ETV Bharat / entertainment

Sonu Sood: কেতিয়াবা সাধু যদি কেতিয়াবা জোকাৰ; কিয় এই ৰূপ ধাৰণ কৰিছে চনু সুদে

author img

By

Published : Aug 12, 2023, 5:15 PM IST

এআইৰ সহায়ত সৃষ্টি কৰা ছ’চিয়েল মিডিয়াত চনু সুদৰ কিছু শেহতীয়া ছবি ওলাইছে, এই ফটোসমূহত ‘ফতেহ’ ছবিৰ অভিনেতাগৰাকীক বিভিন্ন ৰূপত দেখা গৈছে ।

Different Avatars of Sonu Sood from sadhu to joker
কেতিয়াবা সাধু যদি কেতিয়াবা জোকাৰ; কিয় এই ৰূপ ধাৰণ কৰিছে চনু সুদে

ছবিৰ বাহিৰে বাস্তৱ জীৱনত নায়কৰ টেগ পোৱা অভিনেতা খুব কম । অনুৰাগীয়ে বাস্তৱ জীৱনৰ নায়ক বুলি অভিহিত কৰা কেইজনমান অভিনেতাৰ ভিতৰত অন্যতম হৈছে চনু সুদ । বলিষ্ঠ অভিনয় আৰু উদাৰতাৰ বাবে অভিনেতাগৰাকীক সকলোৰে প্ৰিয় বুলি গণ্য কৰা হয় । ইফালে এআইৰ সহায়ত সৃষ্টি কৰা ছ’চিয়েল মিডিয়াত চনু সুদৰ কিছু শেহতীয়া ছবি ওলাইছে, এই ফটোসমূহত ‘ফতেহ’ ছবিৰ অভিনেতাগৰাকীক বিভিন্ন ৰূপত দেখা গৈছে ।

চনু সুদৰ এই আচৰিত ছবিবোৰ

শনিবাৰে চনু সুদে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত কিছু শেহতীয়া ছবি শ্বেয়াৰ কৰে । এই ফটোবোৰত আপুনি দেখিব পাৰিব যে অভিনেতাসকলক বিভিন্ন ৰূপত দেখা গৈছে। AI version Sonuৰ এই ফটোবোৰত আপুনি দেখিব যে কিছুমান ছবিত তেওঁ সনাতনী আৰু কোনো কোনো ছবিত তেওঁক বিখ্যাত হলিউড চিনেমা Jokerৰ শীৰ্ষ চৰিত্ৰৰ ৰূপত দেখা গৈছে ।

ইয়াৰ বাহিৰেও আন ছবিত আপুনি চনু সুদৰ অনন্য আৰু ভিন্ন চৰিত্ৰ দেখিবলৈ পাব, যিবোৰ সঁচাকৈয়ে আকৰ্ষণীয় । এই ফটোবোৰৰ কেপচনত চনুৱে লিখিছে যে- "কোনোবাক চিনাকি যেন লাগে ।" কেৱল এয়াই নহয়, ছ’চিয়েল মিডিয়াত সকলো অনুৰাগীয়ে অভিনেতাগৰাকীৰ এই ফটোবোৰক তীব্ৰভাৱে লাইক আৰু কমেণ্ট কৰিছে ।

সকলোৱে অপেক্ষা কৰি আছে চনুৰ ছবি ‘ফতেহ’লৈ

চলচ্চিত্ৰ জীৱনৰ সময়ছোৱাত আছিক বানায়া আপনে, হেপি নিউ ইয়েৰ, সম্ৰাট পৃথ্বীৰাজ, যোদ্ধা আকবৰৰ দৰে মহান চলচ্চিত্ৰ পৰিবেশন কৰা চনু সুদক আগন্তুক সময়ত ‘ফতেহ’ ছবিত দেখা যাব । এই ছবিখনত চনুৰ সৈতে মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক ।

যদিও এই ছবিখনৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই, কিন্তু জল্পনা-কল্পনা কৰা হৈছে যে চলিত বৰ্ষৰ শেষৰ ফালে চনু আৰু জেকলিনৰ ফতেহ ছবিগৃহত মুক্তি পাব পাৰে । বৰ্তমান চনুক এমটিভিৰ বিখ্যাত শ্ব’ ৰ’ডিজত বিচাৰক হিচাপে দেখা গৈছে ।

লগতে পঢ়ক: Sonu Sood Birthday Special: ৫ হাজাৰ টকালৈ মুম্বাইলৈ আহিছিল চনু সুদ, কৰ’না কালত ৰিল লাইফৰ ভিলেইন হৈ পৰিল বাস্তৱৰ হিৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.