ কৰে । ইয়াৰ লগে লগে এনে কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় অভিনেত্ৰীগৰাকী । লগতে দিল্লীৰ লব-কুশ ৰামলীলা কমিটীৰ সভাপতি অৰ্জুন সিঙে কয় যে, প্ৰতি বছৰে লালকিল্লাত আয়োজন কৰা এই অনুষ্ঠানৰ ৫০ বছৰীয়া ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে কোনো মহিলাই শৰ মাৰি ৰাৱণ দহন কৰিছে ।

কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এটা ঘটনাও সংঘটিত হৈছিল ৷ দৰাচলতে কংগনাই তাত উপস্থিত হোৱাৰ আগতেই ৰাৱণৰ প্ৰতিমূৰ্তি খহি পৰিছিল । অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল, কাৰণ তাত উপস্থিত থকা সকলো লোক প্ৰতিমূৰ্তিটোৰ পৰা বহু দূৰত আছিল । ইয়াৰ পিচত ৰাৱণৰ প্ৰতিমূৰ্তি পুনৰ স্থাপন কৰা হয় আৰু জয় শ্ৰীৰাম শ্লোগান দি ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিমূৰ্তি দাহ কৰে কংগনাই । কংগনাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত আছিল । এই উপলক্ষে অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছিল ৰঙা ৰঙৰ শাৰী।

যোৱা বছৰ প্ৰভাসে ৰাৱণ দহন কৰিছিল

অধ্যক্ষ অৰ্জুন সিঙেও কংগনাৰ ৰাৱণ দহন সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰিছে । তেওঁ কয় যে যোৱা মাহত সংসদত গৃহীত হোৱা মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনোৱাৰ সময়তে কমিটীয়ে এই সিদ্ধান্ত লৈছিল । চলচ্চিত্ৰ তাৰকা হওক বা ৰাজনীতিবিদ হওক, প্ৰতি বছৰে আমাৰ অনুষ্ঠানত এজন ভিআইপি উপস্থিত থাকে । ইয়াৰ পূৰ্বে আমি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান দিছিলো । যোৱা বছৰ প্ৰভাসে ৰাৱণক দাহ কৰিছিল ।

উল্লেখ্য যে, সোমবাৰে কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে তেওঁ দিল্লীৰ ৰামলীলা ময়দানলৈ আহি ৰাৱণ দহন কৰিব । যদি আমি কংগনাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁ, অভিনেত্ৰীগৰাকী বৰ্তমান শুকুৰবাৰে মুক্তি পাবলগীয়া তেওঁৰ আগন্তুক ছবি তেজসৰ প্ৰচাৰ চলাই আছে । সৰ্বেশ মেৱাদাৰ লেখা আৰু পৰিচালিত এই ছবিখনত ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই ।

লগতে পঢ়ক: Kangana Ranaut: বিমানত হঠাৎ কাক লগ পালে কংগনাই ?

Last Updated : Oct 25, 2023, 11:50 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.