চিটাৰা ডেস্ক, 25 জুলাই: অভিনেতা জয় ভানুশালি আৰু মাহী বিজৰ কন্যা তাৰা ছ’চিয়েল মিডিয়াৰ চেন্সেশন । প্ৰায়ে জয়-মাহীৰ মৰম লগা কন্যাগৰাকীৰ মৰমলগা ভিডিঅ’বোৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা যায় আৰু অনুৰাগীসকলেও পছন্দ কৰে তাৰাৰ মৰম লগা ভিডিঅ’বোৰ ৷ তাৰাৰ নামত এটা ইনষ্টাগ্ৰাম একাউণ্টো আছে, যিটো তেওঁৰ মাতৃ মাহী বিজে ব্যৱহাৰ কৰে ৷ জয় আৰু মাহীৰ কন্যাৰ ভিডিঅ’ এই একাউন্টটোত পোষ্ট কৰে ।
শেহতীয়াকৈ তাৰাৰ একাউণ্টৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল । এই ভিডিঅ’টোত তাৰাই নামাজ পঢ়া দেখা গৈছে। ভিডিঅ’টোৰ কেপচনত লিখা আছিল- ‘Shukran’।
এই ভিডিঅ’টোৰ বাবে ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হয় তাৰা ভানুশালি
এই ভিডিঅ’টো চোৱাৰ পিচত ইউজাৰে কণমানিজনীক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে- 'আপোনাৰ ছোৱালীক কেতিয়াও পূজা কৰা দেখা নগ’ল । সকলো ধৰ্মক সন্মান কৰক কিন্তু আপুনি যি ধৰ্মত জন্ম লৈছে সেই ধৰ্মতে জীয়াই থাকক। যদি ইমান মৰমলগা বুলি ভাবে তেন্তে মুছলমান ধৰ্ম গ্ৰহণ কৰক।’ এনেধৰণৰ বহু মন্তব্যৰে ভৰি পৰিছে তাৰা কমেন্ট বক্স ।
ইয়াৰ পিচত মাহি বিজে সমালোচনা কৰা সকলক উপযুক্ত উত্তৰ দিয়ে । ইয়াৰ পিচ মুহূৰ্তত মাহীয়ে তাৰাৰ মন্দিৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । এই ভিডিঅ’টোত তাৰাক মন্দিৰত হাত ভাঁজ কৰি পূজা কৰা দেখা গৈছে। ভিডিঅ’টোত তাৰাক তিলকৰ সৈতে ধৰ্মীয় সাজ-পোছাক পৰিধান কৰা দেখা গৈছে।
এই ভিডিঅ’টোৰ কেপচনত মাহীয়ে লিখিছে – ধৰ্মক ধেমালি কৰা সেই আৱৰ্জনা মানুহবোৰৰ বাবে এইটো ভিডিঅ’ । আপুনি তাৰাক আনফ’ল’ কৰিব পাৰে । তাৰাক ঘৃণা কৰা মানুহ নিবিচাৰো । এগৰাকী মাতৃ হিচাপে মই জানো মই কি শিকাইছো । ক্ষুদ্ৰ মনৰ মানুহ । ইমান ঘৃণা দেখি দুখ লাগিল । মোৰ কন্যাৰ কথা চিন্তা নকৰিব, আপুনি আপোনাৰ ল’ৰা-ছোৱালীক ভাল শিক্ষা দিয়ক ৷
লগতে পঢ়ক: Maithili Thakur Birthday: চাৰি বছৰ বয়সৰ পৰাই আৰম্ভ সংগীতৰ যাত্ৰা; ছয়বাৰ বিফল; অৱশেষত সফলতাৰ শীৰ্ষত