ETV Bharat / entertainment

Arbaaz Khan: আৰবাজ খানে দ্বিতীয় মাতৃ হেলেনৰ বিষয়ে ক’লে এক ডাঙৰ কথা - আৰবাজ হেলেন

মাহীমাক হেলেনৰ সন্দৰ্ভত এক সাক্ষাৎকাৰত আৰবাজ খানে প্ৰকাশ কৰিলে বহু কথা ৷

Arbaaz khan revealed a secret about his step mother helen
হেলেনৰ সন্দৰ্ভত এক সাক্ষাৎকাৰত আৰবাজ খানে প্ৰকাশ কৰিলে বহু কথা
author img

By

Published : Aug 3, 2023, 6:49 PM IST

চিটাৰা ডেস্ক, 3 জুলাই: বলীউডৰ খান পৰিয়ালটো সূৰজ বৰজাত্য়ৰ ছবি হম সাথ সাথ হেৰ দৰেই । ছেলিম খানৰ দুগৰাকী পত্নী থকা স্বত্বেও ঘৰখনত বিৰাজ কৰে শান্তিপূৰ্ণ পৰিৱেশ ৷ সকলোৱে একেলগে মিলা-প্ৰীতিৰে বসবাস কৰে ৷ এই পৰিয়ালটোক প্ৰতিটো উৎসৱতে একেলগে দেখা যায় । এইটো বলীউডৰ এনেকুৱা এটা পৰিয়াল য’ত দুগৰাকী পত্নীৰ সৈতে থকাৰ পিচতো সকলোৱে সংঘাত নোহোৱাকৈ একেলগে মিলা-প্ৰীতিৰে থাকে। এনে পৰিস্থিতিত শেহতীয়াকৈ ছেলিম খানৰ পুত্ৰ আৰবাজ খানে দ্বিতীয় মাতৃ হেলেনৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰে ।

আৰবাজে হেলেনৰ বিষয়ে কি ক’লে ?

১৯৮১ চনত দ্বিতীয়বাৰৰ বাবে হেলেনৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছেলিম খান। হেলেনক বিয়া কৰাৰ পিচতো ছেলিমে ছালমাৰ সৈতে প্ৰথম বিবাহ ভংগ কৰা নাছিল ৷ এতিয়াও ছালমা আৰু ছেলিমৰ সম্পৰ্ক আগৰ দৰেই আছে ৷ শেহতীয়াকৈ এটা সাক্ষাৎকাৰত আৰবাজে কয়, ‘মোৰ পিতৃয়ে কেতিয়াও হেলেন আন্টিক আমাৰ ওপৰত জাপি দিয়া নাছিল । হেলেন আন্টিয়ে আমাক কেতিয়াও পৃথক কৰিবলৈ চেষ্টা কৰা নাছিল ৷ তেওঁ জানিছিল যে সন্তানৰ বাবে মাতৃ কিমান গুৰুত্বপূৰ্ণ । তেওঁ কেতিয়াও আমাক পৃথক কৰিবলৈ চেষ্টা কৰা নাছিল । তেওঁ মাত্ৰ সুখী আছিল যে তেওঁৰ জীৱনত কোনোবা আছে আৰু তেওঁকেই লৈ তেওঁ সুখী ৷ আন্টিয়ে জানিছিল যে মানুহজনৰ নিজৰ পৰিয়াল আছে, তেওঁৰ পত্নী আৰু সন্তান আছে আৰু তেওঁ আমাক অশান্তি দিব নিবিচাৰে ।

ছেলিম খানে এতিয়াও ছলমাৰ হাতত ধৰি থাকে

আৰবাজে আৰু কয় যে মোৰ পিতৃয়ে মোৰ মাতৃৰ হাতত ধৰি ঘণ্টাৰ পিচত ঘণ্টা সময় কটাই ৷ আজিও দেউতাই মাৰ হাতত ধৰি বহি আৰু মাৰ হাতত ধৰি তেওঁ বৰ ভাল পায় ।

অৰ্পিতাক তুলি লয় ছেলিম আৰু হেলেনে

উল্লেখ্য যে ছেলিম খান আৰু ছালমাৰ চাৰিটা সন্তান আছে - ছলমান খান, আৰবাজ খান, সোহেইল খান আৰু কন্যা আলবীৰা অগ্নিহোত্ৰী । ছেলিম আৰু হেলেনৰ নিজৰ সন্তান নাই যদিও অৰ্পিতাক তুলি লৈছিল ৷ জন্মদিন আৰু উৎসৱত প্ৰায়ে গোটেই পৰিয়ালটো একত্ৰিত হয় ।

লগতে পঢ়ক: Salman Khan: ছলমান খানৰ সৈতে কোন এইগৰাকী কণমানি চিনি পাইছে নে ? আজি তেওঁৰ জন্মদিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.