ETV Bharat / entertainment

লাক্ষাদ্বীপক অপমান কৰাত ক্ষুব্ধ হৈ পৰিল অমিতাভ বচ্চন, বয়কট মালদ্বীপ অভিযানৰ অংশ হ’ল বিগ বি - maldives insults india

Amitabh Bachchan Tweet on Lakshadweep-Maldives Row: টিম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগৰ টুইটটো ৰিটুইট কৰি বিগ বিয়ে সমৰ্থন কৰিলে লাক্ষাদ্বীপক ৷

Don't test our self-reliance: Amitabh Bachchan amid Maldives row; promotes Lakshadweep, Andamans
লক্ষ্যদ্বীপ-মালদ্বীপ বিতৰ্কত অমিতাভ বচ্চনৰ টুইট
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:10 PM IST

চিটাৰা ডেস্ক, 8 জানুৱাৰী: শেহতীয়াকৈ লাক্ষাদ্বীপ ভ্ৰমণৰ কিছু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ফটোকেইখন শ্বেয়াৰ কৰাৰ পিচতে লাক্ষাদ্বীপ আৰু মালদ্বীপৰ মাজত পৰ্যটনৰ বাবে কোনখন দেশ ভাল তাকে ছ’চিয়েল মিডিয়াত আৰম্ভ হয় বিতৰ্কৰ । কিন্তু কেনেকৈ আৰম্ভ হয় এই বিতৰ্ক ? দৰাচলতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰে ৷ মোদীয়ে লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰাৰ পাচতে মালদ্বীপৰ নেতাসকলে মোদীক লৈ বিতৰ্কিত মন্তব্য কৰে । তেওঁলোকে কয় যে মালদ্বীপৰ সৈতে লাক্ষাদ্বীপৰ কোনো তুলনা নাই আৰু ভাৰতৰ হোটেলসমূহ অস্বাস্থ্যকৰ হয়, সেয়েহে ভ্ৰমণকাৰীক মালদ্বীপৰ দৰে সুবিধা লাক্ষাদ্বীপে প্ৰদান কৰিব নোৱাৰিব ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ভাৰতীয় নাগৰিকে আৰম্ভ কৰে 'Boycott Maldives ট্ৰেণ্ড ৷

  • Viru paji .. this is so relevant and in the right spirit of our land .. our own are the very best .. I have been to Lakshadweep and Andamans and they are such astonishingly beautiful locations .. stunning waters beaches and the underwater experience is simply unbelievable ..
    हम… https://t.co/NM400eJAbm

    — Amitabh Bachchan (@SrBachchan) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

এতিয়া ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বলীউডৰ ডাঙৰ তাৰকালৈকে সকলোৱে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লগতে সকলোৱে ভাৰতক ভ্ৰমণৰ বাবে এক উত্তম ঠাই বুলি অভিহিত কৰে । এই ক্ৰমত এতিয়া বলীউডৰ শ্বাহেনশ্বাহ অৰ্থাৎ অমিতাভ বচ্চনে লাক্ষাদ্বীপক সমৰ্থন কৰাৰ সমান্তৰালকৈ মালদ্বীপক উপযুক্ত উত্তৰ দিয়ে । ইয়াৰ সমান্তৰালকৈ তেওঁ লক্ষদ্বীপলৈ যোৱাৰ কথাও ছ’চিয়েল মিডিয়াত জনায় ।

বিগ বিয়ে মালদ্বীপক দিলে প্ৰত্যুত্তৰ

টিম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগৰ টুইট ৰিটুইট কৰি বিগ বিয়ে কয়, “আমি ভাৰতীয়, আমি আত্মনিৰ্ভৰশীল, আমাৰ আত্মনিৰ্ভৰশীলতাৰ কোনো ক্ষতি নকৰিব ।” অমিতাভ বচ্চনে আৰু লিখিছে, “বীৰু পাজি...আমাৰ নিজৰ মানুহবোৰেই শ্ৰেষ্ঠ...মই লাক্ষাদ্বীপ আৰু আন্দামানলৈ গৈছো আৰু সেইবোৰ আচৰিত ধুনীয়া ঠাই ।”

এইসকল তাৰকাই লাক্ষাদ্বীপৰ সমৰ্থনত শ্বেয়াৰ কৰিছে পোষ্ট

উল্লেখ্য যে, বীৰেন্দ্ৰ ছেহৱাগে লাক্ষাদ্বীপ আৰু আন্দামানৰ সাগৰৰ বহু ফটো শ্বেয়াৰ কৰিছে । এই সন্দৰ্ভত বলীউডৰ অভিনেতা অমিতাভ বচ্চনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে ছলমান খান, অক্ষয় কুমাৰকে ধৰি বহু বলীউডৰ তাৰকাই মালদ্বীপৰ বিবাদক লৈ আপত্তি প্ৰকাশ কৰিছে আৰু সকলোৱে লক্ষদ্বীপৰ ভ্ৰমণৰ বাবে অনুৰাগীক আহ্বান জনাইছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ শলাগ লৈছে ছলমান খানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.