ETV Bharat / entertainment

Brahmastra Trailer release : ৰণবীৰ-আলিয়াৰ প্ৰথম ছবি ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Jun 15, 2022, 1:03 PM IST

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে অভিনয় কৰা প্ৰথমখন ছবি 'ব্ৰহ্মাস্ত্ৰ'ৰ ট্ৰেইলাৰ মুকলি হ’ল (Alia Bhatt Ranbir Kapoor movie together)। ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলে এতিয়া ট্ৰেইলাৰটো চোৱাৰ পিছত নিশ্চয়কৈ তেওঁলোকৰ উৎকণ্ঠা দুগুণে বৃদ্ধি পাব ৷ চাওক ট্ৰেইলাৰটো-

Brahmastra Trailer
ৰণবীৰ আলিয়াৰ প্ৰথম ছবি ব্ৰহ্মাস্ত্ৰৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 15 জুন : ৰূপালী পৰ্দাত প্ৰথমবাৰৰ বাবে একেলগে দেখা পোৱা যাব ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক ৷ এই ছবিখনৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল ৷ মুকলি হ’ল বহুপ্ৰতীক্ষিত ছবিখনৰ ট্ৰেইলাৰ ৷ ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা দুয়োৰে অনুৰাগীয়ে ট্ৰেইলাৰটো চোৱাৰ পিছত প্ৰশংসাৰে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া (Brahmastra Trailer) ৷

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ অনুৰাগীসকলৰ উৎকণ্ঠা আৰু অধিক বৃদ্ধি পালে ট্ৰেইলাৰটো চোৱাৰ পিছত (Alia Bhatt latest insta post) । 'ব্ৰহ্মাস্ত্ৰ' শীৰ্ষক এই ছবিখন দুয়োগৰাকী তাৰকাৰে প্ৰথম পৌৰাণিক ছবি । পূৰ্বে চলচ্চিত্ৰখনৰ সকলো চৰিত্ৰৰ ম’চন পোষ্টাৰবোৰ একেৰাহে মুকলি কৰা হৈছিল । এই ছবিখন অয়ন মুখাৰ্জীয়ে পৰিচালনা কৰিছে আৰু কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ।

ইয়াৰ পূৰ্বে আলিয়া ভাটে ছবিখনৰ এটা টিজাৰ শ্বেয়াৰ কৰিছিল, য'ত অমিতাভ বচ্চন, নাগাৰ্জুন, ৰণবীৰ কাপুৰ আৰু মৌনী ৰয়কে ধৰি সকলোৰে চৰিত্ৰ দেখা পোৱা গৈছিল (Brahmastra movie cast) । টিজাৰটোত সকলো তাৰকাৰে প্ৰকৃত চৰিত্ৰ প্ৰকাশ হৈছিল ।

চলচ্চিত্ৰখনৰ লগত জড়িত সকলোৱে দৃশ্যগ্ৰহণ সমাপ্ত কৰি কাশী মন্দিৰ দৰ্শন কৰিছিল । যেতিয়া আলিয়া আৰু ৰণবীৰে বাৰাণসীত 'ব্ৰহ্মাস্ত্ৰ' চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰি আছিল তেতিয়া বহুতো ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল । আলিয়া-ৰণবীৰক বাৰাণসীৰ বহু ঠাইত দৃশ্যগ্ৰহণ কৰা দেখা গৈছিল । বাৰাণসীৰ ৰাস্তা আৰু নদীৰ পাৰত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে ।

প্ৰায় পাঁচ বছৰৰ পিছত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে (Brahmastra movie budget) ৷ ছবিখনে এই বছৰৰ ৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব (Brahmastra release date)।

লগতে পঢ়ক: Alia Bhatt role in Brahmastra : ব্ৰহ্মাস্ত্ৰ সম্পৰ্কত কি ক’লে অভিনেত্ৰী আলিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.