ETV Bharat / entertainment

Tiger 3 poster out: ভাইজানৰ অনুৰাগীৰ বাবে সুখবৰ! পুনৰ আহি আছে টাইগাৰ

ছলমান খানৰ অনুৰাগীৰ বাবে সু-খবৰ! টাইগাৰ আৰু জয়াৰ চৰিত্ৰত পুনৰ ঘূৰি আহি আছে ছলমান খান আৰু কেটৰিনা কাইফ ।

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 12:06 PM IST

Aa Raha Hoon! Salman Khan and Katrina Kaif's intense first poster from Tiger 3 poster is out
ভাইজানৰ অনুৰাগীৰ বাবে সুখবৰ! পুনৰ আহি আছে টাইগাৰ

চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ: ছলমান খানৰ শেষৰ কেইখনমান ছবি ফ্লপ হোৱাৰ পিছত বৰ্তমান অনুৰাগীসকল চিন্তিত হৈ পৰিছে । স্বয়ং ছলমানৰো এতিয়া চিন্তা বৃদ্ধি পাবলৈ ধৰিছে । তেওঁৰ কিচি কা ভাই কিচি কি জান ক্যা ফ্লপ হোৱা পিছতেই ভৱিষ্যতে তেওঁ নিজৰ কামৰ শৈলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়া তেওঁ বন্ধুত্বৰ ছবি কৰা আৰু উদ্যোগটোত বন্ধুত্ব বজাই ৰাখিবলৈ ফ্লপ অভিনেতাৰ সৈতে কাম কৰা বন্ধ কৰি দিছে । ডাঙৰ ডাঙৰ প্ৰযোজক-পৰিচালক বন্ধুৰ সৈতে কাম কৰাৰ প্ৰস্তুতি চলাইছে ।

ইয়াৰ মাজতে আজি অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে বলীউডত জনপ্ৰিয়তা অৰ্জন কৰা টাইগাৰৰ খণ্ড 3ৰ কথা ঘোষণা কৰে ৷ হয়, আপোনালোকে ঠিকেই পঢ়িছে ৷ পুনৰবাৰ ডাঙৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব ছলমান আৰু কেটৰিণা কাইফক ৷ ইয়াৰ লগতে আগন্তুক দীপাৱলীত উপহাৰ স্বৰূপ দৰ্শকক টাইগাৰ 3ক আগবঢ়াবলৈ ওলাইছে ৷ কিছু সময় পূৰ্বে তেওঁ ইনষ্টাগ্ৰামযোগে টাইগাৰ ৩ৰ পোষ্টাৰ শ্বেয়াৰ কৰে লগতে তেওঁ কেপশ্বনত লিখিছে যে-

আ ৰহা হুন! #Tiger3 on Diwali 2023. #YRF50 ৰ সৈতে #Tiger3 শীঘ্ৰেই আপোনাৰ ওচৰৰ ডাঙৰ পৰ্দাত ।

পুনৰবাৰ ডাঙৰ পৰ্দাত পূৰ্বে টাইগাৰৰ দুটা খণ্ডত দেখিবলৈ পোৱাৰ দৰে ঠিক একেই এক্সন, ষ্টান্ট, আৰু ৰোমাঞ্চ দৰ্শকে দেখিবলৈ পাব ৷ সেইবাবেই এতিয়া দৰ্শকৰ মাজত অতি উৎসাহ তথা আগ্ৰহ দেখিবলৈ পোৱা গৈছে ৷ ইফালে অনুৰাগী এই পোষ্টাৰ লাভ কৰাৰ পিছতেই কমেন্টত টাইগাৰ, ভাইজান ইজ বেক আদি কমেন্টেৰে ভৰাই তোলে ৷

উল্লেখ্য যে, ছলমান খানৰ অনুৰাগীসকলে শুনি সকাহ পাব যে তেওঁৰ টাইগাৰ ৩ৰ পিছত ২০২৪ আৰু ২০২৫ চনৰ লাইন আপ চূড়ান্ত হৈছে ।

সূত্ৰ অনুসৰি, চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাবলগীয়া টাইগাৰ ৩ৰ পিছত ছলমান খানে শ্বুটিং কৰিবলগীয়া তিনিখন ছবি হ’ল: পাঠান vs টাইগাৰ, তাৰ পিছত প্ৰযোজক কৰণ জোহৰৰ শিৰোনামহীন ছবি আৰু তৃতীয়খন সূৰাজ বৰজাত্যৰ পাৰিবাৰিক-ৰোমান্টিক নাটকীয় ছবি । যাৰ ইম্প্ৰভাইজড টাইটেল প্ৰেম কী শ্বাদি বুলি কোৱা হৈছে ।

মন কৰিবলগীয়া যে, টাইগাৰ ৩ৰ পৰা ছলমানৰ বহু আশা আৰু বক্স অফিচত শ্বাহৰুখৰ পাঠানৰ সৈতে ইয়াক সংঘৰ্ষত পৰিণত কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে । এই ক্ষেত্ৰত ছলমানক সহায় কৰি আছে খোদ শ্বাহৰুখ খানে । শ্বাহৰুখৰ সৈতে ছলমানে যিদৰে পাঠানত কেমিঅ’ ৰ’ল কৰিছিল, একেদৰে শ্বাহৰুখকো ছলমানৰ ছবিখনত দেখা যাব বুলি খবৰ আহি পৰিছে ।

লগতে পঢ়ক: Jawan Advance Booking: শ্বাহৰুখ খানৰ জৱানৰ যাদু, এডভান্স বুকিং আৰম্ভ হোৱাৰ লগে লগে বিক্ৰী হ’ল হাজাৰ হাজাৰ টিকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.