ETV Bharat / entertainment

Amitabh Bachchan health update: অসুস্থ অৱস্থাতো অনুৰাগীক ফাকুৱাৰ শুভেচ্ছা জনালে অমিতাভ বচ্চনে

author img

By

Published : Mar 7, 2023, 6:37 PM IST

নিজৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰি অনুৰাগীক হিন্দী ভাষাত হোলীৰ শুভেচ্ছা জনালে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে (Amitabh Bachchan health update) ।

Amitabh Bachchan wishes fans Happy Holi with his health update post on-set injury
ফাকুৱাৰ শুভেচ্ছা জনালে অমিতাভ বচ্চনে

চিটাৰা ডেস্ক, 7 মাৰ্চ: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত অনুৰাগী আৰু শুভাকাংক্ষীসকলক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে । নিয়মীয়াকৈ ব্লগ লিখা প্ৰবীণ অভিনেতাগৰাকীয়ে শেহতীয়াকৈ হায়দৰাবাদত নিজৰ আগন্তুক ছবি প্ৰজেক্ট কেৰ শ্বুটিং কৰি আছিল (Project k Shooting) ৷ কিন্তু দুৰ্ভাগ্যবশতঃ একচনৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী ৷

অভিনেতাগৰাকী আহত হোৱাৰ পিচতে অনুৰাগীসকলক নিজৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অৱগত কৰে । মেগাষ্টাৰগৰাকীয়ে অনুৰাগীসকলক তেওঁক অহৰহ মৰম আৰু সমৰ্থন কৰাৰ বাবে আৰু তেওঁলোকৰ প্ৰাৰ্থনাত তেওঁক স্মৰণ কৰাৰ বাবে অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰে (Amitabh Bachchan shares health update)।

  • T 4578 - होली की अनेक अनेक शुभकामनाएँ ❤️

    — Amitabh Bachchan (@SrBachchan) March 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শেহতীয়া ব্লগত অভিনেতাগৰাকী লিখিছে, "প্ৰথমতে ... মই আহত হোৱাৰ সময়ত যিসকলে উদ্বেগ প্ৰকাশ কৰিছিল, মই আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে চিৰ কৃতজ্ঞতা আৰু মৰম প্ৰকাশ কৰো ৷ সঁচাকৈয়ে মোৰ অনুৰাগীসকলে মোৰ শলাগ লৈছিল আৰু মোৰ বাবে তেওঁলোকৰ মৰম প্ৰকাশ পাইছিল ৷ " অভিনেতাগৰাকীয়ে ব্লগৰ জৰিয়তে লগতে জনাইছিল যে তেওঁ লাহে লাহে সুস্থ হ’ব ধৰিছে ৷ কিন্তু সম্পূৰ্ণভাৱে সুস্থ হ’বলৈ সময় লাগিব (Amitabh Bachchan health update)।

৮০ বছৰীয়া অভিনেতাগৰাকীয়ে লগতে কয় যে তেওঁ চিকিৎসকৰ পৰামৰ্শ মানি চলিছে ৷ চিকিৎসকে মূলতঃ জিৰণি ল’বলৈ পৰামৰ্শ প্ৰদান কৰিছে । তেওঁ কৰি থকা সকলো কাম স্থগিত ৰাখিছে আৰু চিকিৎসকে অনুমতি নিদিয়ালৈকে তেওঁ পুনৰ কাম আৰম্ভ নকৰে (Amitabh Bachchan thanks fans for concern)।

উল্লেখ্য যে, যিহেতু কাইলৈ দেশবাসী উদযাপন কৰিব ৰঙৰ উৎসৱ হোলী ৷ গতিকে ৰঙৰ উৎসৱৰ বিষয়ে বিগ বিয়ে লিখিছে, "যোৱা নিশা জালছাত 'হোলিকা' জ্বলাই দিয়া হৈছে, HOLI ৰ বাবে তাৰিখৰ কিছু খেলিমেলি হৈছিল ৷ অৱশ্যে এতিয়া হৈ গৈছে ।" হিন্দী কেলেণ্ডাৰৰ অনুসৰি অভিনেতাজনে এদিন পূৰ্বেই হোলী উদযাপন কৰিছিল (Amitabh Bachchan celebrates Holika Dahan) । ইয়াৰ পিচতে অভিনেতাগৰাকীয়ে ৰঙৰ উৎসৱক লৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: Big B injured: প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণৰ মাজতে আহত বিগ বি অমিতাভ বচ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.