ETV Bharat / entertainment

কাৰ্তিক আৰিয়ানৰ জন্মদিনত কৰণ জোহৰে দিলে বিশেষ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:26 PM IST

Kartik Aaryan Birthday: আজি কাৰ্তিক আৰিয়ানৰ ৩৩ সংখ্যক জন্মদিন । এই বিশেষ দিন উপলক্ষে কৰণ জোহৰে অভিনেতাগৰাকীক দিছে বিশেষ উপহাৰ । পুৰণি মতভেদ পাহৰি কৰণে অভিনেতাগৰাকীৰ সৈতে এখন নতুন ছবিৰ কথা ঘোষণা কৰিছে ।

After Dostana 2 feud, Karan Johar announces new film with Kartik Aaryan on latter's birthday
কাৰ্তিক আৰিয়ানৰ ৩৩ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে আজি ৩৩ সংখ্যক জন্মদিন উদযাপন কৰিছে । এই বিশেষ দিনটোত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে কাৰ্তিকক দিছে এক বিশেষ উপহাৰ । দুয়োৰে মাজত থকা মনোমালিন্য পাহৰি কৰণে অভিনেতাগৰাকীৰ সৈতে এখন নতুন ছবিৰ কথা ঘোষণা কৰিছে ।

জন্মদিনত কৰণ জোহৰৰ পৰা বিশেষ উপহাৰ লাভ কৰে কাৰ্তিক আৰিয়ানে

হয়, কৰণ জোহৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে, যিটো পোষ্ট এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে । এই বিশেষ পোষ্টটো শ্বেয়াৰ কৰি পৰিচালকগৰাকীয়ে অভিনেতাগৰাকীক জন্মদিন উপলক্ষে আগবঢ়াইছে বিশেষ উপহাৰ । কাৰ্তিকৰ সৈতে তেওঁৰ শিৰোনামহীন ছবিৰ কথা ঘোষণা কৰিছে কৰণে । ধৰ্মা প্ৰডাকচনৰ বেনাৰত এই ছবিখন পৰিচালনা কৰিব সন্দীপ মোদীয়ে ।

এই পোষ্টটো শ্বেয়াৰ কৰি কৰণে কাৰ্তিকক জন্মদিনৰ শুভেচ্ছা জনাইছে । কৰণে পোষ্টটোৰ সৈতে কেপচন লিখিছে, ‘‘তোমালৈ (কাৰ্তিক) জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল । আমাৰ সম্পৰ্ক এনেদৰে অধিক শক্তিশালী হৈ যাওক । ২০২৫ চনৰ ১৫ আগষ্টত মুক্তি পাব ছবিখন ।’’

একে সময়তে কৰণৰ জন্মদিনৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্তিকে । তেওঁ কমেন্টত এটা হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে ।

জন্মদিন উদযাপন কৰিছে কাৰ্তিকে

জন্মদিনত কাৰ্তিকে শ্বেয়াৰ কৰিছে এক বিশেষ ফটো, য’ত তেওঁৰ পোহনীয়া কুকুৰ কটোৰী আৰিয়ানৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে । ছবিখনত কেক কটাৰ পূৰ্বে অভিনেতাজনে প্ৰাৰ্থনা কৰা দেখা যায় । ইফালে কাষত বহি থকা কটোৰী আৰিয়ানে কেকটোলৈ মৰমেৰে চাই থাকে ।

লগতে পঢ়ক: কাৰ সৈতে জন্মদিন উদযাপন কৰিলে কাৰ্তিক আৰিয়ানে ? চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.