চিটাৰা ডেস্ক, 16 আগষ্ট: অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টৰ ডাঙৰ সকাহ । সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজক আদালতে পূৰ্বে বিনা অনুমতিত বিদেশলৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ এতিয়া দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে এই ক্ষেত্ৰত জেকলিনক এক বৃহৎ সকাহ প্ৰদান কৰিছে ৷ এতিয়া অনুমতি অবিহনে জেকলিনক বিদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ৷ পাটিয়ালা হাউছ আদালতে জেকলিনৰ জামিনৰ চৰ্ত সলনি কৰাৰ সিদ্ধান্ত লয় আৰু কয় যে তেওঁ দেশ এৰি যোৱাৰ ৩ দিনৰ আগতে আদালত আৰু ইডিক অৱগত কৰিব লাগিব ৷
ইডিক ৩ দিন আগতে অৱগত কৰিব লাগিব জেকলিনে
দেশৰ বাহিৰলৈ যোৱাৰ পূৰ্বে জেকলিনে ইডি আৰু আদালতক তিনিদিন আগতীয়াকৈ অৱগত কৰিব লাগিব । অৰ্থাৎ জেকলিনে যদি নিজৰ কোনো প্ৰজেক্টৰ সৈতে জড়িত হৈ বিদেশলৈ যায়, তেন্তে আদালতৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই । যোৱা বছৰৰ নৱেম্বৰ মাহত ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজক জামিন প্ৰদান কৰাৰ সময়ত আদালতে চৰ্ত দিছিল যে আদালতৰ পূৰ্বৰ অনুমতি অবিহনে তেওঁ দেশ এৰি যাব নোৱাৰিব । কিন্তু বৰ্তমান আদালতে জামিনৰ চৰ্ত কিছু শিথিল কৰে ৷
বিদেশলৈ যোৱাৰ আগতে দিব লাগিব সবিশেষ
আদালতে কয় যে জেকলিনে ছবি জগতত কাম কৰে, তেওঁৰ কামৰ সৈতে জড়িত হৈ অবিৰতভাৱে বিদেশ ভ্ৰমণ কৰিবলগীয়া হয়, বিদেশলৈ যোৱাৰ আগতে তেওঁ কোনখন দেশলৈ যাব, কিমান দিন তাত থাকিব সেই বিষয়ে সকলো সবিশেষ দিব লাগিব । লগতে ঠিকনা আৰু ফোন নম্বৰো দিব লাগিব ।
জামিনৰ চৰ্তত শিথিলতাৰ বাবে আবেদন কৰিছিল জেকলিনে
ইতিমধ্যে জেকলিন ফাৰ্নাণ্ডেজে জামিনৰ চৰ্ত শিথিল কৰাৰ বাবে আদালতত আবেদন জনাইছিল, মে’ মাহত আবেদন দাখিল কৰাৰ পিছচ পাটিয়ালা হাউছ আদালতে জেকলিন ফাৰ্নাণ্ডেজক ডুবাইত অনুষ্ঠিত হোৱা আইফা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছিল।