ETV Bharat / entertainment

ডাংকি নে ছালাৰ ? অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে ? - ডাংকি চিনেমা ৱিকিপিডিয়া

Dunki Vs Salaar Advance Booking Day 1: শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে । প্ৰি টিকট বিক্ৰীত কোনখন ছবি আগবাঢ়ি আছে জানো আহক ।

Dunki Vs Salaar Advance Booking Day 1: Let's find out which film is leading the pre-ticket sales
শ্বাহৰুখ খানৰ ‘ডাংকি’ আৰু প্ৰভাসৰ ‘ছালাৰ’ৰ অগ্ৰিম বুকিং
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 11:13 AM IST

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: বক্স অফিচত প্ৰায়ে দুখন ছবি একেলগে মুক্তি পোৱা দেখা যায় ৷ যাৰ বাবে দুয়োখন ছবিৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হয় । শেহতীয়াকৈ ‘এনিমেল’ আৰু ‘ছেম বাহাদুৰ’ৰ মাজত বক্স অফিচত সৃষ্টি হৈছিল সংঘৰ্ষ । এতিয়া শ্বাহৰুখ খান আৰু প্ৰভাসৰ আগন্তুক ছবি দুখনৰ মাজতো সংঘৰ্ষ হোৱা দেখা যাব । শ্বাহৰুখ খান অভিনীত ‘ডাংকি’ আৰু প্ৰভাস অভিনীত ‘ছালাৰ’ একেলগে ছবিগৃহত মুক্তি পাব ৷ অৱশ্যে ডাংকি এদিন আগত মুক্তি পাব, তাৰ পিচদিনা ছবিগৃহত মুক্তি পাব ছালাৰ ৷ গতিকে বক্স অফিচত এই দুয়োখন ছবিৰ মাজত সংঘৰ্ষ হোৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।

এই সকলোবোৰৰ মাজতে এই দুয়োখন ছবিৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে আৰু প্ৰি-টিকট বিক্ৰীৰ ক্ষেত্ৰত প্ৰভাস অভিনীত চিনেমাতকৈ শ্বাহৰুখ খানৰ ছবিখনে যথেষ্ট আগবাঢ়ি আছে । দুখন ছবিৰ ভিতৰত কোনখন ছবিৰ অধিক টিকট বিক্ৰী হৈছে জানো আহক এই প্ৰতিবেদনত ৷

‘ডাংকি’ আৰু ‘ছালাৰ’ৰ অগ্ৰিম বুকিঙত কোনখন আগবাঢ়ি আছে ?

বক্স অফিচত ‘ডাংকি’ আৰু ‘ছালাৰ’ৰ মাজত প্ৰতিযোগিতা হোৱাটো নিশ্চিত ৷ কিন্তু ইয়াৰ আগতে শ্বাহৰুখ আৰু প্ৰভাসৰ ছবিৰ আগতীয়াকৈ বুকিং কৰাৰ ক্ষেত্ৰত কঠোৰ প্ৰতিযোগিতা চলি আছে আৰু প্ৰতিযোগিতাত আগবাঢ়ি আছে ‘ডাংকি’ ।

ছেকনিল্কৰ প্ৰতিবেদন অনুসৰি ডাংকিয়ে অগ্ৰিম বুকিঙৰ প্ৰথম দিনাই ১,৪৪,৮৩০ টিকট বিক্ৰী কৰিছে আৰু এতিয়ালৈকে ৪.৪৬ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰিছে ।

ছালাৰৰ অগ্ৰিম বুকিঙৰ কথা ক’বলৈ গ’লে এই ছবিখনৰ এতিয়ালৈকে ১,৫৩,৭০৫ টিকট বিক্ৰী হৈছে।

কিং খান অভিনীত ছবিখনৰ তুলনাত প্ৰভাসৰ ছবিখনে ৮৮৭৫ টা অধিক টিকট বিক্ৰী কৰিছে, তথাপিও ইয়াৰ উপাৰ্জন হৈছে মাত্ৰ প্ৰায় ৩.৫৮ কোটি টকা ।

অৰ্থাৎ প্ৰভাসৰ ছালাৰ শ্বাহৰুখৰ ডাংকিৰ পৰা ৮৮ লাখ টকাত পিছ পৰি আছে । এতিয়া ইয়াৰ কাৰণ হ’ব পাৰে দক্ষিণ ভাৰতত টিকটৰ দাম সীমিত ।

'ডাংকি' আৰু 'ছালাৰ' কেতিয়া মুক্তি পাব ?

উল্লেখ্য যে, ‘ডাংকি’ৰ পৰিচালনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে আৰু শ্বাহৰুখ খানৰ উপৰিও ছবিখনত তাপসী পান্নু, বোমন ইৰানী, বিকি কৌশলকে ধৰি বহু অভিনেতাকে গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন । আনহাতে প্ৰভাসৰ ‘ছালাৰ’ ছবি পৰিচালনা কৰিছে প্ৰশান্ত নীলে । প্ৰভাসৰ উপৰিও শ্ৰুতি হাছান আৰু পৃথ্বীৰাজ সুকুমাৰনে এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন অহা ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: শ্বাহৰুখ খানৰ ছবি ডাংকিয়ে জিনিলে চেন্সৰ ব’ৰ্ডৰ হৃদয় !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.