ETV Bharat / entertainment

Akshay Kumar tobacco controversy: ধঁপাতৰ ব্ৰেণ্ড এম্বেচাডৰ পদ ত্যাগ কৰিলে অক্ষয় কুমাৰে

author img

By

Published : Apr 21, 2022, 3:55 PM IST

বিমল পাণ মচলাৰ এটা বিজ্ঞাপনৰ সৈতে জড়িত হৈ পৰাত বলীউড অভিনেতা অক্ষয় কুমাৰ ভীষণ তিৰস্কাৰৰ সন্মুখীন হ’ব লগীয়া হৈছে (Akshay Kumar tobacco controversy) ৷ সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱা অভিনেতাজনে তাৰ পিছতেই ধঁপাত কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে ।

Akshay Kumar
ধঁপাতৰ ব্ৰেণ্ড এম্বেচাডৰ পদ ত্যাগ কৰিলে অক্ষয় কুমাৰে

চিটাৰা ডেস্ক, 21 এপ্ৰিল: বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ প্ৰায়ে তেওঁৰ অনুপ্ৰেৰণামূলক কামৰ বাবে বাতৰিলৈ আহে । অভিনেতাজনৰ নাম যোৱা কেইদিনমান ধৰি সামাজিক মাধ্যমত খুব চৰ্চিত হৈছে । কিন্তু এইবাৰ তেওঁক লৈ আলোচনা তেওঁৰ ভাল কামৰ বাবে হোৱা নাই বৰঞ্চ ইয়াৰ কাৰণ হৈছে এটা বিজ্ঞাপন (Akshay Kumar tobacco controversy) ৷

দৰাচলতে, বলীউডৰ খিলাড়ী কুমাৰক পাণ মচলাৰ এটা বিজ্ঞাপনত দেখা গৈছিল ৷ ইয়াৰ পিছতে তেওঁক ছ'চিয়েল মিডিয়াত ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰিছিল অনুৰাগীয়ে ( Akshay Kumar vimal ad) । এই সমালোচনাৰ ফলত আত্ম অনুশোচনাত ভুগি ছ'চিয়েল মিডিয়া পোষ্টত এক দীঘলীয়া বাৰ্তা প্ৰেৰণ কৰে অভিনেতাজনে ৷ মানুহৰ অনুভূতিক আঘাত কৰাৰ বাবে তেওঁ ক্ষমা বিচাৰিছিল ।

"মই দুঃখিত । মই আপোনালোকৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছো । যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক বহুত প্ৰভাৱিত কৰিছে", এইদৰে নিজৰ মনৰ ভাষা প্ৰকাশ কৰিলে অভিনেতাজনে ৷

মানুহৰ পৰা নিৰন্তৰ সমালোচনাৰ সন্মুখীন হৈ থকা অভিনেতাজনে এতিয়া বিষয়টোৰ ওপৰত গুৰুত্ব দিছে ৷ ভৱিষ্যতে তেনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে বিচাৰ বিবেচনা কৰিব বুলি অনুৰাগীৰ আগত প্ৰকাশ কৰে তেওঁ । এই পোষ্টটো তেওঁৰ অফিচিয়েল টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি লিখিছিল, "মই মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছো ৷ যোৱা কেইদিনমানত যি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সেইটোৱে মোক বহুত প্ৰভাৱিত কৰিছে । মই কেতিয়াও ধঁপাত সমৰ্থন কৰা নাই আৰু নকৰো"।

শ্বাহৰুখ আৰু অজয় দেৱগণৰ পিছত শেহতীয়াকৈ অক্ষয়ক বিমল পাণ মচলাৰ সৈতে জড়িত হৈ পৰা দেখিবলৈ পোৱা গৈছে (Ajay Shah rukh Akshay vimal ad) ৷ নতুনকৈ প্ৰচাৰ হোৱা বিজ্ঞাপনটোত অজয় দেৱগণ আৰু শ্বাহৰুখ খানে অক্ষয় কুমাৰক সম্ভাষণ জনাই আদৰি অনা দেখিবলৈ পোৱা গৈছে ৷ বিমলৰ বিজ্ঞাপনত অজয়ক দেখা মাত্ৰেই ক্ষোভত ফাটি পৰে তেওঁৰ অনুৰাগী সকল ৷

লগতে পঢ়ক: Palak Tiwari latest news: শ্বেতা তিৱাৰীক হট্ মামা বুলি ক’লে বেয়া পাই পলকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.