চিটাৰা ডেস্ক, 11 আগষ্ট: কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ কাৰাগাৰত থকা স্বত্বেও কিবা নহয় কিবা কাৰণত লাইমলাইটত থাকে ৷ কাৰাগাৰৰ পৰাই কেইবাবাৰো অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছলৈ চিঠি প্ৰেৰণ কৰিছিল সুকেশ ৷ ক’বলৈ গ’লে কাৰাগাৰৰ পৰা চিঠি লিখা যেন দিনক দিনে সুকেশৰ অভ্যাসত পৰিণত হ’ল ৷ এইবাৰ পুনৰ জেকলিনলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্চাত আহিছে সুকেশ ৷

দৰাচলতে আজি অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছৰ জন্মদিন ৷ যিহেতু আজি জেকলিনৰ জন্মদিন, এনে ক্ষেত্ৰত সুকেশে জেকলিনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ নকৰাকৈ কেনেকৈনো থাকিব ৷ সেয়েহে, কোটি কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত দিল্লী কাৰাগাৰত বন্দী হৈ থকা সুকেশে পুনৰবাৰ জেকলিন ফাৰ্নাণ্ডেজলৈ প্ৰেমৰ পত্ৰ প্ৰেৰণ কৰিছে । জেকলিনৰ জন্মদিনত লিখা এই প্ৰেমপত্ৰখনত সুকেশে নিজৰ মনৰ কথা ব্যক্ত কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, চিঠিখন লিখা হৈছে হিন্দী ভাষাত ।
সুকেশে তেওঁৰ প্ৰেমৰ পত্ৰখনত লিখিছে, “মোৰ প্ৰিয় পৃথিৱীৰ আটাইতকৈ ধুনীয়া বোমা জেকী (জেকলিন ফাৰ্নাণ্ডেজ)...এজোপা গছত হাজাৰ হাজাৰ ফুল ফুলে কিন্তু তাৰে ভিতৰত এটা বিশেষ ফুল থাকে...জীৱনত হাজাৰ হাজাৰ স্মৃতি আহে, কিন্তু ইয়াৰ ভিতৰত এটা বিশেষ স্মৃতি থাকে । যিটোৱে হৃদয় স্পৰ্শ কৰে আৰু প্ৰেমত পাগল কৰি দিয়ে ৷ ’’
সুকেশে লগতে লিখিছে, “আজি মই ঈশ্বৰক কিবা এটা বিচাৰিছো, তেওঁৰ আগত মূৰ দোৱাইছো । পৃথিৱীৰ সকলো সুখ তোমাৰ চৰণত ৰাখিম । তোমাৰ সকলো দুখ মই লৈ যাম তোমাৰ প্ৰতিটো সপোন, প্ৰতিটো ইচ্ছা পূৰণ হওক ৷ বাৰ বাৰ দিন য়ে আয়ে . . . বাৰ বাৰ দিল য়ে গায়ে.. তুম জিয়ো হাজাৰো চাল... জন্মদিনৰ শুভেচ্ছা..জন্মদিনৰ শুভেচ্ছা..আই লাভ ইউ মেৰী জান ।”
লগতে পঢ়ক: Sukesh Chandrashekhar: ইষ্টাৰৰ দিনা জেকলিনলৈ ৰোমান্টিক চিঠি প্ৰৱঞ্চক সুকেশৰ
লগতে পঢ়ক: Sukesh Love Letter: কাৰাগাৰৰ পৰাই জেকলিনলৈ প্ৰেৰণ প্ৰেম পত্ৰ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ