চিটাৰা ডেস্ক, 7 অক্টোবৰ : হলীউডত বৰ্ণবাদৰ সন্মুখীন হোৱাৰ কথা মুকলিকৈ ক’লে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনে । 2017 চনত XXX: Return of Xander Cage ৰ জৰিয়তে হলীউডত অভিষেক ঘটোৱা অভিনেত্ৰী গৰাকীয়ে ইয়াৰ পিছত হলীউডত আন কোনো প্ৰজেক্টত স্বাক্ষৰ কৰা নাই । হলীউডত অভিষেক ঘটোৱাৰ প্ৰায় পাঁচ বছৰৰ পিছত দীপিকাই মুকলি কৰিছে তেওঁ কিয় ইমান দিনে পশ্চিমীয়া ছবিত অভিনয় নকৰাকৈ আছে !
পেৰিছ ফেশ্বন সপ্তাহ 2022 ৰ Louis Vuitton শ্ব'ত অংশগ্ৰহণ কৰিবলৈ পেৰিছলৈ যাত্ৰা কৰা দীপিকাই শেহতীয়া এক সাক্ষাৎকাৰত হলীউডত বৰ্ণবাদৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে (Deepika Padukone on racism) । এখন আলোচনীৰ সৈতে হোৱা সাক্ষাৎকাৰত দীপিকাই প্ৰকাশ কৰিছে যে যি সময়ত চলচ্চিত্ৰ নিৰ্মাতা আৰু তাৰকাসকলে মনোৰঞ্জন জগতত কোনো সীমা নৰখাকৈ অন্তৰ্ভুক্তিৰ বিষয়ে উৎসাহেৰে কথা পাতি আছে সেই সময়ত তেওঁ কিয় হলীউডৰ পৰা আঁতৰি আছে ?
এখন আলোচনীৰ সৈতে কথা পাতি দীপিকাই কয়, "মই এজন অভিনেতাক চিনি পাওঁ... মই তেওঁক এই ভেনিটি ফেয়াৰ পাৰ্টীত লগ পাইছিলো আৰু তেওঁ কৈছিল 'হেই বাই দ্য ৱে, আপুনি ইংৰাজী সঁচাকৈয়ে ভালকৈ কয়' ৷ মই বুজিব পৰা নাছিলো তেওঁ আচলতে কৈছিল কি ৷ উভতি আহোঁতে মই সুধিলো, ‘আপুনি সঁচাকৈয়ে ভালদৰে ইংৰাজী কয় বুলি কৈ আপুনি কি বুজাইছে' ? তেওঁৰ এই ধাৰণা আছিল নেকি যে আমি ইংৰাজী নকওঁ” ?
"মোৰ অনুৰাগীসকলে মোক সুধিছিল যে মই কিয় গোলকীয়ভাৱে অধিক চিনেমা কৰা নাই । মোৰ মতে মই, আমি সকলো সেইবোৰতকৈ বহুত বেছি । যিমানবাৰ মই আমেৰিকালৈ গৈছিলো এই কথাই মোক প্ৰতিবাৰেই বিচলিত কৰিছিল । তেওঁলোকে কোৱা কিছুমান কথা আৰু কৰা কিছুমান কামে ইয়াক ইমান স্পষ্ট কৰি তোলে যে তেওঁলোকে বাস কৰা পৃথিৱীখনৰ বাহিৰতো যে এখন পৃথিৱী আছে সেই কথা তেওঁলোকে নাজানে", হলীউডত বৰ্ণবাদৰ সন্মুখীন হোৱাৰ প্ৰসংগত এই মন্তব্য দিয়ে দীপিকাই ৷
কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে দীপিকাৰ কেইবাটাও প্ৰজেক্ট আছে ৷ 4 বছৰৰ পিছত শ্বাহৰুখ খানৰ সৈতে বহু চৰ্চিত ছবি পাঠানত দেখবলৈ পোৱা যাব দীপিকাক । দীপিকাক অমিতাভ বচ্চনৰ সৈতে দ্য ইণ্টাৰন ৰিমেক আৰু প্ৰজেক্ট কে তো দেখা যাব । তদুপৰি তেওঁ হৃত্বিক ৰোশন আৰু অনিল কাপুৰৰ সৈতে ফাইটাৰটো অভিনয় কৰিছে ।
লগতে পঢ়ক : ছাজিদ খানকলৈ বিগবছৰ নিৰ্মাতাসকলৰ ওপৰত ক্ষোভ উজাৰিলে উৰ্ফী জাভেদে