ETV Bharat / entertainment

Arijit-Salman: অৰিজিতক ক্ষমা কৰিলে নেকি ছলমানে ? ছলমানৰ টাইগাৰ 3 ত থাকিব নেকি অৰিজিতৰ গীত ?

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 11:31 AM IST

এটা বঁটা বিতৰণী অনুষ্ঠানৰ পৰা আৰম্ভ হৈছিল ছলমান আৰু অৰিজিত সিঙৰ মাজত বিবাদ । কিন্তু সুদীৰ্ঘ 9 বছৰৰ পিচত এতিয়া যেন দুয়োজনে নিজৰ নিজৰ মতানৈক্য পাহৰি আগবাঢ়িব খুজিছে । শেহতীয়াকৈ অৰিজিতক ছলমানৰ এপাৰ্টমেণ্টৰ ওলাই অহা দেখা গ’ল ।

Arijit Singh spotted at Salman Khans Galaxy apartment
ছলমান খান এপাৰ্টমেণ্টত দেখা গ’ল অৰিজিত সিঙক

চিটাৰা ডেস্ক, 5 অক্টোবৰ: ছলমান খান আৰু অৰিজিত সিঙৰ 9 বছৰ পুৰণি মনোমালিন্যৰ অৱসান ঘটিল নেকি ? দৰাচলতে বুধবাৰে নিশা অৰিজিত সিঙক মুম্বাইৰ ছলমানৰ গেলাক্সি এপাৰ্টমেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল । ছলমানৰ ঘৰৰ পৰা অৰিজিত ওলাই অহা এই ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীয়ে অনুমান কৰিছে যে প্ৰায় দশকজুৰি চলি থকা এই দুই তাৰকাৰ মনোমালিন্যৰ অৱশেষত অৱসান ঘটিছে ৷

ছলমানৰ এপাৰ্টমেণ্টৰ পৰা ওলোৱা অৰিজিতৰ ভিডিঅ’ ভাইৰেল

এই ভিডিঅ’টো এক্স (পূৰ্বৰ টুইটাৰ) একাউন্টত ছলমান খানৰ এজন অনুৰাগীয়ে শ্বেয়াৰ কৰিছে । ক্লিপটো পোষ্ট কৰি অনুৰাগীয়ে লিখিছে, ‘আজি ছলমান খানৰ ঘৰত অৰিজিত সিঙক দেখা পোৱা গ’ল । নিশ্চয় কিবা এটা হৈ আছে ?" ৷ ইয়াৰ মাজতে আন এজন অনুৰাগীয়ে অনুমান কৰিলে যে এই বৈঠক ছলমানৰ আগন্তুক ছবি টাইগাৰ ৩ ৰ বাবে ৷

কি বিবাদ আছিল ছলমান আৰু অৰিজিতৰ মাজত ?

2014 চনত এটা এৱাৰ্ড শ্ব’ৰ পৰা আৰম্ভ হৈছিল অৰিজিত আৰু ছলমানৰ মাজৰ এই বিবাদ । শ্ব’টোৰ এংকৰ আছিল ছলমান খান আৰু ৰিতেশ দেশমুখ । বঁটা গ্ৰহণ কৰিবলৈ অৰিজিত সিঙক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু মঞ্চলৈ আহোতে অলপ দেৰি হৈছিল অৰিজিতৰ, যাৰ বাবে ছলমানে অৰিজিতক সুধিছিল, টোপনি গৈছিলে নেকি ? এই কথাত অৰিজিতে ক’লে যে “আপোনালোকে মোক শুৱাই দিলে ।’’ ইয়াৰ পিচত ছলমানে ক’লে ‘‘আপোনাৰ গান শুনিলেও টোপনি আহে ৷’’

পৰৱৰ্তী সময়ত বজৰংগী ভাইজান, কিক, চুলতানকে ধৰি ছলমানৰ ছবিৰ পৰা অৰিজিতৰ সকলো গীত আঁতৰাই দিয়া হয় ।

অৰিজিতে ছলমানৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিছিল

২০১৬ চনত অৰিজিতে ছলমানক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল আৰু চুলতান ছবিখনত অৰিজিতৰ গীতটি ৰাখিবলৈ অনুৰোধ জনাইছিল ৷ ২০১৬ চনত অৰিজিতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ পোষ্টটোত অৰিজিতে লিখিছিল- মই কেইবাবাৰো মেছেজ আৰু মেইলৰ জৰিয়তে ছলমান খানৰ ওচৰত ক্ষমা খুজিবলৈ চেষ্টা কৰিছিলো যদিও কোনো ফল নাপালো । অৰিজিতে লিখিছিল, "আপুনি (ছলমান) এইটো ভুল ভাবিছে যে মই আপোনাক অপমান কৰিছো ।" চুলতানৰ গীতৰ সন্দৰ্ভত তেওঁ লিখিছিল, "মই বহুত গান গাইছো ছাৰ । কিন্তু মোৰ লাইব্ৰেৰীত আপোনাৰ এটা গীত হ’লেও লৈ অৱসৰ ল’ব বিচাৰো । অনুগ্ৰহ কৰি এই অনুভৱটো শেষ নকৰিব।”

লগতে পঢ়ক: AR Rahman: চাৰ্জন এছ’চিয়েশ্যনলৈ আইনী জাননী প্ৰেৰণ এ আৰ ৰেহমানৰ, সংস্থাটোক দিলে ১৫ দিনৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.