ETV Bharat / entertainment

Akanksha Juneja Fraud: অনলাইনত খাদ্য অৰ্ডাৰ কৰি প্ৰৱঞ্চনাৰ বলি সাথ নিভানা সাথিয়াৰ এইগৰাকী অভিনেত্ৰী

author img

By

Published : Jul 24, 2023, 11:03 AM IST

চাইবাৰ অপৰাধৰ কৱলত অভিনেত্ৰী আকাংক্ষা জুনেজা । প্ৰৱঞ্চকে মিনিটতে অভিনেত্ৰীগৰাকীৰ বেংক একাউণ্টৰ পৰা লুটি নিলে ৩০ হাজাৰ টকা। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Akanksha Juneja Faced Online Fraud When She Ordered Online Food Read Details
চাইবাৰ অপৰাধৰ কৱলত অভিনেত্ৰী আকাংক্ষা জুনেজা

চিটাৰা ডেস্ক, 24 জুলাই: যিমানেই মানুহ ডিজিটেল হৈছে সিমাই চাইবাৰ অপৰাধীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ এই চাইবাৰ অপৰাধীয়ে কেৱল সাধাৰণ লোককেই নহয়, অভিনেতা-অভিনেত্ৰীসকলকো লক্ষ্য কৰি লৈছে ৷ বৰ্তমান অনলাইনৰ যুগ ৷ সেয়াহে আমি ঘৰত বহিয়ে যিকোনো বস্তু অতি সহজে অৰ্ডাৰ কৰিব পাৰো ৷ কিন্তু অনলাইনত যিকোনো বস্তু অৰ্ডাৰ কৰাৰ সময়ত আপুনি অলপ সাৱধান হ’ব লাগিব, অন্যথা মিনিটতে খালী হ’ব পাৰে আপোনাৰ বেংক একাউন্ট ৷ এইবাৰ এনে এক চাইবাৰ অপৰাধৰ কবলত পৰিছে এগৰাকী অভিনেত্ৰী ৷

এই অপৰাধৰ বলি হৈছে টিভি ধাৰাবাহিক ‘সাথ নিভানা সাথিয়া’ত অভিনয় কৰা অভিনেত্ৰী আকাংক্ষা জুনেজা । আকাংক্ষক শেহতীয়াকৈ দেখা পোৱা গৈছিল ‘সাথ নিভানা সাথিয়া’ ধাৰাবাহিকত আৰু এতিয়া ‘কুণ্ডলী ভাগ্য’ ধাৰাবাহিকত । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে খাদ্যৰ অৰ্ডাৰ দিবলৈ গৈ বলি হ’ল প্ৰৱঞ্চনাৰ ৷ অপৰাধীয়ে মিনিটতে লুটি নিলে ৩০ হাজাৰ টকা । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে সতৰ্কতা অৱলম্বন কৰি ততাতৈয়াকৈ বেংকত যোগাযোগ কৰি একাউণ্ট ব্লক কৰি দিয়ে।

খাদ্য অৰ্ডাৰৰ জালিয়াতি

অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘শেহতীয়াকৈ মই বাহিৰৰ পৰা খাদ্যৰ অৰ্ডাৰ দিছিলো, তাৰ পিচত কোম্পানীটোৰ পৰা মোলৈ ফোন আহিছিল । তেওঁলোকে মোক কৈছিল যে, আপোনালৈ এটা লিংক পঠিওৱা হৈছে, সেই লিংকটোত ক্লিক কৰি আপোনাৰ অৰ্ডাৰ নিশ্চিত কৰক । যেতিয়া মই সুধিলোঁ যে এনেকুৱা নিয়ম আগত নাছিলে । তেতিয়া তেওঁ ক’লে, এয়া নতুন প্ৰট’কল । লিংকটোত ক্লিক কৰাৰ লগে লগে মোৰ একাউণ্টৰ পৰা ৫ মিনিটৰ মূৰে মূৰে ১০ হাজাৰ টকা কৰ্তন হ’বলৈ ধৰিলে ।’’

একাউণ্ট ব্লক কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে

ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে ‘মই লগে লগে বেংকলৈ ফোন কৰি মোৰ একাউণ্ট ব্লক কৰি দিলোঁ । কিন্তু তেতিয়ালৈকে মোৰ একাউন্টৰ পৰা ৩০ হাজাৰ টকা লুটি নিছিল প্ৰৱঞ্চকে ৷ কষ্টোপাৰ্জিত ধন যেতিয়া এনেকৈ যায় তেতিয়া বহুত দুখ লাগে ।’

অনুৰাগীক অভিনেত্ৰীৰ পৰামৰ্শ

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘‘বৰ্তমান সময়ত এনে প্ৰৱঞ্চকৰ পৰা মানুহ সাৱধান হোৱা উচিত । এই লিংকটো পঠোৱা ব্যক্তিজনে মোৰ ফোনটো হেক কৰিছিল । সেইবাবেই কোনো অচিনাকি ব্যক্তিয়ে পঠোৱা লিংকটোত কেতিয়াও ক্লিক কৰিব নালাগে।’’

লগতে পঢ়ক: Akshay Kumar: ৰাজীৱ ভাটিয়া কেনেকৈ হ’ল অক্ষয় কুমাৰ ? জানক অক্ষয় কুমাৰৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.