ETV Bharat / entertainment

Delhi HC Order On Jawan: ছ’চিয়েল মিডিয়া প্লেটফৰ্মক জৱান ছবিৰ ক্লিপ আঁতৰাবলৈ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে

শ্বাহৰুখ খানৰ অভিনীত ছবি ‘জৱান’ৰ ক্লিপ ফাদিল ৷ এই বিষয়টোক লৈ চলচ্চিত্ৰ প্ৰযোজক ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ৷ আবেদনৰ ভিত্তিত ৰায়দান প্ৰদান কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে ৷

author img

By

Published : Apr 26, 2023, 10:37 AM IST

Updated : Apr 26, 2023, 11:33 AM IST

Delhi High Court orders social media platforms to remove leaked clip of film jawan
জৱানক লৈ দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা

চিটাৰা ডেস্ক, 26 এপ্ৰিল: শ্বাহৰুখ খানৰ অভিনীত ছবি পাঠানৰ সফলতাৰ পিচতে অভিনেতাগৰাকীৰ আগন্তুক ছবি ‘জৱান’ক লৈ উৎসুক হৈ আছে অনুৰাগী ৷ কিন্তু শেহতীয়াকৈ ছবিখনক লৈ কিছু বিসংগতিৰ সৃষ্টি হৈছে ৷ কাৰণ ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বেই ছবিখনৰ কিছু ক্লিপ ফাদিল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ সেয়াহে, মঙলবাৰে ছবিখনক লৈ দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে নিৰ্দেশনা (Delhi High Court order On film Jawan) ৷

‘জৱান’ৰ ক্লিপ ফাদিল হোৱাৰ পাচতে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম, ৱেবছাইট, কেবল টিভি আউটলেট, ডাইৰেক্ট টু হোম সেৱা আৰু বিভিন্ন প্লেটফৰ্মত ফাদিল হোৱা ক্লিপ আঁতৰোৱাৰ নিৰ্দেশ দিয়ে (Shah Rukh Khan and Deepika Padukone) । লগতে উচ্চ ন্যায়ালয়ে ছবিখনৰ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানৰ প্ৰডাকচন হাউচ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এই বিষয়ত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল (Shah Rukh Khan)।

ন্যায়াধীশ চি হৰি শংকৰৰ নেতৃত্বত দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মঙলবাৰে ইউটিউব, গুগল, টুইটাৰ, ৰেডিটৰ দৰে ছ’চিয়েল মিডিয়া চাইটসমূহক ছবিখনৰ কপিৰাইটযুক্ত সামগ্ৰীৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে (Jawan shoot end) । আদালতে কেইবাটাও ইণ্টাৰনেট সেৱা প্ৰদানকাৰীক ছবিখনৰ ফুটেজ দেখুওৱা বা চোৱাৰ বাবে উপলব্ধ কৰা ৱেবছাইটসমূহত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ মতে, ছ’চিয়েল মিডিয়াত ছবিখনৰ সৈতে জড়িত দুটা ভিডিঅ’ ফাদিল হৈছিল, এটাত শ্বাহৰুখ খানৰ যুঁজৰ দৃশ্য আৰু আনটোত নৃত্যৰ ছিকুৱেন্স দেখুওৱা হৈছে (Shah Rukh Khan Jawan) ।

আদালতক জনোৱা অনুসৰি, এই ফাদিল ভিডিঅ’ ক্লিপসমূহ আবেদনকাৰীৰ কপিৰাইট/বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ উলংঘা কৰা হৈছে, যিয়ে আবেদনকাৰীক ক্ষতি কৰিছে । লিক হোৱা ভিডিঅ’ ক্লিপবোৰত ছবিখনৰ অভিনেতাক দেখুৱাৰ লগতে সংগীতো দিয়ে, যি দুয়োটা কথা সাধাৰণতে ছবি এখনৰ ক্ষতি কৰে (Deepika Padukone) ।

ষ্টুডিঅ’ৰ বন্ধ দুৱাৰৰ আঁৰত শ্বুট কৰা ছবিখনৰ চেটৰ নিৰ্দিষ্ট ছবিসমূহ ফাদিল কৰা বুলিও দাবী কৰা হৈছে (Deepika Padukone Jawan)। আবেদনখনত উল্লেখ কৰা হৈছে যে ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহে কপিৰাইট সুৰক্ষিত সামগ্ৰী আৰু অন্যান্য মালিকানাধীন তথ্য বিভিন্ন প্লেটফৰ্মত অধিক কপি আৰু বিতৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰা হৈছিল । লিক হোৱা ভিডিঅ’ ক্লিপটোৰ এনে প্ৰকাশ আৰু অকৰ্তৃত্বশীল প্ৰচাৰে উক্ত ছবিখনত আবেদনকাৰীৰ প্ৰচাৰ আৰু শোষণৰ অধিকাৰ বিপন্ন কৰিব বুলি আবেদনকাৰীয়ে আশংকা কৰিছে । (IANS)

লগতে পঢ়ক: Jawan release date Postponed : কিয় পিছুৱাই দিবলগীয়া হ’ল শ্বাহৰুখ খানৰ ছবি জৱানৰ মুক্তিৰ তাৰিখ ?

Last Updated : Apr 26, 2023, 11:33 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.