চিটাৰা ডেস্ক, 14 জুন : সংগীত শিল্পী এ.আৰ. ৰহমানৰ জীয়ৰী খাতিজাই উদ্যোগী তথা অডিঅ' অভিযন্তা ৰিয়াছদিন শ্বেখ মহম্মদৰে সৈতে বিবাহ পাশত আৱদ্ধ হয় (AR Rahman news) । ৫ মে'ত তামিলনাডুৰ চেন্নাইত এই বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল । কেৱল পৰিয়াল আৰু ঘনিষ্ঠ প্ৰিয়জনহে উপস্থিত আছিল এই বিয়াত ৷
শেহতীয়াকৈ সংগীত শিল্পী এ.আৰ. ৰহমানে তেওঁৰ ইনষ্টাগ্ৰামত (AR Rahman instagram) জীয়েকৰ বিয়াৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, " এক হ’ল দুই আত্মা 🌹🌺❤️"..
- " class="align-text-top noRightClick twitterSection" data="
">
বিয়াৰ খবৰো সংগীতজ্ঞজনে সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে অৱগত কৰিছিল ৷ তেওঁ লগতে নৱদম্পতিৰ সৈতে এটা পাৰিবাৰিক ফটোও শ্বেয়াৰ কৰিছিল । ৰহমানে ছবিখন শ্বেয়াৰ কৰাৰ লগে লগে ছ'চিয়েল মিডিয়া শুভেচ্ছাবাণীৰে উপচি পৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
ৰহমানৰ জীয়ৰী খাতিজাইয়ো নিজৰ ইনষ্টাগ্ৰামত নিকাহৰ ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, "মোৰ পৰিয়াল আৰু মোৰ আটাইতকৈ মৰমৰ দলটোৰ সমৰ্থন অবিহনে এইয়া সম্ভৱ নহ'লহেঁতেন" ৷ খাতিজা আৰু ৰিয়াছদিনে যোৱা বছৰ ২৯ ডিচেম্বৰত বাগদান কৰিছিল । খাতিজাৰ উপৰিও, এ.আৰ. ৰহমানৰ ৰহিমা আৰু আমিন নামেৰে দুটিকৈ সন্তান আছে (AR Rahman family) ।