ETV Bharat / entertainment

জেকলিনক ভাবুকি সুকেশৰ ! মেছেজ, স্ক্ৰীণশ্বট, ৰেকৰ্ডিং ভাইৰেল কৰাৰ ভাবুকি

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:50 PM IST

Sukesh Chandrashekhar: প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে পাটিয়ালা হাউছ ক’ৰ্টৰ কাষ চাপিছে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ ।

Conman Sukesh Chandrashekhar sent a threatening letter from jail
জেকলিন ফাৰ্নাণ্ডেজক ভাবুকি সুকেশৰ

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ : ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত কাৰাবাস খাটি আছে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ ৷ বলীউডৰ বহু অভিনেত্ৰীক বিলাসী উপহাৰ দি প্ৰেমৰ জালত পেলাইছিল সুকেশে ৷ এই তালিকাৰ শীৰ্ষত নাম আছে জেকলিন ফাৰ্নাণ্ডেজৰ ৷ সুকেশে কাৰাগাৰৰ পৰাই বহুবাৰ চিঠিৰ জৰিয়তে জেকলিনৰ বাবে প্ৰকাশ কৰি আহিছে নিজৰ প্ৰেম ৷ বহুবাৰ কাৰাগাৰৰ পৰা প্ৰেম পত্ৰ প্ৰেৰণ কৰিছে সুকেশে ৷ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে জেকলিনলৈ প্ৰেম পত্ৰৰ সলনি ভাবুকি পত্ৰ প্ৰেৰণ কৰিছে ৷

শেহতীয়াকৈ জেকলিনে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে সুকেশক তেওঁৰ বিৰুদ্ধে তথ্য দিয়া বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হওক । সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ বাতিল কৰিবলৈও অনুৰোধ জনাইছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সুকেশে জেকলিনৰ নাম নোলোৱাকৈ এখন চিঠি প্ৰেৰণ কৰিছে । চিঠিখনত নাম নোলোৱাকৈয়ে এগৰাকী ব্যক্তিৰ প্ৰকৃত মুখা উদঙাই দিব বুলি ভাবুকি প্ৰদান কৰিছে প্ৰৱঞ্চকটোৱে । লগতে চিঠিখনত কৈছে যে সেই ব্যক্তিগৰাকীৰ মেছেজ, স্ক্ৰীণশ্বট আৰু ৰেকৰ্ডিং মুকলি কৰিব । প্ৰতিবেদন অনুসৰি, সুকেশে দাবী কৰে যে তেওঁ এই ব্যক্তিগৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ ফ’ল’ৱাৰ বৃদ্ধিৰ বাবে ধন দিছিল ।

সুকেশৰ চিঠিৰ বিৰুদ্ধে আদালতত দাৰস্থ জেকলিন

২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত অভিযুক্ত সুকেশে চিঠিখনত লিখিছে, ‘‘পৃথিৱীয়ে সত্য জানিব লাগিব । আচল সত্য কি সেয়া জানিব লাগে ।’’ ইফালে, বুধবাৰে জেকলিনে সুকেশৰ চিঠি সন্দৰ্ভত দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টৰ কাষ চাপিছিল । তেওঁ মণ্ডোলী জেলৰ অধীক্ষক আৰু দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখা (ই অ’ ডব্লিউ)ক চন্দ্ৰশেখৰক তেওঁৰ বিষয়ে আৰু কোনো চিঠি, বক্তব্য বা বাৰ্তা নিদিবলৈ নিৰ্দেশ বিচাৰিছিল ।

চন্দ্ৰশেখৰৰ ১৫ অক্টোবৰত লিখা পত্ৰৰ উদ্ধৃতি দি আবেদনখনত কোৱা হৈছে যে ইয়াত আমনিদায়ক কথা লিখা হৈছে । সংবাদ মাধ্যমেও ইয়াক ব্যাপকভাৱে প্ৰকাশ কৰিছে । আৱেদনখনত লগতে কোৱা হৈছে যে, ‘‘জেকলিনৰ সৈতে যোগাযোগ স্থাপনৰ লক্ষ্যৰে চন্দ্ৰশেখৰে সাক্ষী নোহোৱা কৰিবলৈ চেষ্টা কৰিছে । তেওঁৰ স্পষ্ট উদ্দেশ্য হৈছে জেকলিনক মানসিকভাৱে অশান্তি কৰা ।

লগতে পঢ়ক: ধন সৰবৰাহৰ গোচৰত জেকলিনক সকাহ, ইডিলৈ জাননী প্ৰেৰণ দিল্লী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.