ETV Bharat / entertainment

Dunki Teaser Release date: এই বিশেষ দিনটোত মুক্তি পাব শ্বাহৰুখৰ ডাংকিৰ টিজাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:09 AM IST

বৰ্তমান শ্বাহৰুখ খান ২০২৩ চনৰ তেওঁৰ তৃতীয়খন ডাঙৰ ছবি Dunki ৰ বাবে চৰ্চাত আছে ৷ শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছিল ৷ এতিয়া ছবিখনৰ টিজাৰৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে ৷

Dunki teaser to be out on Shah Rukh Khan's birthday, King Khan to plan grand event for fans in Mumbai
ডাংকি টিজাৰ মুক্তিৰ

চিটাৰা ডেস্ক, 31 অক্টোবৰ: এই বছৰটো শ্বাহৰুখ খানৰ বাবে যথেষ্ট ব্লকবাষ্টাৰ আছিল । বছৰৰ আৰম্ভণিতে তেওঁৰ ছবি পাঠান ছবিগৃহত মুকলি হৈছিল আৰু তাৰ ঠিক ৭ মাহৰ পিচত অৰ্থাৎ ছেপ্টেম্বৰ মাহত মুক্তি লাভ কৰিছিল এই বৰ্ষৰ তেওঁৰ দ্বিতীয়খন ছবি জৱান । দুয়োখন চিনেমাই পৰ্দাত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ এতিয়া ২০২৩ বৰ্ষৰ শেষত ৰিলিজ হ’ব কিং খানৰ তৃতীয়খন ছবি ‘ডাংকি’ ৷

বৰ্তমান বছৰটোৰ তৃতীয়খন ডাঙৰ ছবি ডাংকিক লৈ চৰ্চাত আছে অভিনেতাগৰাকী । শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । এতিয়া ডাংকিৰ টিজাৰ মুক্তিৰ তাৰিখে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । এতিয়া প্ৰশ্ন হয় কেতিয়া মুক্তি পাব ডাংকিৰ টিজাৰ ?

জন্মদিনত কিং খানৰ অনুৰাগীয়ে লাভ কৰিব উপহাৰ

ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খান আৰু তাপসী পান্নুৰ অভিনীত ছবি ডাংকি চৰ্চাত আছে ৷ সোমবাৰে নিশা ছ’চিয়েল মিডিয়াত #DunkiTeaser ট্ৰেণ্ড কৰিছে ।

দৰাচলতে ২ নৱেম্বৰত ছবিখনৰ টিজাৰ মুক্তি পাব বুলি জল্পনা-কল্পনা কৰা হৈছে । কিয়নো ২ নৱেম্বৰত শ্বাহৰুখ খানৰ জন্মদিন আৰু কোৱা হৈছে যে শ্বাহৰুখে নিজৰ অনুৰাগীক জন্মদিনৰ উপহাৰ হিচাপে ডাংকিৰ টিজাৰ মুকলি কৰিব ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুম্বাইত অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠান

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানে জন্মদিনত অনুৰাগীৰ বাবে মুম্বাইত এক অনুষ্ঠানৰ আয়োজন কৰিব, য’ত ডাংকিৰ টিজাৰ মুকলি কৰিব । জানিব পৰা মতে চেঞ্চৰ ব’ৰ্ডে ডাংকিৰ টিজাৰক ইউ চাৰ্টিফিকেট দিছে । এই খবৰৰ পিচতে শ্বাহৰুখ খানৰ অনুৰাগী উৎফুল্লিত হৈ পৰিছে । উল্লেখ্য যে, ৰাজকুমাৰ হিৰানী ফিল্মছ আৰু জিঅ’ ষ্টুডিঅ’ৰ সহযোগত ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ প্ৰযোজনাত নিৰ্মিত হৈছে ডাংকি ।

ছবিখনত থাকিব বিকি কৌশলৰ কেমিঅ’

উল্লেখনীয় যে, শ্বাহৰুখ খানৰ উপৰিও অভিনেত্ৰী তাপসী পান্নু, দিয়া মিৰ্জা, বোমান ইৰানীকো এই ছবিখনত দেখা যাব । ইয়াৰ উপৰিও বিকি কৌশলৰ বিশেষ কেমিঅ’ দেখা যাব ছবিখন । ডাংকিত কিং খানক দেখা যাব অন্য এক অৱতাৰত । যিটো পূৰ্বে কোনো ছবিত হয়তো আপুনি দেখা নাই । এই ছবিখন ২১ ডিচেম্বৰত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Salaar Release Date: প্ৰভাস বনাম শ্বাহৰুখ খান ! ঘোষণা হ’ল ‘ছালাৰ’ৰ নতুন মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.