চিটাৰা ডেস্ক, 5 এপ্ৰিল: পুনৰবাৰ লাইমলাইটত আহিছে বলীউডৰ ভাইজান ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’ বিগ বছ (Colors Tv Show Bigg Boss)। প্ৰত্যেক বছৰে বহু প্ৰাৰ্থীয়ে বিগ বছত অংশগ্ৰহণ কৰি জনপ্ৰিয়তা অৰ্জন কৰে ৷ বিগ বছত অংশগ্ৰহণ কৰি কেৱল জনপ্ৰিয়তা অৰ্জন কৰাই নহয়, বহু প্ৰাৰ্থীয়ে আনকি বিগ বছৰ পৰাই বিচাৰি পায় নিজৰ জীৱন সংগী ৷ ইয়াৰে একাংশই বিবাহপাশত আৱদ্ধ হোৱাৰ লগতে আন কিছুমানে আকৌ সম্পৰ্কতো আহে ৷ ইয়াৰে বিগ বছ ছিজন 13 ৰ জনপ্ৰিয় প্ৰেমিক-প্ৰেমিকা আছিল পাৰস ছাব্ৰা আৰু মাহিৰা শৰ্মা (Bigg Boss 13) ৷
বিগ বছ ১৩ ৰ পৰাই চিনাকি হোৱা পাৰস ছাব্ৰা আৰু মাহিৰা শৰ্মাৰ বিষয়ে শেহতীয়া এটা খবৰ পোৱা গৈছে ৷ দুয়োৰে ব্ৰেকআপৰ খবৰ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ জানিব পৰা মতে মাহিৰা শৰ্মাৰ পাৰসৰ সৈতে বিচ্ছেদ ঘটিছে । দুয়োৰে ব্ৰেকআপৰ খবৰৰ লগতে এগৰাকী পাকিস্তানী অভিনেত্ৰী পাৰস ছাব্ৰাৰ প্ৰেমত পৰিছে (Pak Actress and Paras Chhabra) ৷ পাকিস্তানী অভিনেত্ৰীগৰাকী পাৰস-মাহিৰাৰ ব্ৰেকআপৰ কাৰণ নেকি ?
- " class="align-text-top noRightClick twitterSection" data="
">
পাৰস-মাহিৰাৰ ব্ৰেকআপ ?
জানিব পৰা মতে পাৰস আৰু মাহিৰা দুয়োগৰাকীয়ে ইগৰাকী সিগৰাকীক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে । একে সময়তে মাহিৰাই পাৰসৰ সৈতে থকা ছবিও নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা ডিলিট কৰিছে (Mahira Sharma) । বিগ বছ ১৩ৰ পৰা ওলাই অহাৰ পিচত দুয়োগৰাকী চণ্ডীগড়লৈ ঢাপলি মেলিছিল আৰু কেতিয়াও মুম্বাইলৈ উভতি অহা নাছিল । কাৰণ দুয়োগৰাকীয়ে পঞ্জাৱত এটা ডাঙৰ প্ৰজেক্টত কাম কৰি আছিল ।
কিন্তু হঠাৎ দুয়োৰে মাজত যেন সকলো সলনি হৈ গ’ল ৷ পাৰস আৰু মাহিৰা সন্দৰ্ভত কোনো আপডেট বিগত দিনত হোৱা নাছিল আৰু মাহিৰাইও নিজৰ আৰু পাৰসৰ ফটো নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰা ডিলিট কৰি দিয়ে ৷ অৱশ্যে দুয়ো এই বিষয়ে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই (Bigg Boss 13 fame Paras Chhabra) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ব্ৰেকআপৰ কাৰণ পাকিস্তানী অভিনেত্ৰী নেকি ?
পাৰস আৰু মাহিৰাৰ ব্ৰেকআপৰ খবৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ মাজত পাৰস আৰু মাহিৰাৰ সম্পৰ্কৰ মাজত এন্ট্ৰি মাৰিছে এগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে । আচলতে পাকিস্তানী অভিনেত্ৰী তথা ছ’চিয়েল মিডিয়া ইনফ্লুঞ্চাৰ মিনাহিল মালিকে পাৰস ছাব্ৰাক নিজৰ ক্ৰাছ বুলি অভিহিত কৰিছে । শেহতীয়াকৈ এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত অভিনেত্ৰীগৰাকীয়ে মোবাইলত পাৰসৰ ফটো চাই থকা পৰিলক্ষিত হয় ৷ এই ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত বাজি আছিল পাৰস আৰু মাহিৰাৰ গীত ৰং লাগেয়া ।
- " class="align-text-top noRightClick twitterSection" data="
">
পাৰসে পাক অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ত দিয়ে প্ৰতিক্ৰিয়া
একে সময়তে পাৰস ছাব্ৰাই অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পাৰসে এই ভিডিঅ’টোত কমেন্ট কৰি লিখিছে, বৰ ধুনীয়া । কেৱল ইমানেই নহয়, পাৰসে এই ভিডিঅ’টোত হাৰ্ট ইমোজিও শ্বেয়াৰ কৰিছে ।
লগতে পঢ়ক: Aditya Roy Kapur: আদিত্য ৰয় কাপুৰলৈ পাপাৰাজীৰ প্ৰশ্ন, অনন্যা মেডাম কাহা হে ?