ETV Bharat / entertainment

Sunil Grover: অনুৰাগীৰ চুলি কাটিলে সুনীল গ্ৰ’ভাৰে, ব্যৱহাৰকাৰীসকলে সুধিলে ক’লে - কিমান উপাৰ্জন কৰে চুলি কাটি

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:52 PM IST

সুনীল গ্ৰ’ভাৰে শেহতীয়াকৈ এটা ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত তেওঁক অনুৰাগীৰ চুলি কাটি থকা দেখা গৈছে ৷ সুনীল গ্ৰ’ভাৰৰ এই ভিডিঅ’টো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

Comedian Sunil Grover cuts hair, delights fans with his skills
সুনীল গ্ৰভাৰে শেহতীয়াকৈ এটা ভিডিঅ’টো শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ: কেৱল কমেডীৰেই নহয়, নিজৰ অভিনয় দক্ষতাৰে অনুৰাগীক মনোৰঞ্জন দি আহিছে কমেডিয়ান সুনীল গ্ৰ’ভাৰে । ইয়াৰ বাহিৰেও অভিনেতাগৰাকী ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় । প্ৰায়ে নিজৰ দৈনিক জীৱনৰ মুহূৰ্তবোৰ ভিডিঅ’যোগে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে সুনীল গ্ৰ’ভাৰে । শেহতীয়াকৈ সুনীলে এনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো দেখি আচৰিত হৈ পৰে অনুৰাগীসকল ।

অনুৰাগীৰ চুলি কাটিলে সুনীল গ্ৰ’ভাৰে

এই ভিডিঅ’টোৰ কেপচনত সুনীল গ্ৰ’ভাৰে লিখিছে - দেওবাৰ সৰ্বোত্তম । ভিডিঅ’টোত সুনীলে এজন অনুৰাগীৰ চুলি কাটি থকা দেখা গৈছে। গৰুকৃপা হেয়াৰ কাটিং চেলুনত দেখা গৈছে অভিনেতাগৰাকীক । ভিডিঅ’টোত এই এখন সৰু চেলুন যেন দেখা পোৱা গৈছে । বগা টি-চাৰ্ট আৰু নীলা চুটি কাপোৰ পৰিধান কৰা সুনীলে অতি মনোযোগেৰে অনুৰাগীৰ চুলি কাটি থকা দেখা যায় । কেৱল ইমানেই নহয়, আইনাত চাই নিজৰ চুলি ষ্টাইল কৰাও দেখা গ’ল সুনীলক ৷

ইয়াৰ পিচতে ব্যৱহাৰকাৰীসকলে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া

ভিডিঅ’টোৰ পটভূমিত বাজি আছে চৌধহৱি কা চান্দ হো তুম গীত। সুনীলৰ এনে সাধাৰণ জীৱন-যাপনত অনুৰাগীসকলে খুবেই ভাল পায় ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে – চুলি কাটি কিমান উপাৰ্জন কৰে ? আন এজনে লিখিছে - বৰ ভাল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ইয়াক মাটিৰ পৰা উঠা অভিনেতা বুলি কোৱা হয়। মই আপোনাৰ বহুত ভাল পাওঁ ছাৰ।

উল্লেখ্য যে সুনীলে ইয়াৰ পূৰ্বেও বহুতো অনুৰূপ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এটা ভিডিঅ’ত তেওঁক এটা পথত বহি কাপোৰ ধুই থকা দেখা গৈছে। আন এটা ভিডিঅ’ত তেওঁক শাক-পাচলি বিক্ৰী কৰা দেখা গৈছে । এখন ফটোত তেওঁক পথত বহি ছাতি বিক্ৰী কৰা দেখা গৈছে । আনকি তেওঁ কুঁহিয়াৰ বিক্ৰী কৰা আৰু ৰোটি বনোৱা ফটো আৰু ভিডিঅ’বোৰ বাতৰিৰ শিৰোনামত আছিল ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে এতিয়া শ্বাহৰুখ খানৰ ছবি জৱানত দেখা যাব সুনীলক । এই ছবিখনৰ 7 ছেপ্টেম্বৰত ছবিগৃহত মুকলি হ’ব ।

লগতে পঢ়ক: Sunil Grover: শ্বাহৰুখ খানৰ জৱানৰ জৰিয়তে বাস্তৱায়িত হ’ল সুনীল গ্ৰ’ভাৰৰ ডাঙৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.