ETV Bharat / entertainment

Ananya and Aditya ramp walk: ৰেম্প ৱাকত ৰোমান্টিক হৈ পৰিল অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰ

author img

By

Published : Mar 13, 2023, 2:28 PM IST

ৰাজহুৱা কৰিলে নেকি অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰে তেওঁলোকৰ সম্পৰ্ক ? শেহতীয়াকৈ লেকমে ফেশ্বন উইকৰ ৰেম্পত একেলগে খোজ দি ৰোমান্টিক হৈ পৰা দেখা গ’ল অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰক (Ananya and Aditya ramp walk) ৷

Ananya Pandey Aditya Roy Kapoor Became Romantic While Ramp Walk
অনন্যা পাণ্ডে আৰু আদিত্য ৰয় কাপুৰ

চিটাৰা ডেস্ক, 13 মাৰ্চ: বলীউডৰ অভিনেতা আদিত্য ৰায় কাপুৰ আৰু অভিনেত্ৰী অনন্যা পাণ্ডেৰ সম্পৰ্ক দীৰ্ঘদিনৰে পৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে । যদিও এই সম্পৰ্কে বৰ্তমানেও আদিত্য আৰু অনন্যাই ৰাজহুৱাকৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই (Aditya Roy Kapoor and Ananya Pandey ramp walk) ৷ শেহতীয়াকৈ, ২০২৩ বৰ্ষৰ লেকমে ফেশ্বন উইকত একেলগে দেখা পোৱা যায় আদিত্য আৰু অনন্যাক ৷

দেওবাৰে অনুষ্ঠিত ২০২৩ চনৰ লেকমে ফেশ্বন উইকত দুয়োগৰাকীক একেলগে ৰেম্প ৱাকত খোজ দিয়া দেখা পোৱা যায় (Ramp walk for Lakme Fashion)। তাৰ পিচতে আদিত্য আৰু অনন্যাৰ বহুকেইখন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত । কাৰণ ফেশ্বন উইকত খোজ দি ৰোমান্টিক হৈ পৰা দেখা গ’ল দুয়োকে (Rumoured Couple Ananya pandey Aditya Roy Kapoor) ৷

ইয়াৰ পিচতে ছ’চিয়েল মিডয়াত দুয়োৰে সম্পৰ্কে অনুৰাগীসকলে বিভিন্ন মন্তব্য প্ৰকাশ কৰে ৷ একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুয়োকে একেলগে মৰম লগা দেখা যায় বুলি উল্লেখ কৰিছে, আন একাংশই আকৌ যুটিটোক সমালোচনাও কৰা পৰিলক্ষিত হৈছে (Aditya and Ananya at Lakme Fashion week 2023) ৷

ৰেম্প ৱাকত মনীষ মালহোত্ৰাৰ ডিজাইনাৰ কাপোৰ পৰিধান কৰে শ্ব’ষ্টপাৰ অনন্যা আৰু আদিত্যই । অনন্যাই ক’লা প্ৰিণ্টেড বডিকন গাউন আৰু কেপৰ দৰে জেকেট পৰিধান কৰিছিল । আনহাতে আদিত্যক কিছু ডিটেইলিং থকা ক’লা চুটত সুদৰ্শন দেখা গৈছিল । দুয়ো অভিনেতা-অভিনেত্ৰীয়ে প্ৰথমে অকলে খোজ দিয়ে ৰেম্পত তাৰ পিচত একেলগে খোজ দিয়ে ৷ পৰবৰ্তী সময়ত মনীষে অনন্যা আৰু আদিত্যক ৰেম্পত যোগ দিয়ে।

ইফালে প্ৰথম শাৰীত বহি থকা অনন্যাৰ পিতৃ ছাংকে পাণ্ডেই কন্যা অনন্যাৰ খোজক লৈ গৌৰৱান্বিত হৈ পৰা দেখা পোৱা যায় (Aditya Roy Kapur and Ananya Pandey Ramp Walking Together) ৷ মিঠা ইংগিতেৰে পিতৃ ছাংকে পাণ্ডেই কন্যাক দেখি এটি হাঁহিৰে ৰেম্পত কন্যাই ভাল কাম কৰা বুলি ইংগিত দিয়ে ।

লগতে পঢ়ক: Deepika Padukone : অস্কাৰত চকুলো টুকিলে দীপিকা পাডুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.