ETV Bharat / entertainment

Sanak controversy: বাদশ্বাহৰ নতুন গীত ‘সনাক’ক লৈ বিতৰ্কৰ সৃষ্টি হোৱাত ক্ষমা খুজিলে বাদশ্বাহে - বাদশ্বাহ

বাদশ্বাহৰ নতুন গীত ‘সনাক’কলৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্কৰ (Sanak controversy) ৷ গীতটোত ভগৱান শিৱক অপমান কৰাৰ অভিযোগ বাদশ্বাহৰ বিৰুদ্ধে ৷ অৱশেষত ক্ষমা খুজিলে কণ্ঠশিল্পীগৰাকীয়ে ৷

Badshah apologises after receiving backlash over his new song Sanak
ক্ষমা খুজিলে বাদশ্বাহে
author img

By

Published : Apr 24, 2023, 10:31 AM IST

চিটাৰা ডেস্ক, ২৪ এপ্ৰিল : জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী বাদশ্বাহৰ এলবামৰ ‘সনাক’ গীতটিক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্ক (Badshah new album sanak) ৷ এলবাম গীতটিত বাদশ্বাহে কিছু আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এলবামটোত অশ্ৰাব্য কথা আৰু ভগৱান শিৱৰ নাম লৈ শিৱক অপমান কৰাৰ অভিযোগ (Badshah sanak controversy) ৷

এই সন্দৰ্ভত এতিয়া কণ্ঠশিল্পীগৰাকীয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (Badshah apologise) ৷ গীতটিৰ বাবে সোমবাৰে ক্ষমা খোজে ৰেপাৰ বাদশ্বাহে ৷ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি বাদশ্বাহে লিখিছে, "মোৰ দৃষ্টিগোচৰ হৈছে যে মোৰ শেহতীয়া মুক্তি পোৱা এটি গীত সনাক, কিছুমান মানুহৰ আৱেগকক আঘাত কৰা যেন লাগে । মই কেতিয়াও ইচ্ছাকৃতভাৱে বা অজানিতে কাৰো আৱেগক আঘাত নিদিওঁ । মই মোৰ শৈল্পিক সৃষ্টি আৰু সংগীত ৰচনাবোৰ আপোনালোকৰ ওচৰলৈ, মোৰ অনুৰাগীসকললৈ, অতি আন্তৰিকতা আৰু আবেগেৰে আনিছো।"

উল্লেখ্য যে, মধ্য প্ৰদেশৰ উজ্জয়ন জিলাত অৱস্থিত মহাকলেশ্বৰ মন্দিৰৰ এজন জ্যেষ্ঠ পুৰোহিতে গীতটোত অশ্লীল শব্দৰ লগতে ভগৱান শিৱ (ভোলানাথ)ৰ নাম ব্যৱহাৰ কৰাৰ বাবে বাদশ্বাহক তীব্ৰ সমালোচনা কৰিছিল (Slammed Badshah for using Lord Shiva name)। পুৰোহিত মহেশে শেহতীয়াকৈ বাদশ্বাহক গীতটিৰ পৰা ভগৱানৰ নাম আঁতৰাই ক্ষমা খুজিবলৈ সকীয়নি দিছিল । পুৰোহিতগৰাকীয়ে কৈছিল যে ৰেপাৰজনে যদি ক্ষমা নুখুজে তেন্তে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব । এই বিতৰ্কৰ মাজতে এতিয়া বাদশ্বাহে গীতটিৰ কিছু অংশ সলনি কৰাৰ সিদ্ধান্ত লৈছে ।

বাদশ্বাহে লগতে লিখিছে, "মই গীতটোৰ কিছুমান অংশ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু কোনো লোকক আঘাত নিদিয়াৰ বাবে সকলো ডিজিটেল প্লেটফৰ্মতে এই নতুন সংস্কৰণৰ সৈতে প্ৰতিস্থাপনৰ কাৰ্যব্যৱস্থা কৰিছো। অৱশ্যে প্ৰতিস্থাপন প্ৰক্ৰিয়াত কেইদিনমান সময় লাগিব ৷ এই সময়ছোৱাত মই সকলোকে ধৈৰ্য ধৰিবলৈ অনুৰোধ কৰিছো । যিসকলক মই অজানিতে আঘাত দিছো, তেওঁলোকৰ ওচৰত মই নম্ৰভাৱে আন্তৰিক ক্ষমা বিচাৰিছো । মই সকলোকে সদায় সৰ্বোচ্চ সন্মান আৰু সীমাহীন মৰমেৰে ধৰি ৰাখিম। "

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, এমাহ পূৰ্বে মুক্তি পোৱা ‘সনাক’ গীতটিয়ে বৰ্তমানলৈকে ২ কোটি ২০ লাখৰো অধিক ভিউ লাভ কৰিছে । এতিয়া নতুন সংস্কৰণটোৰ প্ৰতি দৰ্শকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া হ’ব সময়ত লক্ষ্যনীয় । (ANI)

লগতে পঢ়ক: Badshah controversy: বাদশ্বাহৰ বিতৰ্কিত গীত; শীঘ্ৰেই ক্ষমা খোজক অন্যথা দাখিল কৰা হ’ব এফআইআৰ-শিৱ ভক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.