ETV Bharat / entertainment

Paul Reubens Died: কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে আমেৰিকান অভিনেতা পল ৰুবেন্সৰ - অভিনেতা পল ৰুবেন্সৰ মৃত্যু

আমেৰিকান অভিনেতা পল ৰুবেন্সৰ মৃত্যু । ৭০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে অভিনেতাগৰাকীয়ে ৷

Actor Paul Reubens, best known for his iconic Pee-wee Herman character, dies from cancer
পল ৰুবেন্সৰ মৃত্যু
author img

By

Published : Aug 1, 2023, 12:55 PM IST

চিটাৰা ডেস্ক, 1 আগষ্ট: হলীউডৰ পৰা আহিছে এটা দু-খবৰ ৷ দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰে আমেৰিকাৰ অভিনেতা পল ৰুবেন্সে । ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল আমেৰিকান অভিনেতাগৰাকী । এই তথ্য শ্বেয়াৰ কৰিছে তেওঁৰ পি আৰ টিমে ।

বহু ছবিত অভিনয় কৰিছিল পল ৰুবেন্সে

উৎকৃষ্ট চৰিত্ৰৰ বাবে পৰিচিত অভিনেতা পল ৰুবেন্স । বহু ছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছে অভিনেতাগৰাকী । কমেডিয়ান অভিনেতা হিচাপে তেওঁ খ্যাতি লাভ কৰিছিল । তেওঁৰ মৃত্যুত ক্ষতিসাধন হৈছে আমেৰিকাৰ চলচ্চিত্ৰ জগতখনৰ ।

যোৱা ছবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত আছিল

অভিনেতা পল ৰুবেন্সে যোৱা ছবছৰ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছিল বুলি অভিনেতাজনৰ পি আৰ টিমে প্ৰকাশ কৰিছে ।

অভিনেতাগৰাকীৰ ভাষাত পি আৰে কয়, মোৰ বন্ধু-বান্ধৱী, অনুৰাগী আৰু সমৰ্থকসকলৰ পৰা সদায় অপৰিসীম মৰম আৰু সন্মান পাই আহিছো । মই আপোনালোক সকলোকে বহুত ভালপাওঁ ।

উল্লেখ্য যে, পল ৰুবেন্সে ১৯৭০ চনত পি-ৱিৰ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ পিচতে তেওঁ জনপ্ৰিয় হৈ পৰিছিল ৷ এই চৰিত্ৰৰ বাবেই তেওঁ জনসাধাৰণৰ মাজত নিজৰ স্থান বনাবলৈ সক্ষম হৈছিল । এই চৰিত্ৰত অনুৰাগীয়ে তেওঁক পছন্দ কৰিছিল ৷ এই চৰিত্ৰটোৱে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়কে মনোৰঞ্জন দিছিল ৷

পি-ৱি হাৰ্মানৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ ১৯৯২ চনৰ বাফী দ্য ভেম্পায়াৰ স্লেয়াৰৰ মূল ছবিখনৰ লগতে টিভি শ্ব' ৩০ ৰক, দ্য ব্লেকলিষ্ট, গ'থাম, আৰু ৱাট উই ডু ইন দ্য শ্বেড'ছতো অভিনয় কৰিছিল । ৰুবেন্সৰ এজন প্ৰতিনিধিয়ে নিশ্চিত কৰিছে যে, অভিনেতাজনে মৃত্যুৰ পূৰ্বে স্মৃতিগ্ৰন্থৰ প্ৰথম খচৰা লিখিছিল বুলি পিপল ৰিপ’ৰ্টত প্ৰকাশ পাইছে । ১৯৮৮ চনত হলিউডৰ ৱাক অৱ ফেমত তাৰকা হিচাপে সন্মানিত হৈছিল ৰুবেন্স ।

লগতে পঢ়ক: Singer Death : পুত্ৰ শোকত বিহ্বল হৈ সাংসাৰিক জীৱন ত্যাগ; অৱশেষত মৃত্যুক আঁকোৱালি ল’লে এইগৰাকী গায়িকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.