ETV Bharat / entertainment

Akanksha Dubey Suicide: প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আকাংক্ষাৰ মাতৃৰ

author img

By

Published : Mar 27, 2023, 10:39 PM IST

ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ (Akanksha Suicide Case) ৷ বিষয়টোক আত্মহত্যা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে অভিনেত্ৰীগৰাকীৰ মাতৃয়ে ৷ প্ৰেমিক তথা ভোজপুৰী কণ্ঠশিল্পী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভনেত্ৰীগৰাকীৰ মাতৃয়ে । সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

akanksha-dubey-mother-made-serious-allegations-against-boyfriend-and-bhojpuri-singer-samar-singh
আকাংক্ষা ডুবেৰ আত্মহত্যাৰ ঘটনাৰ নতুন মূৰ

চিটাৰা ডেস্ক, 27 মাৰ্চ: শেহতীয়াকৈ বাৰাণসীৰ হোটেলৰ এটা কোঠাত আত্মহত্যা কৰিছে ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেয়ে ৷ বৰ্তমান আত্মহত্যাৰ গোচৰৰ তদন্ত কৰি আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে (Akanksha Suicide Case) । ইফালে মহাৰাষ্ট্ৰৰ পৰা আকাংক্ষৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ সোমবাৰে বাৰাণসীত উপস্থিত হৈছে আকাংক্ষৰ আত্মীয় । ইয়াৰ পিচতে আকাংক্ষাৰ প্ৰেমিক তথা ভোজপুৰী গায়ক সমৰ সিং আৰু ডাঙৰ ভাতৃৰ বিৰুদ্ধে আকাংক্ষাৰ পৰিয়ালৰ লোকে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

আকাংক্ষা ডুবেৰ মাতৃ মধু ডুবেয়ে অভিযোগ উত্থাপন কৰি কয় যে ২১ মাৰ্চৰ বিবাদৰ পিচত সমৰ সিং আৰু তেওঁৰ পৰিয়ালৰ লোকে আকাংক্ষাক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল (Akanksha Dubey) । সমৰ সিঙৰ জ্যেষ্ঠ ভাতৃ সঞ্জয় সিঙে কেইবাদিনো ধৰি আকাংক্ষাক হত্যাৰ ভাবুকি দি আহিছিল । এইবোৰৰ মাজতে দেওবাৰে বাৰাণসীৰ এখন হোটেলত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ । এখন ছবিৰ শ্বুটিঙৰ বাবে বাৰাণসীত উপস্থিত আছিল আকাংক্ষা ।

আকাংক্ষাৰ মাতৃ মধু ডুবেই লগতে কয় যে ভোজপুৰী গায়ক সমৰ সিঙে আকাংক্ষাক বহু ধৰণে হাৰাশাস্তি কৰি আহিছিল । সমৰৰ লগতেই ছবিজগতত কাম কৰিবলৈ আকাংক্ষাক হেঁচা প্ৰয়োগ কৰি আহিছিল । কিন্তু সমৰৰ এই কথা মানি ল’বলৈ অস্বীকাৰ কৰিছিল আকাংক্ষাই ৷ যাৰ বাবে সমৰ সিং আৰু তেওঁৰ পৰিয়ালৰ লোকে অভিনেত্ৰীগৰাকীক হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ উত্থাপন কৰে মাতৃয়ে । শেহতীয়াকৈ আকাংক্ষাই আন এজন তাৰকাৰ সৈতে কাম কৰিছিল, তেতিয়া আকাংক্ষাৰ বাকী থকা ধনো এই লোকসকলে বন্ধ কৰি দিছিল (Akanksha Dubey Suicide Case)।

ইতিমধ্যেই কণ্ঠশিল্পী সমৰ সিং আৰু সঞ্জয় সিঙৰ বিৰুদ্ধে সাৰনাথ থানাত অভিনেত্ৰীগৰাকীৰ মাতৃ মধু ডুবেই এফআইআৰ দাখিল কৰিছে ৷ মাতৃ মধু ডুবেই লগতে কয়, "কণ্ঠশিল্পী সমৰ সিং আৰু তেওঁৰ ভাতৃ সঞ্জয় সিঙৰ বিৰুদ্ধে মোৰ কন্যা হত্যাৰ গোচৰ ৰুজু কৰিছো । মোৰ কন্যাই আত্মহত্যা কৰা নাই । সমৰ সিং আৰু সঞ্জয় সিঙে মোৰ কন্যাক হত্যা কৰিছে ৷ হোটেলত মৃতদেহ যিটো অৱস্থাত পোৱা গৈছে সেইটো অৱস্থাত কোনোবাই আত্মহত্যা কৰে নেকি? বহি থকা অৱস্থাত কেনেকৈ আত্মহত্যা কৰিব পাৰে ? মোৰ কন্যাই নিশা পাৰ্টিৰ পৰা আনন্দ কৰি আহিছিল, তেতিয়াহ’লে কেনেকৈ আত্মহত্যা কৰিব পাৰে । আমি ন্যায় বিচাৰো ।"

অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেয়া পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত হে ৷

লগতে পঢ়ক: Akanksha Dubey committed suicide: ৰহস্যজনক অৱস্থাত উদ্ধাৰ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.