ETV Bharat / entertainment

Dr Bezbarua 2: ছবিগৃহলৈ আহিল ডক্তৰ বেজবৰুৱাৰ ছিকুৱেল ডক্তৰ বেজবৰুৱা 2

author img

By

Published : Feb 3, 2023, 5:05 PM IST

মুক্তিৰ পূৰ্বেই গানৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰা ছবি ডক্তৰ বেজবৰুৱা 2 অৱশেষত আহিল ছবিগৃহলৈ (Dr. Bezbaruah 2) ৷ ছবিখনৰ প্ৰিমিয়াৰৰ দিনা প্ৰযোজকে মন্তব্য কৰিলে যে অসমকে ধৰি ভাৰতৰ আন আন ৰাজ্যতো মুক্তি দিয়া হৈছে ছবিখন ৷ লগতে এই ছবিখনে অসমীয়া ছবিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে প্ৰি বুকিঙৰ ৰেকৰ্ড গঢ়িছে বুলিও উল্লেখ কৰে তেওঁ ৷

Dr Bezbaruah's sequel Doctor Bezbaruah 2
ছবিগৃহলৈ আহিল ডক্তৰ বেজবৰুৱাৰ ছিকুৱেল ডক্তৰ বেজবৰুৱা 2

গুৱাহাটী,3 ফেব্ৰুৱাৰী : অসমৰ লগতে দেশৰ কেইবাটাও ছবিগৃহত আজি মুক্তি লাভ কৰিছে বহুচৰ্চিত অসমীয়া বোলছবি ডঃ বেজবৰুৱা 2 এ । 1969 চনৰ ছবি ব্ৰজেন বৰুৱাৰ "ডক্তৰ বেজবৰুৱা" ক মুক্তিৰ পাঁচ দশক পিছত নতুন ৰূপ দিয়া হৈছে ৷ ডক্তৰ বেজবৰুৱাৰ ছিকুৱেল ডক্তৰ বেজবৰুৱা 2 ক লৈ ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা পৰিলক্ষিত হৈছে । ডক্তৰ বেজবৰুৱা 2 ৰ মুক্তিৰ পূৰ্বে গুৱাহাটীৰ PVR ছবিগৃহত এক প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত কৰা হয় ।

বহুচৰ্চিত ছবিখন চাবলৈ লোকাৰণ্য হৈ পৰে গুৱাহাটীৰ PVR ছবিগৃহ ৷ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তি তথা আমন্ত্ৰিত লোকসকলে নিজৰ উপস্থিতিৰে ফলপ্ৰসূ কৰি তোলে অনুষ্ঠানটো ৷ ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ , পাৰ্থসাৰথি মহন্ত , মলয়া গোস্বামী, নিশিতা গোস্বামী, দীক্ষু, শান্তা উজিৰ, ডাঃ নবনীল বৰুৱা, নিতুমণি শইকীয়া, প্ৰণয় বৰদলৈ, প্ৰশান্ত ৰাজগুৰু, সীমান্ত শেখৰ, আঙুৰলতা আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে, ডঃ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনা আৰু প্ৰয়াত নিপন গোস্বামীৰ প্ৰথম পৰিচালিত ছবি ডক্তৰ বেজবৰুৱা 2 ছবিখন 3 ফেব্ৰুৱাৰীত ভাৰতৰ বিভিন্ন ৰাজ্যৰ আঠটা প্ৰেক্ষাগৃহৰ লগতে অসমৰ 142 খন পৰ্দাত মুক্তি লাভ কৰিছে । ইতিমধ্যে নয়দাৰ গেলেক্সী ছবিগৃহত ডঃ বেজবৰুৱা 2 ৰ তিনিদিনৰ আগতীয়া বুকিং সম্পন্ন হৈছে । এ এম্ টেলিভিছনৰ বেনাৰত ৰাজদ্বীপৰ কাহিনী তথা চিত্ৰনাট্য সমৃদ্ধ ছবিখনত ডক্তৰ বেজবৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইনে ৷

ছবিখনত এগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ চৰিত্ৰত জুবিন গাৰ্গে প্ৰশংসনীয় অভিনয় কৰিছে ৷ মুখ্য অভিনেতাৰ ৰূপত প্ৰয়াত নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনী,পাৰ্থসাৰথি মহন্ত আদিয়ে অভিনয় কৰিছে (Dr Bezbaruah 2 cast) । অভিনয়, সংলাপ, সুন্দৰ গীত, দৃশ্যগ্ৰহণস্থলী, ৰহস্যঘন কাহিনী আদিয়ে ডক্তৰ বেজবৰুৱা-২ ক দৰ্শকৰ বাবে অধিক উপভোগ্য কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰয়োজক সঞ্জীৱ নাৰায়ণে ।

লগতে পঢ়ক : পাঠান বিতৰ্ক সন্দৰ্ভত মুখ খুলি বিষবাষ্প বিয়পোৱা সকলক উচিত উত্তৰ দিলে শ্বাহৰুখে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.