ETV Bharat / entertainment

Footprints on Water: ৰঘুৰ বেশত আহি আছে আদিল হুছেইন; G20 সন্দৰ্ভত আদিল হুছেইনৰ গুৰুত্বপূৰ্ণ মন্তব্য - ফুটপ্ৰিণ্টছ অন ৱাটাৰ

নাথালিয়া শ্যামৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ আৰু ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰা জি-২০ শীৰ্ষ সন্মিলনৰ বিষয়ে কি ক’লে অভিনেতা আদিল হুছেইনে, জানো আহক এই প্ৰতিবেদনত ৷

Adil Hussain gets candid about India hosting G20 and his film Footprints on Water
জি-২০ শীৰ্ষ সন্মিলনৰ বিষয়ে অভিনেতা আদিল হুছেইনৰ মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 11:33 AM IST

চিটাৰা ডেস্ক, ৪ ছেপ্টেম্বৰ: অসম সন্তান আদিল হুছেইনে নিজৰ সুনিপুণ অভিনয়েৰে কেৱল ভাৰততে নহয়, বিদেশতো নিজৰ এক সুকীয়া স্থান গঢ়িবলৈ সক্ষম হৈছে ৷ অসমীয়া ছবিৰ লগতে বহুকেইখন হিন্দীত ছবিত অভিনয় কৰিছে অভিনেতাগৰাকীয়ে ৷ কেৱল ইমানেই নহয়, ‘দ্য ৰিলুক্টেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ আৰু লাইফ অৱ পাই’ আদিৰ দৰে হলিউড ছবিতো নিজৰ অভিনয়ৰে সকলোৰে হৃদয় জয় কৰিছে অভিনেতাগৰাকীয়ে ৷

অভিনয়ৰ দক্ষতা থকা অভিনেতাগৰাকীয়ে নাথালিয়া শ্যামৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ আৰু ভাৰতে প্ৰথমবাৰৰ বাবে জি-২০ শীৰ্ষ সন্মিলন আয়োজন কৰাৰ বিষয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৷

তেওঁ এএনআইক দিয়া এক সাক্ষাৎকাৰত কয়, “মই কামনা কৰোঁ যে জি-২০ ৰ বাবে এয়া জি ১৪৩ হ’ব ৷ মই পছন্দ কৰিম বিশ্বৰ ১০০ বা ২১০ খন দেশ একত্ৰিত হওক, তেতিয়া আমি সঁচাকৈয়ে ক’ব পাৰিম বসুদেৱ কুটুম্বকম ৷ কাৰণ যেতিয়া আমি পৃথিৱীখনক এক হিচাপে চাওঁ তেতিয়া হে আমি সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিম ৷ সেয়া জনসংখ্যাৰ সমস্যা, বিস্ফোৰণ, জলবায়ু পৰিৱৰ্তন, যুদ্ধ, মানুহৰ প্ৰব্ৰজনকে ধৰি আমি সন্মুখীন হোৱা সকলো সমস্যা সমাধান হ’ব পাৰে ৷ গতিকে মই ভাবো ই এক ডাঙৰ কথা যে আমি ভাৰতীয়সকলে জি-২০ সন্মিলন আয়োজন কৰিছো আৰু মই ভাবো ভাৰতে আৰু অধিক দেশ অন্তৰ্ভুক্ত কৰি আৰু ইয়াক বহু বেছি আগুৱাই নিব পাৰিব ৷”

এইখিনিতে উল্লেখ কৰিব লাগিব যে, নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ (আই আই চি)ত অনুষ্ঠিত হোৱা জি-২০ চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত কৰা হৈছে ।

ছবিখনৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু তেওঁৰ ভূমিকাৰ বিষয়ে আদিল হুছেইনে কয়, “প্ৰথমবাৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পৰিচালকৰ সৈতে কাম কৰি মই যথেষ্ট ভাল পাওঁ ৷ কাৰণ, তেওঁলোকৰ প্ৰথম প্ৰজেক্টটোৰ প্ৰতি থকা উৎসাহৰ বাবে তেওঁলোকে বহুত কঠোৰ পৰিশ্ৰম কৰে । সাধাৰণতে দৰ্শকে ইউৰোপীয় দেশসমূহৰ গোলাপী ছবি চাবলৈ ভাল পায় ৷ কিন্তু সেই স্থানত বসবাস কৰা অনুপ্ৰৱেশকাৰীসকলৰ দুৰ্দশা আৰু অন্ধকাৰ বাস্তৱতা খুব কম লোকেহে দেখা পায় ।”

পৰিচালকক প্ৰশংসা কৰি কয়, “নাথালিয়াৰ বিষয়ে মোৰ যিটো ভাল লাগে সেয়া হ’ল তেওঁৰ বাস্তৱিকতা আৰু বিষয়টোৰ ওপৰত থকা তেওঁৰ জ্ঞান । তাই এটা কাহিনী ক’ব বিচাৰিছিল, কিন্তু জনপ্ৰিয় হ’ব বিচৰা নাছিল ।”

তেওঁ লগতে কয়, “মই সৰুৰে পৰা অভিনয় কৰি আহিছো, কিন্তু ৩০ বছৰে মই মোৰ পাৰিশ্ৰমিক পোৱা নাছিলো ৷ তথাপিও মই অভিনয় কৰি গৈ আছোঁ কাৰণ মই অভিনয় ভাল পাওঁ ৷ মই আশা কৰোঁ কলা নিৰ্মাতাসকলো তেনেকুৱাই হ’ব । যদি আপুনি জনপ্ৰিয় হ’ব বিচাৰে তেন্তে আপুনি আন কিবা এটা কৰা উচিত । কিন্তু কলাই সমাজখনক বিভাজিত নকৰে বৰঞ্চ সমাজখনক একত্ৰিত কৰে ৷ কাৰণ শিল্পৰ উদ্দেশ্য হৈছে মানুহক একত্ৰিত কৰা ।’’

ছবিখন ব্ৰিটেইনত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰী আৰু ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঘুৰ আধাৰত নিৰ্মিত ৷ ৰঘুৰ চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইনে, যিয়ে আৰ্থিক কেলেংকাৰীত ডুব গৈ পত্নী আৰু কন্যাৰ সৈতে ব্ৰিটেইনলৈ পলায়ন কৰিছিল ।

ৰঘুৰ চৰিত্ৰটো ক’ৰবাত তেওঁৰ নিজৰ চৰিত্ৰৰ সৈতে সম্পৰ্ক আছে নেকি বুলি সোধাত তেওঁ কয়, “ভাৰতত আমি সকলোৱে অনুপ্ৰৱেশকাৰী । অসমৰ পৰা দিল্লী ভ্ৰমণ কৰি গৃহ চহৰৰ পৰা সম্পূৰ্ণ পৃথক এক সংস্কৃতি বিচাৰি পালোঁ । একেদৰেই কেৰালালৈ গৈ শিকিলোঁ কঠকলি আৰু একেবাৰে বেলেগ সংস্কৃতি, ভাষা আৰু খাদ্য বিচাৰি পালোঁ ।’’

লগতে তেওঁ কয়, “গতিকে, মই ছবিখনত ৰঘু আৰু তেওঁৰ আৱেগৰ সৈতে মোৰ সম্পৰ্ক আছে । অসমত এন আৰ চি (National Register of Citizens) জাপি দিয়া দেখিছোঁ আৰু সেই স্থানত থকা জনসাধাৰণে নাগৰিকত্ব প্ৰমাণ কৰিবলৈ দেখুৱাব লগা নথি-পত্ৰ বানে উটুৱাই নিয়াৰ বাবে বহুতৰে হাতত নথি-পত্ৰ নাছিল, গতিকে মই দেখিছো তেওঁলোকৰ কষ্ট ৷ সঁচাকৈয়ে ৰঘুৰ লগত মোৰ সম্পৰ্ক আছে ।”

অভিনেতাগৰাকীয়ে বলীউডৰ সন্দৰ্ভত ক’লে, ‘‘মই সুখী যে দৰ্শক পুনৰ ঘূৰি আহিছে ছবিগৃহলৈ ৷ কিন্তু আমি কন্টেন্টৰ ওপৰত গুৰুত্ব দি ভাৰতৰ মহান সন্ত আৰু তেওঁলোকৰ বাৰ্তাৰ পৰা অনুপ্ৰাণিত ছবি নিৰ্মাণ কৰাটো গুৰুত্বপূৰ্ণ ৷ মমতা, প্ৰেম, সহানুভূতি, সন্মান, সততা আৰু অন্যান্য গুণৰ ওপৰত আমি ছবি নিৰ্মাণ কৰিব লাগে । যদি আমি বিশ্বগুৰু হোৱাৰ আশা কৰোঁ তেন্তে চিনেমাই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে ।’’

অভিনেতাজনে নিজৰ পৰৱৰ্তী প্ৰজেক্টৰ বিষয়ে কয়, “বহু প্ৰজেক্ট আছে যিবোৰৰ বিষয়ে মই বেছি আলোচনা কৰিব নোৱাৰো এই সময়ত । মই ছবিখনৰ বিষয়ে নষ্টালজিক হৈ পৰিছো য’ত মই ১৪ বছৰ বয়সৰ কাৰোবাৰ সৈতে কাম কৰিম , কিন্তু মই তেওঁৰ মাতৃৰ সৈতে বহু আগতে কাম কৰিছিলো ৷ আন এখন চিনেমা আছিল ‘দ্য ছেকেণ্ড চান্স’ যিখন মাইম আৰ্টৰ বিষয়ে, কিন্তু ছবিখনে বিশ্বজুৰি আৰু ভাৰতত উপযুক্ত সন্মান লাভ কৰা নাই ।” (ANI)

লগতে পঢ়ক: OIFFA 2023: অট’ৱা ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ফুটপ্ৰিণ্টছ অন ৱাটাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আদিল হুছেইনলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.