ETV Bharat / entertainment

সৰু ৰণবীৰ কাপুৰৰ আবিৰ্ভাৱ

author img

By

Published : Aug 17, 2022, 12:31 PM IST

আলিয়া ভাটে শ্বেয়াৰ কৰা ফটোত এটি সৰু ল’ৰাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ নেটিজেনে অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে শিশুটিৰ চেহেৰাৰ সৈতে মিল বিচাৰি পাইছে ৷ চাওক ফটো-

Alia bhatt
মাৰ্কেটত ওলাইছে সৰু ৰণবীৰ কাপুৰ

চিটাৰা ডেস্ক, 17 আগষ্ট : বলীউডৰ গংগুবাই আলিয়া ভাটে বৰ্তমান তেওঁৰ গৰ্ভধাৰণৰ সময় উপভোগ কৰি আছে । 27 জুনত আলিয়া ভাটে স্বামী ৰণবীৰ কাপুৰৰ সৈতে গৰ্ভধাৰণৰ খবৰটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল । গৰ্ভাৱস্থাত আছে যদিও আলিয়া ভাট নিজৰ কামত ব্যস্ত হৈ আছে । শেহতীয়াকৈ আলিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা কিছু ফটোক লৈ লাগিছে খলকনি ।

ছ'চিয়েল মিডিয়াত লাগিছে তোলপাৰ

যেতিয়া অনুৰাগীসকলে আলিয়াই পোষ্ট কৰা ফটোসমূহ লক্ষ্য কৰে সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰে এটা শিশুৰ ওপৰত ৷ শিশুটিকলৈ সকলোৱে নিজ নিজ মন্তব্য দিবলৈ আৰম্ভ কৰিছে ৷ সকলোৱে শিশুটিৰ মাজত বিচাৰি পাইছে শিশু ৰণবীৰ কাপুৰ (looks like Ranbir kapoor) ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এই শিশুটো ৰণবীৰৰ দৰে দেখিবলৈ একেই" ৷ আন এজনে আকৌ লিখিছে, "আলিয়া আপুনি নাভাবে নেকি যে এই শিশুটো ৰণবীৰ কাপুৰৰ দৰে দেখিবলৈ একেই"?

বেবীমুনৰ পৰা উভতিল আলিয়া

শেহতীয়াকৈ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট তেওঁলোকৰ বেবীমুনলৈ গৈছিল, য'ৰ পৰা আলিয়াৰ এখন ছবি প্ৰকাশ পাইছিল । বৰ্তমান তেওঁলোক বেবীমুনৰ পৰা উভতি আহিছে । অনুৰাগীসকল আলিয়া আৰু ৰণবীৰ কাপুৰক প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত একেলগে চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে ।

ৰণবীৰ আলিয়াৰ ছবি 'ব্ৰহ্মাস্ত্ৰ' মুক্তিৰ বাবে সাজু হৈ আছে । চলচ্চিত্ৰখন চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব । ৰণবীৰ আৰু আলিয়াৰ এই ছবিখনক লৈ দুয়ো উৎসাহী হৈ আছে ৷ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰণবীৰ কাপুৰৰ ছবি 'শ্বমছেৰা' বক্স অফিচত ফ্লপ হিচাপে পৰিগণিত হ’ল ৷

আনহাতে আলিয়া ভাটৰ শেহতীয়া ছবি 'ডাৰ্লিংছে' অ'টিটিত মুক্তি লাভ কৰে আৰু এই ছবিখনকলৈ দৰ্শকে মিশ্ৰিত প্ৰতিক্ৰিয়া দিয়ে ৷

লগতে পঢ়ক : মিনি বডিকন ড্ৰেছত দেখা পোৱা গৈছে আলিয়া ভাটৰ baby bump - ফটো চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.