ETV Bharat / entertainment

এইগৰাকী অভিনেতাৰ সৈতে কাম কৰিব বিচাৰে 12th Fail ৰ অভিনেত্ৰী মেধা শংকৰে

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 1:00 PM IST

Medha Shankar: ‘12th Fail’ ছবিখনত উজ্জ্বল অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেত্ৰী মেধা শংকৰে শেহতীয়াকৈ বলীউডৰ এইগৰাকী সুদৰ্শন অভিনেতাৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।

12th Fail actress Medha Shankr manifesting to work with Ranbir Kapoor
12th Fail ৰ অভিনেত্ৰী মেধা শংকৰ

চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: বৰ্তমান চৰ্চাত বিধু বিনোদ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত ছবি ‘12th Fail’ । বক্স অফিচৰ পৰা দৰ্শকৰ হৃদয়লৈকে ছবিখনে অপৰিসীম সফলতা অৰ্জন কৰিছে । ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । ইফালে এই ছবিখনৰ পৰা জনপ্ৰিয় হৈ উঠিল অভিনেত্ৰী মেধা শংকৰ, যিয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বৃদ্ধি পাইছে তেওঁৰ ফ’ল’ৱাৰছ । ইফালে এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে ভৱিষ্যতে কোনগৰাকী অভিনেতাৰ সৈতে কাম কৰিব বিচাৰে তাৰ ইচ্ছা প্ৰকাশ কৰিছে । ইয়াকে লৈ এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে ৷

এইগৰাকী জনপ্ৰিয় অভিনেতাৰ সৈতে কাম কৰিব বিচাৰে মেধাই

অভিনেত্ৰী মেধা শংকৰে এইকেইদিন ‘12th Fail’ত শ্ৰদ্ধা শুক্লাৰ চৰিত্ৰত অভিনয় কৰি চৰ্চা লাভ কৰিছে । ছবিখন চোৱাৰ পিচত তেওঁৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে । এতিয়া শেহতীয়াকৈ যেতিয়া মেধাক সোধা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কোনজন অভিনেতাৰ সৈতে কাম কৰিব বিচাৰে ? তেতিয়া তেওঁ কৈছিল ‘‘মাত্ৰ এজন আৰু সেয়া হৈছে ৰণবীৰ কাপুৰ ।’’

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া

ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে মেধা শংকৰৰ এই সাক্ষাৎকাৰটো । সাক্ষাৎকাৰটো ভাইৰেল হোৱাৰ পাচৰে পৰা একাংশ ইউজাৰে তেওঁক ভাবি ৩ বুলি অভিহিত কৰিছে ৷ ভাবি ৩ বুলি কিয় কৈছে সেয়া হয়তো আপুনি গ’মে পাইছে ৷ হয়, শেহতীয়াকৈ মুক্তি পাইছিল ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ ৷ এই ছবিখনত ৰণবীৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল ৰশ্মিকা মন্দন্নাই ৷ ইফালে ছবিখনত ভাবি ২ ৰ চৰিত্ৰত অভিনয় কৰিছিল তৃপ্তি ডিমৰীয়ে ৷ এই চৰিত্ৰটোত অভিনয় কৰি নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰে তৃপ্তি ৷ ছ’চিয়েল মিডিয়াত একাংশই তেওঁ ভাবি ২ বুলি অভিহিত কৰিছে ৷ এতিয়া মেধাই ৰণবীৰৰ সৈতে কাম কৰাৰ ইচ্ছা প্ৰকাশৰ কৰাৰ পাচতে একাংশই তেওঁ ভাবি ৩ বুলি আখ্যা দিয়ে ৷

একাংশই কৈছে যে ৰণবীৰ কাপুৰে এই প্ৰজন্মৰ সকলো অভিনেত্ৰীকে অশান্তি দিছে । এজনে লিখিছে, ‘‘তেওঁ অল টাইম ব্লকবাষ্টাৰ ছবি এনিমেল দিছে, সেইবাবেই সকলোৱে তেওঁৰ আৰু শ্বাহৰুখ খানৰ নামহে লৈছে ।’

বিফল হোৱা এজন আই পি এছ বিষয়াৰ সত্য কাহিনী দেখুওৱা হৈছে ‘12th Fail’ত

২৭ অক্টোবৰত মুক্তি পোৱা ‘12th Fail’ অনুৰাগ পাঠকৰ একে শিৰোনামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ছবি । বাস্তৱ জীৱনৰ আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মা আৰু আই আৰ এছ বিষয়া শ্ৰদ্ধা যোশীৰ কাহিনীৰ আধাৰত নিৰ্মিত । ছবিখনৰ কাহিনী দৰ্শকে যথেষ্ট ভাল পাইছে । দৰ্শকে ‘12th Fail’ক ২০২৩ চনৰ শ্ৰেষ্ঠ ছবি হিচাপে টেগ কৰিছে । একে সময়তে এই ছবিখনে IMDb ত ১০ ৰ ভিতৰত ৯.২ ৰেটিং লাভ কৰিছে । ছবিখনৰ সফলতাৰ পিচত বলীউড জগতত বিক্ৰান্ত মচ্ছীৰ উচ্চতা বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ১২th fail ছবিখনে মোহিলে কংগনা ৰনৌতক, বিক্ৰান্ত মচ্ছীৰ প্ৰশংসাত অভিনেত্ৰীগৰাকীয়ে ক’লে এই ডাঙৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.