ETV Bharat / entertainment

Angarag Papon Mahanta hospitalized: হাস্পতালত ভৰ্তি অংগৰাগ পাপন মহন্ত , কি হ’ল পাপনৰ ?

author img

By

Published : May 12, 2023, 2:22 PM IST

Updated : May 12, 2023, 3:30 PM IST

হাস্পতালৰ পৰাই ছবি শ্বেয়াৰ কৰিলে অংগৰাগ পাপন মহন্তই (Angarag Papon Mahanta sick) ৷ কিন্তু হঠাৎ কি হ’ল শিল্পীগৰাকীৰ ?

Angarag Papon Mahanta admitted in Kokilaben Dhirubhai Ambani Hospital, fans ask what happened
অসুস্থ অংগৰাগ পাপন মহন্ত

চিটাৰা ডেস্ক, 12 মে’: জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তৰ বিষয়ে শেহতীয়াকৈ আহিছে এটা ডাঙৰ খবৰ ৷ অসুস্থ হৈ পৰিছে জনপ্ৰিয় শিল্পীগৰাকী ৷ বৃহস্পতিবাৰৰ নিশা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয় পাপনক (Papon admitted in KDAH) ৷ ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰে শিল্পীগৰাকীয়ে (Angarag Papon Mahanta hospitalized) ৷

বৰ্তমান মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন হৈ আছে পাপন (Papon admitted in KDAH) ৷ ইফালে পাপনে শ্বেয়াৰ কৰা পোষ্টটোত ১৩ বছৰীয়া পুত্ৰ পোহৰক পিতৃৰ কাষত বহি থকা দেখা পোৱা গৈছে (Angarag Papon Mahanta sick) ৷

শিল্পীগৰাকী ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, "এই সৰু সৰু যুদ্ধবোৰ আমি সকলোৱে অকলে যুঁজ দিওঁ । ব্যক্তিগতভাৱে এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো মোৰ ভাল নালাগে ৷ কিন্তু যোৱা নিশাটো অলপ বেলেগ আছিল । প্ৰথমবাৰৰ বাবে মোৰ ১৩ বছৰীয়া সৰু ল’ৰাটোৱে হাস্পতালত নিশা মোক পৰিচৰ্যা কৰিবলৈ সিদ্ধান্ত লৈছিল !"

তেওঁ লগতে লিখিছে," ই এক আৱেগিক মুহূৰ্ত আৰু মই মোৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছিলো ৷ মোৰ মনত আছে সেই সকলোবোৰ সময় যেতিয়া মই নিজৰ মাতৃ-পিতৃৰ বাবে এই কামটো কৰিছিলোঁ । ইতিমধ্যে নাতি পোহৰে পাল লোৱাৰ সাক্ষী হ’বলৈ তেওঁলোক ওচৰত থাকিলে ভাল আছিল ! মই ধন্য অনুভৱ কৰিছো আৰু সকলো আশীৰ্বাদ আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ ! এতিয়া অলপ ভাল পাইছো ৷"

ইফালে শিল্পীগৰাকীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ পিচতে চিন্তিত হৈ পৰে অনুৰাগী ৷ একাংশই পোষ্টটোত শিল্পীগৰাকীক প্ৰশ্ন কৰিছিল আন একাংশই আকৌ আশু আৰোগ্য কামনা কৰি মন্তব্য কৰিছিল ৷ এজন অনুৰাগীয়ে লিখিছিল,"দাদা কি হ’ল আপোনাৰ ? যত্ন লওক সোনকালে ভাল হওক ৷ বহুত ভালপাও আপোনাক @paponmusic ৷" আন এজনে লিখিছে,"পাপন দা কি হ’ল... আপুনি ঠিকেই আছে নে ?" ইফালে বহু অনুৰাগীয়ে "সোনকালে আৰোগ্য হওক" বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Parineeti Engagement: লাইটেৰে সজাই তোলা হ’ল পৰিণীতিৰ মুম্বাইৰ ঘৰ, ৰাঘৱৰ সৈতে কেতিয়া হ’ব পৰিণীতিৰ এংগেজমেণ্ট ?

Last Updated : May 12, 2023, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.