চিটাৰা ডেস্ক, ৯ জানুৱাৰী: ছ’চিয়েল মিডিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে বয়কট মালদ্বীপ ট্ৰেণ্ড । এই ট্ৰেণ্ডত যোগ দিছে অক্ষয় কুমাৰ, ছলমান খান, অমিতাভ বচ্চন, কংগনা ৰনৌত, শ্ৰদ্ধা কাপুৰকে ধৰি বহু বলীউডৰ তাৰকাই ৷ ছ’চিয়েল মিডিয়াত এই ট্ৰেণ্ড অনুসৰণ কৰি এক্সপ্ল’ৰ ইণ্ডিয়ান আইলেণ্ডছ হেচটেগক সমৰ্থন কৰিছে তাৰকাসকলে । এতিয়া চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও এই ট্ৰেণ্ডত যোগদান কৰিছে ।
আচলতে বিবেক অগ্নিহোত্ৰীয়ে নিজৰ এক্স একাউণ্টত সাগৰৰ পাৰৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ফটোসমূহত তেওঁক সাগৰৰ পাৰৰ সৌন্দৰ্য উপভোগ কৰা দেখা গৈছে । যদিও বিবেকে এই ফটোসমূহ ক’ত তোলা হৈছে সেই কথা কোৱা নাই, কিন্তু তেওঁ নিজৰ কেপচনত স্পষ্টকৈ কৈছে যে এয়া ভাৰতৰ এটা অংশ । কেপচনত তেওঁ এক্সপ্ল’ৰ ইণ্ডিয়ান আইলেণ্ডছৰ কথা কৈছে ।
-
India is full of quiet, serene, long, clean and safe beaches with healthy marine life and surrounded by wonderful people. And the variety of food. Water sports in India are also the cheapest and excellent. #ExploreIndianIsland pic.twitter.com/D5waMw8HZU
— Vivek Ranjan Agnihotri (@vivekagnihotri) January 8, 2024 " class="align-text-top noRightClick twitterSection" data="
">India is full of quiet, serene, long, clean and safe beaches with healthy marine life and surrounded by wonderful people. And the variety of food. Water sports in India are also the cheapest and excellent. #ExploreIndianIsland pic.twitter.com/D5waMw8HZU
— Vivek Ranjan Agnihotri (@vivekagnihotri) January 8, 2024India is full of quiet, serene, long, clean and safe beaches with healthy marine life and surrounded by wonderful people. And the variety of food. Water sports in India are also the cheapest and excellent. #ExploreIndianIsland pic.twitter.com/D5waMw8HZU
— Vivek Ranjan Agnihotri (@vivekagnihotri) January 8, 2024
বিবেক অগ্নিহোত্ৰীয়ে নিজৰ পোষ্টটোত লিখিছে,‘‘ভাৰত পৰিষ্কাৰ সাগৰীয় জীৱনৰ সৈতে শান্ত, দীঘলীয়া, পৰিষ্কাৰ আৰু নিৰাপদ সাগৰৰে তিৰেৰে আগুৰি আছে । জল ক্ৰীড়া ভাৰতৰ ভিতৰতে সস্তা আৰু শ্ৰেষ্ঠ ।’’ পৰিচালকগৰাকীৰ এই পোষ্টটোক সকলোৱে প্ৰশংসা কৰিছে ।
মালদ্বীপ বনাম লক্ষদ্বীপ
উল্লেখ্য যে, যোৱা ৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষদ্বীপ ভ্ৰমণৰ কিছু ছবি শ্বেয়াৰ কৰিছিল । ইয়াৰ লগতে তেওঁ ভাৰতীয় পৰ্যটনৰ প্ৰচাৰৰ কথাও উল্লেখ কৰিছিল । এই সন্দৰ্ভত মালদ্বীপ চৰকাৰৰ মন্ত্ৰী মৰিয়াম শ্বিউনাইকে ধৰি আন দুগৰাকী মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক লৈ আপত্তিজনক মন্তব্য কৰিছিল । মন্ত্ৰীকেইগৰাকীয়ে কৈছিল যে মালদ্বীপৰ সৈতে লক্ষদ্বীপৰ কোনো তুলনা নাই ৷ লগতে কয় ভাৰতৰ হোটেলসমূহ অস্বাস্থ্যকৰ হয়, সেয়েহে ভ্ৰমণকাৰীক মালদ্বীপৰ দৰে সুবিধা লক্ষদ্বীপে প্ৰদান কৰিব নোৱাৰিব ৷ তেতিয়াৰ পৰাই ছ’চিয়েল মিডিয়াত আৰম্ভ হয় মালদ্বীপ বনাম লক্ষদ্বীপৰ যুদ্ধ ৷
লগতে পঢ়ক: লক্ষদ্বীপক অপমান কৰাত ক্ষুব্ধ হৈ পৰিল অমিতাভ বচ্চন, বয়কট মালদ্বীপ অভিযানৰ অংশ হ’ল বিগ বি