ETV Bharat / entertainment

Anu Aggarwal with bitter experience: ইণ্ডিয়ান আইডল 13ত অনু আগৰৱালে লাভ কৰিলে তিক্ত অভিজ্ঞতা - অনু আগৰৱাল

ইণ্ডিয়ান আইডল 13 ৰ আশিকী বিশেষ খণ্ডটিত অনু আগৰৱালৰ খুব কম অংশহে দেখুওৱা হয় । তেওঁ দৰ্শকসকলক বহু কথা কৈছিল যিবোৰ আঁতৰাই দিয়া হৈছিল ৷ চ’নীত সম্প্ৰচাৰিত শ্ব’টোৰ অন্তিম খণ্ডত স্থান পোৱা নাছিল সেই বিশেষ কথাবোৰে । নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে তেওঁ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কৈছে যে তেওঁৰ অনুপ্ৰেৰণামূলক আলোচনাই চূড়ান্ত কাটত স্থান নোপোৱাৰ বাবে তেওঁ "দুঃখিত"।

Aashiqui
ইণ্ডিয়ান আইডল 13ৰ আশিকীৰ বিশেষ খণ্ড
author img

By

Published : Nov 18, 2022, 1:23 PM IST

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : ৰোমান্টিক মিউজিকেল হিট ছবি আশিকীয়ে 32 বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে পৰিচালক দীপক টিজোৰী, মুখ্য অভিনেতা ৰাহুল ৰয় আৰু অনু আগৰৱাল আৰু গায়ক কুমাৰ ছানুৱে ইণ্ডিয়ান আইডল 13 ৰ ছেটত বিশেষ খণ্ডত দিনটো উদযাপন কৰে ৷ এই বিশেষ খণ্ডটোৰ বিষয়বস্তু আছিল ছবিখনৰ সফলতা উদযাপন । ইণ্ডিয়ান আইডল 13 ৰ আশিকীৰ বিশেষ খণ্ডটোৱে অৱশ্যে অনু আগৰৱালক তিক্ত অভিজ্ঞতাৰ সন্মুখীন কৰায় ।

এই খণ্ডটোত অনুৰ কথা অতি কমকৈ দেখুওৱা হ’ল । তেওঁ দৰ্শকৰ বাবে বহু কথা কৈছিল, যিবোৰ কাটি পেলোৱা হৈছিল আৰু চ'নীত প্ৰচাৰিত চূড়ান্ত খণ্ডটোত এইবোৰ প্ৰচাৰ হোৱা নাছিল । নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে এটা ৱেবলয়ডৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

প্ৰাক্তন চুপাৰমডেলগৰাকীয়ে আচৰিত ধৰণে প্ৰকাশ কৰে যে শ্ব’টোৰ নিৰ্মাতাসকলে তেওঁৰ বেছিভাগ ফুটেজ সম্পাদনা কৰিছিল । "মই ৰাহুল ৰয়ৰ ঠিক কাষতে বহি আছিলো আৰু তেওঁলোকে মোক ফ্ৰেমৰ পৰা কাটি উলিয়াই দিলে । সুখৰ কথা, মই এগৰাকী সন্যাসী । মোৰ কোনো অহংকাৰ নাই । ই মোক দুঃখিত কৰে । মই যুৱ প্ৰতিভাশালী গায়কসকলক লগ পাইছিলো আৰু যথেষ্ট কথা পাতিছিলো ৷ কিন্তু টেলিকাষ্টত ইয়াৰ এটা শব্দও দেখুওৱা হোৱা নাছিল । মই এই বিষয় এৰি দিছিলো । মই চ’নী, সম্পাদক বা অইন কাকো দোষাৰোপ কৰিব নিবিচাৰো"- অনুৱে কয় ।

অভিনেত্ৰীগৰাকীয়ে আৰু কয় যে তেওঁৰ প্ৰেৰণাদায়ক আলোচনাই ফাইনেল কাটত স্থান নোপোৱাৰ বাবে তেওঁ “দুখ” পাইছে । অনুৱে খণ্ডটোৰ বাবে শ্বুটিং কৰাৰ সময়ত লাভ কৰা মৰম আৰু সকলোৰে আদৰণীয় ব্যৱহাৰৰ কথাও কয় । তেওঁ কয় যে মঞ্চত খোজ কাঢ়ি যোৱাৰ সময়ত কুমাৰ ছানুৱে থিয় হৈ হাত চাপৰি বজাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ সৈতে দৰ্শকেও যোগ দিছিল ।

আশিকী ছবিখন ইয়াৰ কাহিনী আৰু ৰাহুল-অনুৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীৰ বাবে স্মৰণীয় । তদুপৰি কুমাৰ চানু, উদিত নাৰায়ণ, নীতিন মুকেশ, অনুৰাধা পোড়ৱালে গোৱা জানে জিগাৰ জানেমান, মে দুনিয়া ভুলা ডুংগা, নাজাৰ কে সামনে আদি সুৰীয়া গীতসমূহৰ বাবেও ই হিট হৈ পৰিছিল ।

আশিকীৰ পিছত অনু একে নিশাৰ ভিতৰতে তাৰকা হৈ পৰিছিল । অৱশ্যে তেওঁৰ কেৰিয়াৰ অলপ সময়ৰ বাবেহে আছিল কিয়নো তেওঁ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু দুৰ্ঘটনাৰ পিছত মুখখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল । আকৰ্ষণীয় পৃথিৱীখন এৰি অনুৱে আধ্যাত্মিক আহ্বান অনুসৰণ কৰে । এতিয়া তেওঁ অনু আগৰৱাল ফাউণ্ডেচন (এএএফ) নামৰ সংস্থাটোৰ মূৰব্বী ৷ তেওঁ আত্মনিৰ্ভৰ ভাৰত বঁটাও লাভ কৰিছে ।

লগতে পঢ়ক : বৈবাহিক জীৱন আধৰুৱা হৈ ৰোৱা দক্ষিণৰ তাৰকাসকলৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.