চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: বলীউড জগতৰ পৰা আহিছে এটা দুখবৰ ৷ মঙলবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ কৌতুক অভিনেতা সতীন্দৰ কুমাৰ খোছলাই । সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত মৃত্যু হয় কৌতুক অভিনেতাগৰাকীৰ । প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ বন্ধু তথা সহকৰ্মী জুগনুৱে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বীৰবল ওৰফে সতীন্দৰ কুমাৰ খোছলাৰ মূৰত ছাদৰ পৰা পৰিছিল কংক্ৰিটৰ টুকুৰা, যাৰ বাবে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁ । কোৱা হৈছে যে অভিনেতাজন আহত হোৱা একে ঠাইতে ইয়াৰ পূৰ্বেও দুবাৰকৈ আঘাতপ্ৰাপ্ত হৈছিল । তেওঁৰ আঘাত যথেষ্ট গভীৰ আছিল । প্ৰাৰম্ভিক চিকিৎসাৰ অন্ততঃ চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰ বাবে পৰামৰ্শ দিছিল । এই আঘাতৰ বাবেই দুমাহ পূৰ্বে সতীন্দৰৰ অস্ত্ৰোপচাৰ হৈছিল ৷ কিন্তু তথাপিও তেওঁ সুস্থ হৈ উঠিব পৰা নাছিল ।
-
Supremely Talented #BirbalKhosla ji is no more... Irrepairable Loss 💔
— Girish Johar (@girishjohar) September 12, 2023 " class="align-text-top noRightClick twitterSection" data="
God Bless the departed soul & give strength to the family 🙏🏼🕉💐#RIP pic.twitter.com/W3kmwCFk5A
">Supremely Talented #BirbalKhosla ji is no more... Irrepairable Loss 💔
— Girish Johar (@girishjohar) September 12, 2023
God Bless the departed soul & give strength to the family 🙏🏼🕉💐#RIP pic.twitter.com/W3kmwCFk5ASupremely Talented #BirbalKhosla ji is no more... Irrepairable Loss 💔
— Girish Johar (@girishjohar) September 12, 2023
God Bless the departed soul & give strength to the family 🙏🏼🕉💐#RIP pic.twitter.com/W3kmwCFk5A
হিন্দীৰ পৰা মাৰাঠী ছবিলৈকে কাম কৰিছিল
সতীন্দৰ কুমাৰ খোছলা দৰ্শকৰ মাজত বীৰবল নামেৰে অধিক পৰিচিত আছিল । তেওঁৰ বীৰবলৰ শৈলী দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল । ১৯৬৭ চনত মনোজ কুমাৰৰ ছবি ‘উপকাৰ’ৰ জৰিয়তে সতীন্দৰ কুমাৰ খোছলাই চিনেমা জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে । ইয়াৰ পিচত তেওঁ প্ৰায় ৫০০ ছবিত কাম কৰিছে । ইয়াৰ ভিতৰত আছে মাৰাঠী, হিন্দী, পাঞ্জাবী আৰু ভোজপুৰী ছবি ।
মনোজ কুমাৰ আৰু পৰিচালক ৰাজ খোছলাই সতীন্দৰক নতুন নাম দিছিল । তেওঁ কৌতুক অভিনেতা হিচাপে নাম সলনি কৰি বীৰবল কৰি লয় । মনোজ কুমাৰৰ ৰুটি কাপড়া ঔৰ মকান (১৯৭৪) আৰু ক্ৰান্তি (১৯৮১) ছবিত তেওঁৰ ভূমিকা আছিল উল্লেখযোগ্য । শ্বোলে (১৯৭৫), সোৰাজ (১৯৭৭) ছবিতো তেওঁ অভিনয় কৰিছিল । দেৱ আনন্দৰ অমীৰ গৰিব (১৯৭৪) ছবিত তেওঁৰ ভূমিকাক অতিশয় প্ৰশংসা কৰা হৈছিল । ইফালে সতীন্দৰ কুমাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অনুৰাগীৰ লগতে বলীউড উদ্যোগে ।
লগতে পঢ়ক: G Marimuthu Died: জেইলাৰৰ অভিনেতা জি মৰিমুথুৰ দেহাৱসান