ETV Bharat / entertainment

PM Modi In US: জন গণ মন পৰিৱেশন কৰি মোদীৰ ভৰি চুই আশীৰ্বাদ ল’লে আমেৰিকান কণ্ঠশিল্পী মেৰী মিলবেনে

author img

By

Published : Jun 24, 2023, 5:33 PM IST

Updated : Jun 25, 2023, 11:15 AM IST

ইতিমধ্যে আমেৰিকা ভ্ৰমণ সামৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শেহতীয়াকৈ মোদীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত এগৰাকী মহিলা আমেৰিকান গায়িকাই মঞ্চত প্ৰধানমন্ত্ৰী মোদীৰ ভৰি চুই আশীৰ্বাদ লোৱা দেখা যায় । চাওক ভিডিঅ’ ।

American singer Mary Millben took blessings by touching PM Modi's feet, watch
মোদীৰ ভৰি চুই আশীৰ্বাদ ল’লে আমেৰিকান কণ্ঠশিল্পীয়ে

চিটাৰা ডেস্ক, 24 জুন: তিনিদিন আমেৰিকাত থকাৰ পিচত বৰ্তমান ইজিপ্তত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পূৰ্বে ৱাশ্বিংটন ডি চিৰ ৰ’নাল্ড ৰেগান বিল্ডিঙত প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । এই অনুষ্ঠানত হলিউডৰ গায়িকা মেৰী মিলবেনে মঞ্চৰ পৰাই পৰিৱেশন কৰিছিল জাতীয় সংগীত জন গণ মন । জাতীয় সংগীতৰ পাচতে প্রধানমন্ত্রী মোদীৰ ভৰি চুই আশীৰ্বাদ লয় মেৰীয়ে ৷ সম্প্ৰতি এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

অনুষ্ঠানৰ পিচত মেৰী মিলবেনে কয় যে, ‘ইয়াত উপস্থিত হৈ মই নিজকে অতি সন্মানিত অনুভৱ কৰিছো । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যিক ভ্ৰমণৰ অংশ হোৱাটো এক গৌৰৱৰ কথা আছিল । মোৰ জৰিয়তে মানুহে জাতীয় সংগীত গোৱা শুনি ভাল লাগিছিল । আজি নিশা ইয়াত উপস্থিত হোৱাটো সঁচাকৈ এক গৌৰৱৰ কথা ।

  • A night I will treasure forever. Performing for His Excellency Prime Minister Narendra Modi for the concluding event of the PM’s Official State Arrival Visit to the United States. See last night’s post for the official performance airing from @DDNewslive.

    What I loved most… pic.twitter.com/RFUctGkh3l

    — Mary Millben (@MaryMillben) June 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰসংঘত পি এম মোদীৰ সৈতে যোগাসন মেৰীৰ

ইয়াৰ পূৰ্বে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘত ২১ জুনত আয়োজন কৰা বিশ্ব যোগ দিৱসত অংশগ্ৰহণ কৰিছিল মেৰী মিলবেনে । পি এম মোদীৰ লগত যোগাসন কৰিছিল গায়িকাগৰাকীয়ে । এই সময়ত মিলবেনে কয় যে এই মহান দিনটোৰ অংশ হোৱাটো আচৰিত কথা । আমাৰ বাবে এটা ভাল সপ্তাহ হ’ব । তেওঁ কৈছিল যে এই ভ্ৰমণ আমেৰিকা-ভাৰতৰ সম্পৰ্ক, বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰ আৰু আজিৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ উদযাপন এয়া।

ওম জয় জগদীশ গীত গাই ভাৰতত জনপ্ৰিয় হৈ পৰিছিল মেৰী

২০২০ চনত ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৪ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে মেৰী মিলবেনে জাতীয় সংগীত গাইছিল । ২০২০ চনত দীপাৱলীৰ দিনা ওম জয় জগদীশ হৰে ভজন পৰিৱেশন কৰিছিল ৷ যাৰ বাবে ভাৰতত যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।

লগতে পঢ়ক: PM Modi in US: আমেৰিকাত নাটু নাটুত নৃত্য কৰে শিশুসকলে- হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

লগতে পঢ়ক: Titan submarine: টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ মৃত্যু পাঁচজনৰ, পৰিচালক জেমছ কেমেৰনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

Last Updated : Jun 25, 2023, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.