ETV Bharat / entertainment

অনুৰাগীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা বিৰাট-অনুষ্কাৰ - বিৰাট কোহলী টুইটাৰ

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাইজক শুভেচ্ছা জনাই আৰু Har Ghar Tiranga অভিযানৰ সৈতে সংগতি ৰাখি মুম্বাইত তেওঁলোকৰ বাসগৃহত ভাৰতীয় পতাকা উত্তোলন কৰে ।

Anushka Sharma
অনুৰাগীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা বিৰাট-অনুষ্কাৰ
author img

By

Published : Aug 15, 2022, 6:57 PM IST

চিটাৰা ডেস্ক, 15 আগষ্ট : অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাইজক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'Har Ghar Tiranga' অভিযানৰ লগত সংগতি ৰাখি মুম্বাইত তেওঁলোকৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰে । 76 তম স্বাধীনতা দিৱসত অনুষ্কাই ইনষ্টাগ্ৰামত তেওঁৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে । ছবিখনত দুয়োকে পতাকাৰ সন্মুখত থিয় হৈ কেমেৰালৈ চাই হাঁহি থকা দেখা গৈছে ।

"আমাৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছো । বিশ্বৰ সকলো ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো । জয় হিন্দ", অনুষ্কাই পোষ্টটোৰ শিৰোনাম দিছিল এইদৰে । বিশেষ দিনটোৰ বাবে, অনুষ্কাই chikankari এম্ব্ৰইডাৰী কৰা কুৰ্তা পিন্ধিছিল ৷ আনহাতে কোহলীক দেখা গৈছে ক'লা টি-চাৰ্টত । কোহলীয়েও স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে সকলোকে । ইনষ্টাগ্ৰাম ষ্ট’ৰী আৰু টুইটাৰত কোহলীয়ে লিখিছে, "৭৫ টা গৌৰৱময় বছৰ । এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত । সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা । জয় হিন্দ" ৷

জাতীয় পতাকাৰ ছবিৰ সৈতে তেওঁৰ সামাজিক মাধ্যমৰ ডিচপ্লে পিক সলনি কৰি মোডীৰ এই অভিযানত অংশগ্ৰহণ কৰে তেওঁ । 'আজাদী কা অমৃত মহোৎসৱ'ৰ বেনাৰত এই বছৰৰ স্বাধীনতা দিৱস সঁচাকৈয়ে বিভিন্ন ধৰণে বিশেষ কৰি তুলিব বিচৰা হৈছে ।

মহোৎসৱৰ অংশ হিচাপে স্বাধীনতা আৰু ভাৰতৰ জনসাধাৰণ, সংস্কৃতি আৰু সাফল্যৰ গৌৰৱময় ইতিহাস উদযাপন কৰিবলৈ বিগত 75 সপ্তাহত কেইবাটাও অনুষ্ঠান আৰু অভিযানৰ আয়োজন কৰা হৈছে । 'আজাদী কা অমৃত মহোৎসৱ'ৰ আনুষ্ঠানিক যাত্ৰা 12 মাৰ্চ, 2021 তাৰিখে আৰম্ভ হৈছিল ৷

লগতে পঢ়ক : জাতীয় পতাকাৰ ৰঙেৰে উদ্ভাসিত হ’ল মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.