ETV Bharat / entertainment

Mission Impossible 7 box office collection day 4 : ভাৰতত এতিয়াও আছে টম ক্ৰুজৰ জনপ্ৰিয়তা ! - Mission Impossible 7 in India

টম ক্ৰুজৰ সদ্য মুক্তিপ্ৰাপ্ত 'Mission: Impossible Dead Reckoning Part One' ছবিখনে ভাৰতত ব্যাপক সমাদৰ লাভ কৰিছে । শনিবাৰে ১৬ কোটি টকা উপাৰ্জন ছবিখনৰ । এতিয়ালৈ প্ৰায় ৪৫ কোটি টকা উপাৰ্জন কৰিছে বিদেশী ছবিখনে ।

Mission Impossible 7
ভাৰতত এতিয়াও আছে টম ক্ৰুজৰ জনপ্ৰিয়তা
author img

By

Published : Jul 16, 2023, 1:00 PM IST

চিটাৰা,১৬ জুলাই : হলীউডৰ তাৰকা টম ক্ৰুজৰ সদ্য মুক্তিপ্ৰাপ্ত 'Mission: Impossible Dead Reckoning Part One' ছবিখনে বক্স অফিছত খলকনি তুলিছে । কেৱল বিদেশতে নহয় ভাৰতীয় বক্স অফিছতো দেখা গৈছে ছবিখনৰ বৃহৎ সফলতা । মুক্তিৰ প্ৰথমটো শনিবাৰতে ভাৰতত ছবিখনে ১৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

'Mission Impossible' ছিৰিজৰ বাকী কেইটা সংস্কৰণৰ লগতে সপ্তম সংস্কৰণেও ইতিমধ্যে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইথান হান্ট আৰু ক্ৰিষ্টোফাৰ মেককুৱেৰীৰ চৰিত্ৰত অভিনয় কৰা ছবিখনৰ পৰিচালক তথা অভিনেতা টম ক্ৰুজক চাবলৈ ছবিগৃহবোৰত ভিৰ দেখা গৈছে । প্ৰথমটো শনিবাৰৰ উপাৰ্জনে ভাৰতত এতিয়ালৈকে চলচ্চিত্ৰখনৰ সৰ্বাধিক সংগ্ৰহ হিচাপে চিহ্নিত হৈছে ।

'Mission: Impossible Dead Reckoning Part One' ভাৰতত এক শক্তিশালী আৰম্ভণিৰ সৈতে মুকলি হৈছিল । প্ৰথম দিনা উপাৰ্জন আছিল ১২.৩ কোটি টকা । লাহে লাহে ভাৰতীয় দৰ্শক ছবিখনৰ প্ৰতি অধিক আগ্ৰহী হোৱা দেখা গৈছে । তথ্য অনুসৰি ছবিখনে ভাৰতত শনিবাৰলৈ মুঠ ৪৬.২০ কোটি টকা সংগ্ৰহ কৰিছে । এই উৎকৃষ্ট প্ৰদৰ্শনে ভাৰতীয় বক্স অফিছত ছবিখনে বৃহৎ সফলতাৰ দিশে আগবাঢ়িছে ।

ছবিখনে দৰ্শকসকলক এক ৰোমাঞ্চকৰ দুঃসাহসিক অভিযানৰ আমোদি দিবলৈ সক্ষম হৈছে । কিয়নো ইথান হান্টৰ চৰিত্ৰত টমে আৰু তেওঁৰ গুপ্তচৰ সংস্থা ইম্পছিবল মিছন ফ'ৰ্চে ভয়ংকৰ অভিযান সম্পন্ন কৰে । ক্ৰুজৰ লগতে ছবিখনত তাৰকা ৰেবেকা ফাৰ্গুচন, চাইমন পেগ, হেইলি এটৱেল, ভেনেছা কাৰ্বি, হেনৰী চেৰ্নি, পম ক্লেমেণ্টিয়েফ, এচাই মোৰালেছ, শ্বিয়া ৱিগাম, গ্ৰেগ টাৰ্জান ডেভিছ, কেৰী এলৱেছ, ফ্ৰেডৰিক শ্মিট আৰু মাৰিলা গাৰিগাকে ধৰি বহু জনপ্ৰিয় কলা-কুশলীক দেখা গৈছে । তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনে ছবিখনৰ চৰিত্ৰবোৰ এক জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে ।

ট্ৰেকাৰ চাকনিলকৰ মতে ছবিখনে কেৱল শনিবাৰৰ দিনটোত বিভিন্ন ভাষাত আনুমানিক ১৬ কোটি টকা উপাৰ্জন কৰিছে । ছবিখনে শুকুৰবাৰে ৯.১৫ কোটি টকা আৰু বৃহস্পতিবাৰে ৮.৭৫ কোটি টকা সংগ্ৰহ কৰে ।

অৱশ্যে ভাৰতত ছবিখনৰ উপাৰ্জন বৃদ্ধি পালেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বক্স অফিচত ছবিখনৰ প্ৰদৰ্শন সামান্য হ্ৰাস পাইছে । ৫ দিনীয়া যাত্ৰাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বক্স অফিচত ছবিখনৰ উপাৰ্জন হৈছে ৭৮ নিযুত ডলাৰ । তথাপিও, ছবিখনৰ আন্তৰ্জাতিক সফলতা, বিশেষকৈ ভাৰতত ইয়াৰ শক্তিশালী উপাৰ্জনে ক্ৰুজৰ লগতে আৰু তেওঁৰ ফ্ৰেঞ্চাইজিক উৎসাহিত কৰি তুলিছে ।

লগতে পঢ়ক :Main Atal Hoon: ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ এক চিনাকী মুখ, চিনি পাইছেনে কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.