ETV Bharat / entertainment

দীপাৱলীত মুক্তি নাপায় অক্ষয় কুমাৰৰ হাউছফুল ৫, মুক্তিৰ তাৰিখ পিছুৱালে নিৰ্মাতাই

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 1:45 PM IST

Housefull 5 Release Date Postponed: অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি ‘Housefull 5’ সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট । আচলতে এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । নিৰ্মাতাসকলে আনুষ্ঠানিক বিবৃতি জাৰি কৰি এই কথা ঘোষণা কৰিছে ।

akshay-kumar-starrer-housefull-5-delayed-release-date-pushed-due-to-pending-vfx-work
হাউছফুল ৫ মুক্তিৰ তাৰিখ পিছুৱালে নিৰ্মাতাই

চিটাৰা ডেস্ক, ৪ ডিচেম্বৰ: অক্ষয় কুমাৰৰ অন্যতম প্ৰত্যাশিত ছবি হৈছে 'Housefull ৫' । জনপ্ৰিয় ফ্ৰেঞ্চাইজি হাউছফুলে নিজৰ প্ৰতিখন ছবিৰে দৰ্শকক হাঁহিবলৈ বাধ্য কৰাইছি । এতিয়া অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই ফ্ৰেঞ্চাইজিৰ পঞ্চম পাৰ্টৰ বাবে । অৱশ্যে এতিয়া ছবিখনৰ সন্দৰ্ভত এটা নতুন আপডেট আহিছে, যিটোৱে হয়তো অনুৰাগীক কিছু হতাশ কৰিব পাৰে । আচলতে আটাইতকৈ প্ৰত্যাশিত ছবি ‘হাউছফুল ৫’ৰ নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ পিছুৱাই দিছে । গতিকে জানো আহক এই ছবিখন কেতিয়া ছবিগৃহত মুক্তি পাব ।

পিছুৱাই দিয়া হ’ল ‘হাউছফুল ৫’ৰ মুক্তিৰ তাৰিখ

অক্ষয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত কিছু ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ সমান্তৰালকৈ খিলাড়ী কুমাৰে তৰুণ মনসুখানীৰ পৰিচালিত হাউচফুল ৫ ছবিখনৰ নতুন মুক্তিৰ তাৰিখো ঘোষণা কৰিছে । প্ৰথম ফটোখনত ঘোষণা কৰা হৈছে যে ভাৰতৰ সৰ্ববৃহৎ কমেডী ফ্ৰেঞ্চাইজি ২০২৫ চনৰ জুন মাহত মুক্তি পাব । ইয়াৰ লগতে দলটোৰ আনুষ্ঠানিক বিবৃতি আন এখন ফটোত প্ৰকাশ কৰা হৈছে ।

য’ত লিখা আছিল, "হাউছফুল ফ্ৰেঞ্চাইজিৰ বৃহৎ সফলতাৰ ক্ৰেডিট কেৱল দৰ্শকলৈ যায় আৰু আমি হাউচফুল ৫ৰ বাবেও একেধৰণৰ সঁহাৰি আশা কৰোঁ । দলটোৱে এক অতি সুন্দৰ কাহিনী ৰচনা কৰিছে, যিটো কাহিনীয়ে দাবী কৰে উত্তম ভিএফএক্সৰ । সেয়েহে, আমি সিদ্ধান্ত লৈছো। হাউছফুল ৫ এতিয়া ৬ জুন, ২০২৫ত মুক্তি পাব ।"

‘হাউছফুল ৫’ৰ তাৰকা অভিনেতা কোন কোন ?

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অক্ষয় কুমাৰ অভিনীত কমেডী ছবিখন অহা বছৰ অৰ্থাৎ দীপাৱলী ২০২৪ত ডাঙৰ পৰ্দাত মুক্তি পোৱাৰ সম্ভাৱনা আছিল । অৱশ্যে শেহতীয়া ঘোষণাৰ পিচতে কিছু হতাশ হৈ পৰিছে অনুৰাগীসকল । ছবিখনৰ তাৰকা অভিনেতাৰ কথা ক’বলৈ গ’লে বৰ্তমান হাউছফুল ৫ ৰ বাবে অক্ষয় কুমাৰ আৰু ৰিতেশ দেশমুখৰ নাম নিশ্চিত কৰা হৈছে । জন আব্ৰাহাম, অভিষেক বচ্চন আৰু ববি দেওলো এই ছবিখনৰ অংশ হ’ব পাৰে বুলি চৰ্চা চলিছে । ইয়াৰ লগে লগে এইখনেই হ’ব প্ৰথমখন বলিউড ফ্ৰেঞ্চাইজি য’ত পাঁচখন ছবি থাকিব । এই ফ্ৰেঞ্চাইজিৰ শেষৰ কিস্তি অৰ্থাৎ হাউচফুল ৪, ২০১৯ চনত মুক্তি পাইছিল ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ছবিক চেৰ পেলাই শীৰ্ষস্থান দখল এনিমেলৰ, বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছবিখনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.