ETV Bharat / entertainment

আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব অজয়-টাবুক, ঘোষণা নতুন ছবিৰ

author img

By ANI

Published : Dec 5, 2023, 2:19 PM IST

Auron Mein Kahan Dum Tha Release Date: আকৌ এবাৰ অজয় ​​দেৱগন আৰু টাবুৱে একেলগে ডাঙৰ পৰ্দাত জুই লগাবলৈ সাজু হৈছে । নীৰজ পাণ্ডেৰ ছবি ‘অৰৌ মে কাহা দম থা’ ছবিখনত দেখা যাব টাবু-অজয়ক ৷ ছবিখনৰ শিৰোনামৰ লগতে মুক্তিৰ তাৰিখ ঘোষণা কৰিছে অজয় ​​দেৱগনে । এই বিষয়ে বিতংকভাৱে জানক এই প্ৰতিবেদনত ।

Ajay Devgn, Tabu's 'Auron Mein Kahan Dum Tha' to release on this date
অৰৌ মে কাহা ডম থা মুক্তিৰ তাৰিখ

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ : অজয় ​​দেৱগন আৰু টাবু ভাল বন্ধু হোৱাৰ উপৰিও তেওঁলোকে একেলগে বহু ছবিতো অভিনয় কৰিছে । দুয়োগৰাকীয়ে বহু ছবিত নিজৰ ৰোমাঞ্চেৰে ডাঙৰ পৰ্দাত দৰ্শকক মোহিবলৈ সক্ষম হৈছিল । এতিয়া আকৌ এবাৰ তেওঁলোকৰ ৰোমান্টিক কেমিষ্ট্ৰী ডাঙৰ পৰ্দাত দেখা পোৱা যাব ।

‘বেবী’, ‘স্পেচিয়েল ২৬’, ‘দ্য ফ্ৰীলান্সাৰ’ৰ দৰে ছবি আৰু ধাৰাবাহিক নিৰ্মাণ কৰা নীৰজ পাণ্ডেৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰিছে, য’ত অজয় ​​দেৱগন আৰু টাবুৱে মুখ্য চৰিত্ৰত অভিনয় কৰিব । এই ছবিখনৰ শিৰোনাম হ’ব ‘অৰৌ মে কাহা দম থা’।

অজয় দেৱগনৰ আগন্তুক ছবিৰ ঘোষণা

অজয় ​​দেৱগনে ৫ ডিচেম্বৰত অৰ্থাৎ আজি সামাজিক মাধ্যমত তেওঁৰ আহিবলগীয়া ছবিখনৰ কথা ঘোষণা কৰিছে । অভিনেতাগৰাকীয়ে মাইক্ৰ’ব্লগিং চাইট এক্সত ছবিখনৰ আপডেট শ্বেয়াৰ কৰিছে । টুইটটোত তেওঁ লিখিছে, “মই নীৰজ পাণ্ডেৰ সৈতে মোৰ সহযোগিতা ঘোষণা কৰিছো ।”

কেতিয়া মুক্তি পাব অজয় ​​দেৱগন-টাবুৰ আগন্তুক ছবিখন ?

অহা বছৰত মুক্তি পাব অজয় ​​দেৱগন আৰু টাবুৰ ছবি ‘অৰৌ মে কাহা দম থা’। এই ছবিখন ২০২৪ চনৰ ২৬ এপ্ৰিলত ডাঙৰ পৰ্দাত মুক্তি পাব । অৱশ্যে ছবিখন ছবিগৃহত মুক্তি পাব নে অ’টিটিত মুক্তি পাব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই । ই এক ৰোমান্টিক সংগীত নাটক হ’ব । ছবিখনৰ মূল চাউণ্ডট্ৰেক ৰচনা কৰিছে বিখ্যাত সংগীত পৰিচালক এম.এম. কীৰাৱনীয়ে, যিয়ে আৰ আৰ আৰৰ নাটু নাটু গীতৰ বাবে অস্কাৰ বঁটা লাভ কৰা কৰিছে ।

ছবিখনৰ অভিনেতা-অভিনেত্ৰী

ছবিখনৰ অভিনেতাৰ কথা ক’বলৈ গ’লে অজয় ​​আৰু টাবুৰ উপৰিও ছবিখনত জিমি শ্বেৰগিল, ছাই মঞ্জৰেকাৰ আৰু শান্তনু মহেশ্বৰীৰ দৰে অভিজ্ঞ অভিনেতাকো দেখা পোৱা যাব । ছবিখনৰ কাহিনী নীৰজ পাণ্ডেই নিজেই লিখিছে ।

এই ছবিসমূহত টাবু আৰু অজয় ​​দেৱগনে একেলগে কাম কৰিছে

অজয় দেৱগন আৰু টাবুৱে একেলগে বহু ছবিত কাম কৰিছে, যাৰ অধিকাংশই বক্স অফিচত হিট হৈছে । দুয়োগৰাকীয়ে ‘হকীকত’, ‘বিজয়পথ’, ‘দে দে প্যাৰ দে’, ‘দৃশ্যাম’, ‘দৃশ্যাম ২’ আৰু ‘ভোলা’ৰ দৰে ছবিত একেলগে অভিনয় কৰিছে । উল্লেখনীয় যে, দুয়োগৰাকী সহ অভিনেতা হোৱাৰ উপৰিও কলেজীয়া বন্ধুও ।

লগতে পঢ়ক: অপেক্ষাৰ অন্ত ! মুকলি হ’ল ডাংকিৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.