চিটাৰা ডেস্ক, 21 জুলাই: বি-টাউনৰ পৰা শেহতীয়াকৈ পোৱা গৈছে এটা ডাঙৰ খবৰ ৷ খবৰ অনুসৰি দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ কাম চলি আছে। প্ৰধানমন্ত্ৰী মোডীৰ বায়’পিকখন নিৰ্মাণ কৰিব অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰৰ অভিনীত ছবি টয়লেট এক-প্ৰেম কথাৰ নিৰ্মাতাগৰাকীয়ে । কিন্তু আপুনি জানেনে পি এম মোডীৰ বায়’পিকখনত কোনে অভিনয় কৰিব ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷
জানিব পৰা মতে পি এম মোডীৰ বায়’পিকৰ সন্দৰ্ভত কোৱা হৈছে যে মেগাষ্টাৰ অমিতাভ বচ্চনে পি এম মোডীৰ ভূমিকা পালন কৰিব পাৰে। গতিকে ছবিখনৰ সন্দৰ্ভত কি প্ৰস্তুতি চলি আছে জানো আহক এই প্ৰতিবেদনত।
জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক প্ৰেৰণা অৰোৰাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ বাবে এক বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰিছে । সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰি অনুসৰি পি এম মোদীৰ এই বায়’পিকত মেগাষ্টাৰ অমিতাভ বচ্চনক পি এম মোডীৰ ৰূপত উপস্থাপন কৰিবলৈ সাজু হৈছে প্ৰেৰণা অৰোৰা । প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্বত অতি আপ্লুত হৈ প্ৰেৰণা অৰোৰাই তেওঁৰ বায়’পিক নিৰ্মাণৰ কাম কৰি আছে। প্ৰযোজকগৰাকীয়ে কয় যে অমিতাভ বচ্চনতকৈ ভালকৈ আন কোনোৱেই পি এম মোডীৰ চৰিত্ৰত অভিনয় কৰিব নোৱাৰে ।
প্ৰধানমন্ত্ৰী মোডীৰ বায়’পিকত কি কি দিশ উল্লেখ কৰা হ’ব ?
উল্লেখ্য যে নৰেন্দ্ৰ মোডীৰ জীৱনৰ সৈতে জড়িত বহু দিশৰ ওপৰত আলোকপাত কৰা হ’ব পি এম মোডীৰ বায়’পিকত । ইয়াত মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ, তেওঁৰ বৈদেশিক নীতি আৰু অৰ্থনৈতিক বিকাশো দেখুওৱা হ’ব। কেৱল এয়াই নহয়, কোভিড-১৯ৰ বাবে দেশ আৰু বিশ্বৰ লকডাউনত তেওঁৰ ভূমিকা ৰাইজৰ আগত দেখুওৱা হ’ব । ইয়াৰ পূৰ্বেও পি এম মোডীৰ বায়’পিক নিৰ্মাণ কৰা হৈছে, য’ত পি এম মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিবেক অবেৰয়।