ETV Bharat / entertainment

ববি দেওলে নিতেশ তিৱাৰীৰ ৰামায়ণত কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব নেকি?

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 1:40 PM IST

Bobby Deol In Ramayana: নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ত ববি দেওলে কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব ! কিন্তু ববি দেওল সঁচাকৈয়ে ছবিখনৰ অংশ নে ? এই কথা কিমান সঁচা জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Bobby could play Kumbhakarna, Lara will be seen as Kaikeyi in Ramayan: Know the truth
ৰামায়ণত কুম্ভকৰ্ণৰ চৰিত্ৰত দেখা যাব নেকি ববি দেওলক

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: সন্দীপ ৰেড্ডী ভাংগাৰ ‘এনিমেল’ ছবিখনে যথেষ্ট সফলতা লাভ কৰিছে । এই ছবিখন ২০২৩ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে । ছবিখনৰ সফলতাৰ পিচতে এতিয়া সাই পল্লৱী আৰু যশৰ সৈতে ‘ৰামায়ণ’ৰ শ্বুটিং আৰম্ভ কৰিব ৰণবীৰ কাপুৰে । এই সকলোবোৰৰ মাজতে ছবিখনত কুম্ভকৰ্ণৰ চৰিত্ৰত কোনে অভিনয় কৰিব তাকে লৈ চৰ্চা আৰম্ভ হৈছে ৷ এতিয়া কোৱা হৈছে যে এনিমেলৰ আব্ৰাৰ হক অৰ্থাৎ ববি দেওলক কুম্ভকৰ্ণৰ চৰিত্ৰত দেখা যাব বুলি জল্পনা-কল্পনা চলিছে । গতিকে এই প্ৰতিবেদনত জানো আহক নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ত ববিয়ে কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব নে নকৰে ?

‘ৰামায়ণ’ত ববি দেওলে কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিবনে ?

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ববি দেওলৰ দলটোৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ববি দেওলৰ দলে ৰামায়ণত ববিয়ে কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ সকলো জল্পনা-কল্পনা সম্পূৰ্ণৰূপে নাকচ কৰি, এই সকলোবোৰ কেৱল উৰাবাতৰি ভুল বুলি কৈছে । ইয়াৰ সমান্তৰালকৈ দলটোৱে স্পষ্ট কৰি দিছে যে ববি দেওলৰ নাম নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ত অন্তৰ্ভুক্ত হোৱা নাই । অৰ্থাৎ ববি দেওলে ছবিখনত কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় নকৰে ।

লাৰা দত্তই ‘ৰামায়ণ’ত কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিবনে ?

কৈকেয়ী অৰ্থাৎ ৰজা দশৰাথৰ তৃতীয় পত্নী তথা ৰাজকুমাৰ ভৰতৰ মাতৃৰ চৰিত্ৰত লাৰা দত্তক ছবিখনত অভিনয় কৰিবলৈ নিৰ্মাতাসকলে উৎফুল্লিত বুলিও উৰাবাতৰি বিয়পি পৰিছিল । পিংকভিলাৰ প্ৰতিবেদন অনুসৰি এই প্ৰজেক্টৰ বাবে লাৰাক বাছি লোৱা হৈছে ৷ আনহাতে ববিয়ে ‘এনিমেল’ৰ সফলতাৰ পিচত বহু প্ৰস্তাৱৰ ভিতৰত নিজৰ বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে । ৰিপৰ্টত কোৱা হৈছে যে ছবিখনত হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ ছানী দেওলক নিৰ্বাচিত কৰা হৈছে । অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা হোৱা নাই ।

‘ৰামায়ণ’ত কোনে কোনে অভিনয় কৰিব ?

উল্লেখ্য যে, নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ত ৰণবীৰ কাপুৰে ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ খবৰ পোৱা গৈছে কিন্তু আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই । সীতাৰ চৰিত্ৰত সাই পল্লৱী আৰু যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব বুলি চৰ্চা চলিছে । কিন্তু এই সকলোবোৰ উৰাবাতৰিৰ মাজতে আচল কথাটো হ’ল ছবিখনৰ কাষ্টিং এতিয়াও চূড়ান্ত হোৱা নাই । এতিয়া লক্ষ্যণীয় হ’ব নিতেশ তিৱাৰীৰ ৰাময়নত কোনে কোনে অভিনয় কৰিব ৷

লগতে পঢ়ক: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ লাভ আয়ুষ্মান খুৰানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.