ETV Bharat / entertainment

ব্ৰহ্মাস্ত্ৰৰ টিজাৰ শ্বেয়াৰ কৰিলে আলিয়া ভাটে, জানক কেতিয়া মুকলি হ’ব ছবিখনৰ ট্ৰেইলাৰ

আলিয়া ভাটে স্বামী ৰণবীৰ কাপুৰৰ সৈতে 'ব্ৰহ্মাস্ত্ৰ' ছবিখনৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে এটা টিজাৰো শ্বেয়াৰ কৰিছে, য'ত অমিতাভ বচ্চনৰ পৰা মৌনী ৰয়লৈকে সকলোৰে নিখুঁত অভিনয় দেখিবলৈ পোৱা গৈছে (Brahmastra Trailer) ।

author img

By

Published : May 31, 2022, 9:28 PM IST

brahmastra trailer
জানক কেতিয়া মুকলি হ’ব ছবিখনৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 31মে’ : আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ প্ৰথম ছবি 'ব্ৰহ্মাস্ত্ৰ'ৰ ট্ৰেইলাৰৰ বাবে অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে ৷ এতিয়া অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাইছে আলিয়াই । আলিয়া ভাটে ছবিখনৰ এটা টিজাৰ শ্বেয়াৰ কৰিছে য’ত ছবিখনৰ ট্ৰেইলাৰ কেতিয়া মুক্তি পাব সেয়া জনোৱা হৈছে (Brahmastra Trailer release date) । আলিয়াই শ্বেয়াৰ কৰা টিজাৰটোত প্ৰায় সকলো চৰিত্ৰকে দেখিবলৈ পোৱা গৈছে ।

আলিয়া ভাটে শ্বেয়াৰ কৰা টিজাৰত অমিতাভ বচ্চন, নাগাৰ্জুন, ৰণবীৰ কাপুৰ আৰু মৌনী ৰয়কে ধৰি সকলোৰে চৰিত্ৰ ফুটি উঠিছে । 32 ছেকেণ্ডৰ ভিডিঅ'টোত সকলোৰে ভয়ংকৰ অৱতাৰ দেখিবলৈ পোৱা গৈছে ।

আলিয়া ভাটে ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "ঠিক ১০০ দিনৰ পিছতে, ছবিখনৰ প্ৰথম অংশটো আপোনালোকে উপভোগ কৰিবলৈ পাব । ছবিখনৰ ট্ৰেইলাৰ ১৫ জুনত মুক্তি পাব " ৷

ছবিখনৰ প্ৰথম অংশৰ অন্তিম দৃশ্যগ্ৰহণ কাশীত সম্পূৰ্ণ হৈছিল । চলচ্চিত্ৰখনৰ পৰিচালক অয়ন মুখাৰ্জী আৰু মুখ্য তাৰকাদ্বয় আলিয়া ভাট আৰু ৰণবীৰ সিঙে দৃশ্যগ্ৰহণ সমাপ্ত কৰি কাশী মন্দিৰ দৰ্শন কৰিছিল (Brahmastra movie cast) । সকলো চেলিব্ৰিটীয়ে ইয়াৰ পৰা ধুনীয়া ফটোও শ্বেয়াৰ কৰিছিল ।

আলিয়া আৰু ৰণবীৰে বাৰাণসীত 'ব্ৰহ্মাস্ত্ৰ' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়ত তেওঁলোকৰ বহুতো ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল । বাৰাণসীৰ বহু ঠাইত দৃশ্যগ্ৰহণ কৰা হৈছিল ছবিখনৰ ৷

ছবিখন প্ৰযোজনা কৰিছে কৰণ জোহৰে । চলচ্চিত্ৰখন সম্পূৰ্ণ কৰাৰ অন্তত তেওঁলোকে কাশীৰ মন্দিৰ দৰ্শন কৰে ৷ প্ৰায় পাঁচ বছৰৰ পিছত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পিছত, আয়ান, ৰণবীৰ আৰু আলিয়াই কাশী মন্দিৰ পৰিদৰ্শন কৰে । ছবিখন এই বছৰৰ ৯ ছেপ্টেম্বৰত মুক্তি পাব (Brahmastra release date) ।

লগতে পঢ়ক: Laal Singh Chaddha : লাল সিং চাড্ডাৰ অংশ আছিল চেইফ-কৰীণা পুত্ৰ জেহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.