ETV Bharat / entertainment

Aamir Khan : পুত্ৰ জুনেইদক কিয় ভয় কৰে আমিৰ খানে ? ক’লে খোদ অভিনেতাগৰাকীয়ে - জুনাইদ খান

ভাৰতৰ অমৃত ৰত্ন ২০২৩ অনুষ্ঠানত আমিৰ খানে পুত্ৰ জুনেইদ খান আৰু তেওঁৰ পৃথক স্বভাৱৰ বিষয়ে বহু কথা উল্লেখ কৰে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Actor Aamir Khan statement on his son Junaid khan
পুত্ৰ জুনাইদৰ পৰা কিয় ভয় কৰে আমিৰ খানে ক’লে
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:45 PM IST

চিটাৰা ডেস্ক, 11 অক্টোবৰ: আমিৰ খানক বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট বুলি কোৱা হয় ৷ কাৰণ অভিনেতাগৰাকীয়ে নিজৰ ছবিৰ জৰিয়তে গুৰুতৰ, আবেগিক আৰু সকলো ধৰণৰ বিষয় উত্থাপন কৰিবলৈ চেষ্টা কৰে । তেওঁৰ প্ৰত্যেকখন ছবিত অনুৰাগীৰ বাবে থাকে এটা বিশেষ বাৰ্তা ৷ তেওঁৰ প্ৰায়ভাগ ছবিত তেওঁৰ ভূমিকা অতি গাম্ভীৰ্য্যপূৰ্ণ হয়, আনহাতে তেওঁৰ অভিনয়ে সকলোৰে হৃদয় চুই যায় । কেৱল ছবিতেই নহয় তেওঁ ব্যক্তিগত জীৱনতো এজন অতি ভাল মানুহ । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰ দিছিল, য’ত তেওঁ নিজৰ প্ৰেম জীৱন আৰু সন্তানৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে কথা পাতে ।

ভাৰতৰ অমৃত ৰত্ন ২০২৩ অনুষ্ঠানত আমিৰ খানে পুত্ৰ জুনেইদ খান আৰু তেওঁৰ পৃথক স্বভাৱৰ বিষয়ে কিছু কথা উল্লেখ কৰে । আমিৰে কয় যে তেওঁ (জুনেইদ) এজন ব্যক্তি হিচাপে অলপ বেলেগ । কলেজত ৰটাৰেক্ট ক্লাবত যোগদান কৰাৰ পিচত জুনেইদে অৱশেষত মানুহৰ লগত মত বিনিময় কৰিবলৈ আৰম্ভ কৰে । অৱশ্যে জুনেইদে এতিয়া নিজৰ চৰ্তত জীৱনটো জীয়াই থকাটো পছন্দ কৰে ।

অভিনেতাগৰাকীয়ে কয়, ‘‘জুনেইদৰ বয়স এতিয়া ৩০ বছৰ আৰু জুনেইদ যেতিয়া সৰুৰ পৰা ডাঙৰ হৈছিল তেতিয়া মই তাক এখন বাহন ক্ৰয় কৰিব দিব বিচাৰিছিলো ৷ কিন্তু আজিলৈকে জুনেইদে তেওঁৰ বাবে বাহন কিনিবলৈ নিদিলে । জুনেইদে এতিয়াও ৰাজহুৱা বাহনত যাত্ৰা কৰে । তেওঁ বাছ আৰু ৰে’লযোগে যাত্ৰা কৰে ।"

শেহতীয়া এটা ঘটনাৰ কথা মনত পেলাই আমিৰ খানে কয়, "কিছুমাহ পূৰ্বে জুনেইদ পণ্ডিচেৰীত আছিল আৰু জুনেইদে মোক কৈছিল যে তেওঁ বন্ধুৰ বিয়াত বেংগালুৰুলৈ যাব । মই জুনেইদক সুধিলোঁ বিমানৰ সময় কিমান ?' তেতিয়া জুনেইদে ক’ লে মই এই মুহুৰ্তত ৰাজ্যৰ পৰা ওলাই গৈ আছো । এয়াই যথেষ্ট । জুনেইদ এজন অতি স্বাধীন ব্যক্তি আৰু তেওঁ নিজৰ ধৰণেৰে জীৱনটো কটাবলৈ ভাল পায় । তেওঁ স্ব-নিৰ্ভৰশীল ব্যক্তি হ’ব বিচাৰে ।’’

আমিৰে জুনেইদ খানক তেওঁৰ প্ৰতি ‘কঠোৰ’ হোৱাৰ বাবেই তেওঁৰ ‘ডাঙৰ সমালোচক’ বুলি অভিহিত কৰে । আমিৰে ক’লে, “জীৱনত যদি মই কাৰোবাক ভয় কৰো, সেয়া হ’ল জুনেইদ । বৰ কঠোৰ তেওঁ । যদি মই তেওঁৰ অনুষ্ঠানবোৰত দেৰিকৈ যাওঁ তেন্তে তেওঁ খং দেখুৱায় । সেয়েহে মই মোৰ পুত্ৰৰ বাবে সোনকালে গুচি যাওঁ ।’’

উল্লেখ্য যে, আমিৰক শেষবাৰৰ বাবে দেখা গৈছিল ২০২২ চনৰ লাল সিং চাড্ডাত ৷ কিন্তু এই ছবিখন ব্যৱসায়িকভাৱে বিফল হৈছিল । শেহতীয়াকৈ তেওঁ নিজৰ পৰৱৰ্তী প্ৰডাকচনৰ ছবি ‘লাহোৰ, ১৯৪৭’ ৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: Aamir Khan Announces His Next Film: তাৰে জমিন পৰৰ পিছত আমিৰ খানৰ নতুন ছবি চিতাৰে জমিন পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.