ETV Bharat / entertainment

Bigg Boss OTT 2: আকাংক্ষা পুৰীয়ে জাদ হাদিদৰ সৈতে অন কেমেৰা কৰিলে ৩০ ছেকেণ্ডৰ চুম্বন, নেটিজেনে ক’লে বৰ্জন কৰক বিগ বছ

সম্প্ৰতি আকাংক্ষা পুৰী আৰু জাদ হাদিদৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ভিডিঅ’টোত আকাংক্ষা আৰু জাদক লিপ লক কৰা দেখা গৈছে ।

Akanksha Puri openly lip-locked with Jad Hadid kissing in front of the camera for 30 seconds
আকাংক্ষা পুৰীয়ে জাদ হাদিদৰ সৈতে অন কেমেৰা কৰিলে ৩০ ছেকেণ্ডৰ চুম্বন, নেটিজেনে ক’লে বৰ্জন কৰক বিগ বছ
author img

By

Published : Jul 1, 2023, 1:36 PM IST

আকাংক্ষা পুৰী আৰু জাদ হাদিদৰ মাজত লিপলকৰ বাবে সম্প্ৰতি বাতৰিৰ শিৰোনাম হৈছে বিগ বছ অ'টিটি ২ । অ'টিটিত এনেদৰে মুকলিকৈ চুমা খালে দৰ্শকে ভাল পোৱা নাই আৰু আকাংক্ষা পুৰী আৰু অনুষ্ঠানটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । ইফালে অভিনেতা তথা চলচ্চিত্ৰ সমালোচক কমল ৰছিদ খান ওৰফে কে আৰ কেয়ে অনুৰাগ ঠাকুৰক টুইটাৰত টেগ কৰি প্ৰশ্ন উত্থাপন কৰিছে ।

কে আৰ কেয়ে তেওঁৰ টুইটযোগে লিখে যে, ‘এতিয়া বিগ বছত মুকলিকৈ চুমা খোৱা দেখুওৱা হৈছে । কি কৰিছে মন্ত্ৰী অনুৰাগ ঠাকুৰে । তেওঁ সন্তানৰ পিতৃ । গতিকে তেওঁ যুৱক-যুৱতীসকলক কি শিকাব বিচাৰে ? কিছু মৰ্যাদা ৰাখক!

ব্যৱহাৰকাৰীৰ মতামত

কে আৰ কেৰ এই টুইটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্যৱহাৰকাৰীসকলে । প্ৰদীপ পাঠক নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘কে আৰ কেৰ কথাত মই একমত । বিগ বছ এটা ফেমিলি শ্ব’, তেওঁলোকে এনেকুৱা বস্তু দেখুৱাব নালাগে । বিগ বছ বৰ্জন কৰক । এছ পি সিঙে লিখিছে, “পুনীত ছুপাৰষ্টাৰ যোৱাৰ পিছত এনেয়ে ডেমেজ কণ্ট্ৰ’ল কৰি আছে ।”

আনহাতে আকাশ গগৈয়ে লিখিছে, ‘সৰু ল’ৰা-ছোৱালীয়ে এনেও বিগ বছৰ দৰে বেয়া অনুষ্ঠান চোৱাটো উচিত নহয় । ল'ৰা-ছোৱালীবোৰৰ বাবে ইয়াত আছে কি ভাই ? গোটেই দিনটোৰ সময় পাৰ হৈ যায়, গালি-গালাজ, এজন ইয়ালৈ গৈ আছে আৰু কিছুমান তালৈ ।

জাদ হাদিদে আকাংক্ষাক বেড কিচাৰ বুলি অভিহিত কৰে

য'ত এফালে বাহিৰৰ দৰ্শকে আকাংক্ষা আৰু জাদ হাদিদৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে । তেনে সময়তে জাদ হাদিদক চুমা খোৱাৰ পিছত আকাংক্ষাই তেওঁক বেড কিচাৰ বুলি অভিহিত কৰে । ইয়াৰ বিৰোধিতা কৰি পূজা ভাটে কয় যে, ‘‘মোক ক্ষমা কৰিব....কিন্তু আপুনি যদি এই কথা ভাবিছে তেন্তে আপোনাৰ নিশ্চয় কিবা খেলি-মেলি হৈছে কাৰণ আপোনাক এই কিচ উপভোগ কৰা দেখা গৈছে ৷’’

উল্লেখ্য যে, 'বিগ বছ অ'টিটি ২'ৰ শেহতীয়া খণ্ডত আকাংক্ষা পুৰী আৰু জাদ হাদিদে সকলো সীমা অতিক্ৰম কৰিলে । দুয়োজনেই ইজনে আনজনক ফ্ৰেঞ্চ কিচ কৰে, যাৰ পিছত এতিয়া শ্ব’টো আৰু অভিনেত্ৰীগৰাকী ট্ৰ’লৰ সন্মূখীন হ’বলগীয়া হৈছে । মানুহে ইয়াক তীব্ৰ সমালোচনা কৰিছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই শ্ব’টোৰ বিষয়ে কৈছে যে এইটো এতিয়া পৰিয়ালৰ শ্ব’ নহয় । একে সময়তে অভিনেত্ৰীগৰাকীক চুমা খোৱাৰ পিছতো মানুহে ভাল বেয়া বুলিও অভিনেত্ৰীগৰাকীক আখ্যা দিছে। ইয়াৰ সমান্তৰালকৈ জাদ হাদিদে আকাংক্ষাক চুমা খোৱাৰ পিছত তেওঁক ‘ বেড কিচাৰ’ বুলি অভিহিত কৰে । আনহাতে, দুয়োজনে ইজনে আনজনৰ সৈতে শ্ব’টোত ৩০ ছেকেণ্ড লিপ লক কৰা দেখা যায় ।

লগতে পঢ়ক: Satyaprem Ki Katha Collection: কাৰ্তিক-কিয়াৰাৰ আগমনৰ লগে লগে স্তব্ধ হৈ পৰিল আদিপুৰুষৰ ব্যৱসায়, প্ৰথম দিনাৰ সংগ্ৰহ কিমান জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.