ETV Bharat / entertainment

AR Rahman: চাৰ্জন এছ’চিয়েশ্যনলৈ আইনী জাননী প্ৰেৰণ এ আৰ ৰেহমানৰ, সংস্থাটোক দিলে ১৫ দিনৰ সময়সীমা

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:34 PM IST

এ আৰ ৰেহমান আৰু চাৰ্জন এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (ASICON)ৰ মাজত আৰম্ভ হৈছে আইনী যুঁজ । পূৰ্বে চাৰ্জনছ এছ’চিয়েশ্যনে ৰেহমানৰ বিৰুদ্ধে জাননী জাৰি কৰিছিল, এতিয়া চাৰ্জনছ এছ’চিয়েশ্যনেৰ বিৰুদ্ধেও সংগীত পৰিচালকগৰাকীয়ে ১০ কোটি টকা ক্ষতিপূৰণৰ আইনী জাননী প্ৰেৰণ কৰিছে ।

AR Rahman sends legal notice, demands Rs 10 cr from Surgeons' association over defamation claims
১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে এ আৰ ৰেহমানে

চিটাৰা ডেস্ক, 4 অক্টোবৰ: বলীউডৰ প্ৰবীণ সংগীত পৰিচালক এ আৰ ৰেহমান প্ৰায়ে কিবা নহয়, কিবা কাৰণত সংবাদ মাধ্যমৰ শিৰোনামত থাকে ৷ কেতিয়াবা যদি তেওঁৰ সংগীতানুষ্ঠাৰ বাবে, আন কেতিয়াবা আকৌ তেওঁৰ মন্তব্যৰ বাবে ৷ এইবাৰ পুনৰ চৰ্চাত আহিছে সংগীত পৰিচালকগৰাকী ৷ দৰাচলতে এছ’চিয়েশ্যন অৱ চাৰ্জনছ অৱ ইণ্ডিয়ালৈ (ASICON) ১০ কোটি টকাৰ আইনী জাননী প্ৰেৰণ কৰিছে এ আৰ ৰেহমানে । ৰেহমানে সংস্থাটোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে সংগীত পৰিচালকজনৰ সুনাম বদনাম কৰিবলৈ চেষ্টা কৰিছে । ৰেহমানে মানহানিৰ ক্ষতিপূৰণ হিচাপে সংস্থাটোৰ পৰা ১০ কোটি টকাৰ দাবী জনাইছে ।

ASICON য়ে জাৰি কৰা আইনী জাননীৰ প্ৰতি সঁহাৰি জনাই এই দাবী উত্থাপন কৰিছে এ আৰ ৰেহমানে । ASICON য়ে অভিযোগ কৰিছে যে ২০১৮ চনত এ আৰ ৰেহমানে সংস্থাটোৰ ৭৮ সংখ্যক বাৰ্ষিক সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ উপস্থিত থাকিব লাগিছিল ৷ কিন্তু ৰেহমানে সেই অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰিবলৈ উপস্থিত নাথাকিল ৷ ইফালে এই অনুষ্ঠানটোৰ বাবে ৰেহমানে এডভান্স বুকিং হিচাপে লোৱা ২৯.৫ লাখ টকাও ঘূৰাই দিয়া নাই বুলি দাবী কৰিছিল সংস্থাটোৱে ।

ৰেহমানে আদালতত চাৰি পৃষ্ঠাৰ উত্তৰ দাখিল কৰিছে

চাৰি পৃষ্ঠাৰ উত্তৰত এ আৰ ৰেহমানৰ অধিবক্তা নৰ্মাদা সম্পাটে এই সকলো অভিযোগ নাকচ কৰিছে ৷ আদালতত দাখিল কৰা উত্তৰত কোৱা হৈছে যে এ আৰ ৰেহমানে কেতিয়াও এই সংস্থাটোৰ সৈতে কোনো চুক্তি কৰা নাছিল । কিন্তু এতিয়া সস্তীয়া প্ৰচাৰৰ বাবে তেওঁৰ সুনাম কলংকিত কৰাৰ প্ৰচেষ্টা চলি আছে । ইয়াৰ উপৰিও ৰেহমানক ইয়াৰ বাবে এডভান্স বুকিং হিচাপে কেতিয়াও ধন দিয়া হোৱা নাছিল বুলিও দাবী কৰিছে ।

চাৰি পৃষ্ঠাৰ উত্তৰত ৰেহমানে কৈছে, ‘‘মোক কেতিয়াও এনেকুৱা ধৰণৰ কোনো ধন দিয়া হোৱা নাছিল । বৰঞ্চ এই ধন তৃতীয় পক্ষৰ কোম্পানী ‘চেণ্টিলভেলান এণ্ড চেণ্টিলভেলান’ৰ এটা গোটলৈ হস্তান্তৰ কৰা হৈছিল । মোৰ লগত যে সংস্থাৰ কোনো আৰ্থিক লেনদেন নাই সেই কথা সম্পূৰ্ণৰূপে জানিও তেওঁলোকে মোক বিতৰ্কৰ মাজলৈ টানি নিয়াৰ সিদ্ধান্ত লৈছে ।’’ ৰেহমানে উত্তৰত লগতে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কেৱল সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ আৰু তেওঁক হাৰাশাস্তি কৰাৰ বাবেহে কৰা হৈছে ।

ৰেহমানৰ দাবী - ১৫ দিনত ১০ কোটি টকা দি ক্ষমা খুজিব লাগিব

এ আৰ ৰেহমানৰ হৈ তেওঁৰ অধিবক্তা নৰ্মদাই এই সন্দৰ্ভত চাৰ্জনছ এছ’চিয়েশ্যনৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনাইছে । ইয়াৰ উপৰিও ১৫ দিনৰ ভিতৰত সংগীত পৰিচালকজনক ১০ কোটি টকাৰ ক্ষতিপূৰণ হিচাপে দিব লাগিব বুলিও কোৱা হৈছে ।

লগতে পঢ়ক: Ranbir Kapoor : ২০০ কোটি টকাৰ বিয়াত অংশগ্ৰহণ কৰাই কাল হ’ল নেকি ৰণবীৰ কাপুৰৰ বাবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.